আজিৰ সম্পাদকীয়,খেল আৰু ৰাজনীতি....
Dainik Janambhumi
August 10, 2024
আজিৰ সম্পাদকীয়,খেল আৰু ৰাজনীতি....
ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষৰ সমাজিক-ৰাজনৈতিক বাতাৱৰণৰ বিগত প্ৰায় দহ বছৰ ধৰি বিশেষভাৱে অৱনতি ঘটিছে৷ সমাজিক-শৈক্ষিক-ৰাজনৈতিক পৰিৱেশ বিঘ্নিত হ’লে তাৰ কুপ্ৰভাৱ প্ৰায় সকলো ক্ষেত্ৰতে পৰে৷ ইয়াৰ ভিতৰত ক্ৰীড়া জগত আৰু শিক্ষা জগতৰ প্ৰসংগ বিশেষভাৱে জড়িত৷ কাৰণ এই দুয়োটা ক্ষেত্ৰতে কঠোৰ সাধনাৰ প্ৰয়োজন৷ নিৰ্দিষ্ট বিষয়ত মনোযোগ দিয়াৰ অভ্যাস কৰাৰ প্ৰয়োজন৷ পৰিস্থিতি যদি কোনো কাৰণত বিঘ্নিত হয়, তেন্তে খেলুৱৈ এগৰাকী বা ছাত্ৰ-ছাত্ৰীৰ মন সংযোগত ব্যাঘাত জন্মিব পাৰে৷ ইয়াৰ ফলত নিৰ্দিষ্ট বিষয়ত একাগ্ৰচিত্তে, মন-প্ৰাণ সপি দি সাধনা কৰাৰ ক্ষেত্ৰত অন্তৰায় আহিব পাৰে৷ বৰ্তমান ফ্ৰান্সৰ পেৰিছ মহানগৰীত অলিম্পিক খেলা চলি আছে৷
অলিম্পিকক কোৱা হয় দ্য গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ বা পৃথিৱীৰ শ্ৰেষ্ঠতম চাবলগীয়া-উপভোগ কৰিবলগা অতি উচ্ছমানৰ অনুষ্ঠান৷ বিশ্ব ক্ৰীড়াৰ এই মহান ৰণাংগনত সকলো দেশৰ বিভিন্ন খেলৰ খেলুৱৈসকলে নিজৰ ক্ৰীড়া নৈপুন্য প্ৰদৰ্শনৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত একো একোজন খেলুৱৈয়ে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি অভিলেখ ৰচনা কৰে৷ ভাৰতবৰ্ষইও এইবাৰৰ পেৰিছ অলিম্পিকত অংশ লৈছে৷ কিন্তু কেইটা বিশেষ ঘটনাই ভাৰতৰ প্ৰদৰ্শন আকৰ্ষণীয় পৰ্যায়লৈযোৱাৰ পাছতো আশা কৰা মতে খেলুৱৈয়ে প্ৰদৰ্শন কৰাৰ পাছতো শুভফল পোৱাৰ পৰা খেলুৱৈক বঞ্চিত কৰিছে৷ মহিলা মল্লযোদ্ধা বিনেশ ফোগাতৰ দৃষ্টান্ত এই ক্ষেত্ৰত বিশেষ উল্লেখযোগ্য৷
ভাৰতৰ অলিম্পিক ক্ৰীড়াত যোৱা কিছু বছৰ ধৰি যিকেইটা শাখাত ভাল প্ৰদৰ্শন হৈ আহিছে তাৰ ভিতৰত আছে মহিলাৰ বক্সিং আৰু ৰেষ্টলিং বা মল্লযুদ্ধ৷ অলিম্পিকৰ বক্সিঙৰ প্ৰদৰ্শন বুলিলেই আমাৰ মনলৈ আহে মেৰিকম, মীৰাবাঈ চানু, লাভলীনা বৰগোহাঁই আদিৰ নাম৷ ইয়াৰ পাছতে অলিম্পিকত ভাল প্ৰদৰ্শন হয় মল্লযুদ্ধত৷ আমাৰ মহিলা মল্লযোদ্ধাসকলৰ প্ৰদৰ্শনক লৈ দেশবাসী বিশেষভাৱে উৎফুল্লিত হয়৷ কিন্তু অত্যন্ত পৰিতাপৰ কথা এয়ে যে মহিলা বক্সিং খেলুৱৈৰ বাবে বিশেষভাৱে পৰিচিত মণিপুৰ ৰাজ্য যোৱা প্ৰায় এবছৰৰ আগৰ পৰাই গোষ্ঠী সংঘৰ্ষত প্ৰায় বিধ্বস্ত৷ সহস্ৰাধিক নৰ-নাৰীয়ে প্ৰাণ হেৰুৱালে৷ নাৰী ধৰ্ষিতা হ’ল৷ ঘৰ-ধৰ্মানুষ্ঠান আদি জুইত জাহ গ’ল৷ অথচ কেন্দ্ৰ আৰু ৰাজ্যৰ চৰকাৰে কৰিব লগা বিশেষ একো নকৰিলে৷ মণিপুৰৰ খেলুৱৈসকল, সাংস্কৃতিক কৰ্মী, সমাজকৰ্মী সকলোৱেই চৰকাৰলৈ আহবান জনালে পৰিস্থিতি শান্ত কৰাৰ স্বাৰ্থত ব্যৱস্থা ল’বলৈ৷ প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিষয়টো এৰাই চলিলে৷ মণিপুৰত আৰু খেলাৰ তথা অলিম্পিকৰ বাবে কঠোৰ অনুশীলন কৰি প্ৰস্তুতি চলোৱাৰ কোনো পৰিৱেশ নাছিল৷ মীৰাবাঈ চানু, মেৰিকমহঁত হতাশ হৈ পৰিল৷ নতুন খেলুৱৈয়ে প্ৰস্তুতিৰ বাবে প্ৰয়োজনীয় উদ্যম হেৰুৱাই পেলালে৷ কপট ৰাজনীতিয়ে মণিপুৰৰ ঐতিহ্যপূৰ্ণ ক্ৰীড়া জগতখনত এটা নেতিবাচক প্ৰভাৱ পেলালে৷
ভাৰতীয় ক্ৰীড়াৰ অলিম্পিক পৰ্যায়ত ভাল প্ৰদৰ্শনৰ ক্ষেত্ৰত অন্তৰায় সৃষ্টি কৰা আন এটা অতি দুৰ্ভাগ্যজনক আৰু লজ্জাজনক ঘটনা হ’ল আমাৰ মহিলা মল্লযোদ্ধাসকলে সন্মুখীন হ’ব লগা পৰিস্থিতি৷ পেৰিছ অলিম্পিকলৈ প্ৰায় এবছৰ আছিল৷ অলিম্পিকত অংশগ্ৰহণৰ বাবে বাছনিলৈ এবছৰতকৈও কম সময় আছিল৷ সেয়া আছিল মহিলা মল্লযোদ্ধা খেলুৱৈসকলৰ একাগ্ৰতাৰে কঠোৰ অনুশীলন কৰাৰ সময়৷ কিন্তু ভাৰতৰ মল্লযোদ্ধা বিষয়ক সমিতিৰ সভাপতি, এজন মাফিয়া তথা বিজেপি নেতা আৰু সাংসদ ব্ৰীজভূষণ চৰণ সিঙে আমাৰ মহিলা খেলুৱৈসকলক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উঠিল৷ লগে লগে আন মহিলা খেলুৱৈসকলেও ব্ৰীজভূষণ সিঙৰ পৰা লাভ কৰা অবাঞ্ছিত আচৰণৰ কথা ব্যক্ত কৰিলে৷ এগৰাকী কিশোৰী খেলুৱৈয়ে একাধিকবাৰ তেনে আচৰণ-উৎপীড়নৰ বলি হোৱাৰ কথা ক’লে৷ মল্লযোদ্ধাসকলে এই বিষয়ত ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰৰ সংশ্লিষ্ট বিভাগক অভিযোগ দিলে৷ খেলুৱৈসকলৰ সেয়াই অপৰাধ৷ বিষয়টো সম্পূৰ্ণ ৰাজনৈতিক৷ কাৰণ উত্তৰ প্ৰদেশৰ এটা বৃহৎ অঞ্চলৰ নিৰ্বাচনী ফলাফল নিৰূপণ কৰে ব্ৰীজভূষণে৷ গতিকে চৰণৰ আৰু চৰকাৰ চলোৱা দল উভয়েই ব্ৰীজভূষণক সুৰক্ষাহে দিলে৷ এই কথাত আত্মসন্মানত লগা খেলুৱৈসকলে অৱশেষত ব্ৰীজভূষণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত আন্দোলনৰ পথ ল’ব লগা হ’ল৷ কেন্দ্ৰীয় চৰকাৰ, উত্তৰ প্ৰদেশ চৰকাৰ উভয়েই খেলুৱৈসকলৰ প্ৰতি বিৰূপ হৈ পৰিল৷ প্ৰকৃত কৰ্তব্যৰ পথৰ পৰা আঁতৰি আহ্বি লগা হ’ল খেলুৱৈসকল৷ এটা সময়ত এই বিষয়ৰ এটা বুজাবুজি হ’ল৷ পলমকৈ হ’লেও খেলুৱৈসকল নিজৰ কৰ্তব্যলৈ গ’ল৷
আন্দোলনকাৰী মহিলা মল্লযোদ্ধা খেলুৱৈসকলৰে এগৰাকী হ’ল বিনেশ ফোগাত৷ অলিম্পিক ক্ৰীড়াত অংশ ল’বলৈ নিৰ্বাচিত হোৱাৰ দিন ধৰি তেওঁ নানা অসুবিধা পাই আহিছে৷ ক্ৰীড়া-সন্থা-সংগঠনৰ পৰা যাৱতীয় সহযোগিতা লাভ নকৰাৰ অভিযোগ তেওঁ বহুদিন পূৰ্বেই তুলিছিল৷ সাধাৰণতে ৫৩ কেজিৰ বিভাগত খেলা খেলুৱৈগৰাকীয়ে এইবাৰ ৫০ কেজি শাখাতো অংশ ল’ব লগা হ’ল৷ তেওঁ বিশ্বৰ শীৰ্ষ স্থানীয় খেলুৱৈক পৰাস্ত কৰি স্বৰ্ণপদক প্ৰাপ্তিৰ পথত আগবাঢ়িল৷ কিন্তু চূড়ান্ত খেলৰ আগতে তেওঁৰ দেহৰ ওজন ১০০ গ্ৰাম অধিক বুলি তেওঁক অংশ লোৱাৰ পৰা বিৰত কৰা হ’ল৷ অৰ্থাৎ আগদিনা যিগৰাকী খেলুৱৈ প্ৰতিযোগিতাৰ বাবে যোগ্য বিবেচিত হৈছিল, পাছদিনা হঠাতে আযোগ্য হৈ পৰিল৷ এই ক্ৰীড়া প্ৰতিযোগিতাত অংশ ল’বলৈ যোৱাৰ আগৰে পৰা ভাৰতৰ অলিম্পিক সমিতিৰ বিষয়ববীয়া, প্ৰশিক্ষক, আন সহযোগীসকলৰ পৰা কেনে ধৰণৰ সহযোগিতা পাইছিল বিনেশ ফোগাতে সেই সকলোখিনি কথা ইতিমধ্যে সামাজিক মাধ্যমত মুকলি কৰি দিছে৷ তাৰ পৰা আন্দোলনকাৰী খেলুৱৈগৰাকীৰ বিৰুদ্ধে ‘প্ৰতিশোধ’ লোৱাৰ এটা চক্ৰান্ত যে চলি আছিল সেই কথা স্পষ্ট হৈ পৰিছে৷ এইবোৰ নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰাৰ দৰে৷ ইতিমধ্যে দেশৰ সংসদতো বিষয়টোৰ ওপৰত আলোচনা হৈছে৷ দেশৰ ক্ৰীড়া প্ৰেমীয়ো মৰ্মাহত হৈছে৷ এনেকৈ যদি ক্ৰীড়াৰ ক্ষেত্ৰখনত ৰাজনীতিৰ কু আৰু ক্ষতিকৰ প্ৰভাৱ পৰে তেন্তে ভাৰতীয় ক্ৰীড়াৰ ভৱিষ্যৎ সংকটাপন্ন হ’ব৷
Share This