আজিৰ সম্পাদকীয়,ট্ৰাম্পৰ পুনৰুত্থান

Dainik Janambhumi November 08, 2024


ডিজিটেল ডেস্কঃ  আমেৰিকাৰ এইবাৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনক বহু দিশৰ পৰা অস্বাভাৱিক বুলিয়েই ক’ব লাগিব৷ চাৰি বছৰৰ আগতে ডেম’ক্ৰেটিক প্ৰাৰ্থী জ’ বাইডেনৰ হাতত পৰাস্ত হৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ চকীৰ পৰা অপসাৰিত হোৱা ড’নাল্ড ট্ৰাম্প চাৰিটা বছৰৰ বিৰতিৰ পাছতে পুনৰ ক্ষমতালৈ ঘূৰি আহিবলৈ সক্ষম হ’ব বুলি বিশ্বৰ অন্য দেশৰ কথা বাদ আমেৰিকাৰেই বেছিভাগ মানুহে ভবা নাছিল৷ তাতে বিশ্বৰ সৰ্বশক্তিমান দেশখনৰ ১৩২ বছৰীয়া ইতিহাসত পৰাজিত ৰাষ্ট্ৰপতি হোৱাইট হাউছলৈ সদম্ভে উভতি অহাৰ নজিৰেই নাই৷ তদুপৰি, ট্ৰাম্প এনেকুৱা প্ৰাৰ্থীও নাছিল যে দক্ষতা কিম্বা আকৰ্ষণীয় ব্যক্তিত্বৰে তেওঁ মাৰ্কিন জনতাক উলাই কৰিব নোৱাৰাকৈ বিমুগ্ধ কৰি ৰাখিব পাৰিছিল৷ বৰঞ্চ তেওঁৰ পূৰ্বৰ ৰাষ্ট্ৰপতিৰ সমগ্ৰ কাৰ্যকলাপ আছিল অজস্ৰ বিতৰ্কৰে ভৰা৷ ১৯৭৩ চনৰ পৰা ২০১৬ চনত প্ৰথমবাৰ মাৰ্কিন ৰাষ্ট্ৰপতি হোৱালৈকে ড’নাল্ড ট্ৰাম্প আৰু তেওঁৰ ব্যাৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে আমেৰিকাৰ ফেডাৰেল আৰু প্ৰাদেশিক বিভিন্ন আদালতত চাৰি হেজাৰতকৈও অধিক গোচৰ ৰুজু হৈছিল৷ ৭৮ বছৰীয়া ট্ৰাম্পেই আমেৰিকাৰ একমাত্ৰ ৰাষ্ট্ৰপতি যি আমেৰিকাৰ আদালতত ফৌজদাৰী অপৰাধৰ বাবে দোষী সাব্যস্ত হৈছে৷ ১৯৭৩ চনৰ পৰা চ্ছগৰাকী মহিলাই ট্ৰাম্পৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ মুকলিকৈ উত্থাপন কৰিছে৷ তদুপৰি, আমেৰিকাৰ ড’নাল্ড ট্ৰাম্পেই একমাত্ৰ ৰাষ্ট্ৰপতি যাক দেশখনৰ হাউছ অব্‌ ৰিপ্ৰেজেণ্টেটিভে দুবাৰকৈ মহাঅভিযোগত অভিযুক্ত কৰিছে৷ ইয়াৰ পূৰ্বে আন দুগৰাকী ৰাষ্ট্ৰপতি ক্ৰমে এণ্ড্ৰিউ জনছন আৰু বিল ক্লিণ্টনৰ বিৰুদ্ধে সদনত এবাৰকৈ মহাভিযোগ উত্থাপন হৈছিল৷ অপৰাধ বা ৰাজহুৱা জীৱনৰ এনেকুৱা নেতিবাচক দিশবোৰৰ বিস্তাৰিত আলোচনালৈ নগৈ এটা কথাই ক’ব পাৰি যে ট্ৰাম্পৰ দৰে অদ্ভুত প্ৰকৃতিৰ ৰাষ্ট্ৰপতি আমেৰিকাৰ ইতিহাসত নাই৷

 

তেনে এগৰাকী ব্যক্তিকে আমেৰিকাৰ জনতাই পুনৰ হোৱাইট হাউছলৈ ৰঙা দলিচা পাৰি আগবঢ়াই দিয়াটো আশ্চৰ্যকৰ ঘটনা বুলিয়েই ক’ব লাগিব৷ এইবাৰৰ নিৰ্বাচনটোত অৱশ্যে প্ৰতিদ্বন্দ্বী ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থিত্বক লৈ প্ৰথমৰে পৰা যথেষ্ট বেমেজালি পৰিলক্ষিত হৈছিল৷ প্ৰথম অৱস্থাত বৰ্তমানৰ ৰাষ্ট্ৰপতি জ’ বাইডেনেই ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’বলৈ মনস্থ কৰি তাৰ আনুষ্ঠানিক প্ৰক্ৰিয়া আগবঢ়াই নিছিলেই৷ কিন্তু স্মৃতি বিভ্ৰমতাৰ কাৰণে বাইডেনে ট্ৰাম্পৰ সৈতে হোৱা ৰাজহুৱা বিতৰ্কবিলাকত যথোচিতভাৱে বক্তব্য আগবঢ়োৱাত ব্যৰ্থ হৈছিল৷ তেনে অৱস্থাৰে যুঁজখন আগবঢ়াই নিয়াটো সহজ নহ’ব বুলি গণ্য কৰি পাছত বাইডেনে প্ৰতিদ্বন্দ্বিতাৰ পৰা নাম প্ৰত্যাহাৰ কৰি তেওঁৰ প্ৰধান সহকাৰী আফ্ৰিকীয়-ভাৰতীয় মূলোদ্ভৱ নেত্ৰী কমলা হেৰিছক যুঁজলৈ আগবঢ়াই দিয়ে৷ প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত এনেকুৱা বেমেজালি হ’লেও যুঁজত কমলা হেৰিছ নমাত লগে লগে দৃশ্যপটেই সলনি হৈ গৈছিল৷ প্ৰথম অৱস্থাত হেৰিছে বিপুল জনসমৰ্থন লাভ কৰা পৰিলক্ষিত হৈছিল৷ ট্ৰাম্প যথেষ্ট পিছপৰি আছিল৷ পিছলৈ ট্ৰাম্পে জনসমৰ্থন বহুলাংশে তেওঁৰ পক্ষে আনিবলৈ সক্ষম হ’লেও নিৰ্বাচনৰ আগমুহূৰ্ততো দেশখনৰ নিৰ্বাচনী সমীক্ষাকাৰীসকলে কাণে কাণ মাৰি হেৰিছ জিকিব বুলিয়েই পূৰ্বানুমান ব্যক্ত কৰি আছিল৷ কিন্তু নিৰ্বাচনত সকলো ওলট-পালট হৈ গ’ল৷ অবিশ্বাস্যভাৱে ডেম’ক্ৰেটিক দলৰ পৰম্পৰাগত ভোটো শেষ মুহূৰ্তলৈ ৰিপাব্লিকান দললৈ ‘ছুইং’ কৰাৰ পৰিপ্ৰেক্ষিতত অৱশেষত ট্ৰাম্পে বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হয়৷ সেয়েহে, সকলোৰে মনত এটা প্ৰশ্নই জাগ্ৰত হৈছে যে নৈতিকভাৱে স্খলিত, অপৰাধী হিচাপে চিহ্নিত, মহাভিযোগত দোষী সাব্যস্ত হোৱা সত্ত্বেও ট্ৰাম্পক কিয় মাৰ্কিন জনতাই আদৰি ল’লে? এই ক্ষেত্ৰত দেখা গৈছে যে বগা চামৰাৰ অহমিকাতে ট্ৰাম্পে ২০১৬-ৰ নিৰ্বাচন যি ‘মে’ক আমেৰিকা গ্ৰেট এগেইন’ শ্ল’গান দিছিল সেই শ্ল’গানে শ্বেতাংগ আমেৰিকানসকলক যিদৰে প্ৰভাৱিত কৰিছিল সেই প্ৰভাৱ এতিয়াও হ্ৰাস পোৱা নাই৷ আনহাতে, ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধ আৰু ইজৰাইলৰ সৈতে হামাছ-হিজবুল্লা আৰু ইৰানৰ যুদ্ধখনে এইবাৰৰ আমেৰিকাৰ নিৰ্বাচনটোত অলক্ষিতে ব্যাপক প্ৰভাৱ পেলালে৷ ইউক্ৰেইনৰ যুদ্ধখন বহু আমেৰিকানে ভাল পোৱা নাই আৰু যুদ্ধখনত বাইডেন চৰকাৰৰ ভূমিকাত বহু মাৰ্কিন নাগৰিক অসন্তুষ্ট৷ ইফালে, প্ৰবল মুছলমান বিদ্বেষী ৰূপে চিহ্নিত হোৱা ৰিপাব্লিকান দলক আমেৰিকাৰ মুছলমানসকলে সমৰ্থন কৰা নাছিল যদিও ইজৰাইল-হামাছৰ যুদ্ধখনত অগণন শিশু-মহিলাসহ হাজাৰ হাজাৰ নিৰীহ মুছলমানে প্ৰাণ হেৰুওৱা ঘটনাটোৱে দৃশ্যপট সলনি কৰে৷ বাইডেন চৰকাৰে নিৰীহ মুছলমানসকলৰ সুৰক্ষাৰ কোনো ব্যৱস্থা কৰিব নোৱৰা বাবে এইবাৰ অসন্তুষ্ট হৈ পৰা মাৰ্কিন মুছলমান ভোটাৰসকলে ৰিপাব্লিকানৰ পক্ষলৈ স্থিতি সলনি কৰে৷

 

তদুপৰি, জনা মতে এইবাৰ ভাৰতীয় মূলৰ বেছিভাগ লোকে কমলা হেৰিছক ভোট নিদিলে৷ বিভিন্ন সূত্ৰৰে পোহৰলৈ অহা এনেবোৰ কাৰণৰ বাবেই আমেৰিকাৰ ইতিহাসত এক নজিৰবিহীন অধ্যায় ৰচনা কৰি ৰাষ্ট্ৰপতি পদলৈ ট্ৰাম্পৰ দৰে ব্যক্তি এজনৰ পুনৰ বিজয় সম্ভৱ হৈ উঠিল৷ লগে লগে এই নিৰ্বাচনটোৱে মাৰ্কিন নেতাসকললৈও এটা বাৰ্তা দিলে যে যুদ্ধবাজ জৰ্জ বুশ্ব বা জৰ্জ ডব্লিউ বুশ্বৰ সময়ৰ পৰিৱেশ এতিয়া আমেৰিকাত বৰ্তি থকা নাই৷ আমেৰিকাত চিন্তাৰ সুঁতি এতিয়া সলনি হৈছে৷ ট্ৰাম্পৰ এই পুনৰুত্থানে বিশ্বৰ অন্য ঠাইত কি প্ৰভাৱ পেলায় সেয়া পৰৱৰ্তী সময়ত প্ৰকট হ’ব, কিন্তু এটা কথা আশা কৰিব পাৰি যে ভাৰতৰ সৈতে আমেৰিকাৰ সম্পৰ্ক পুনৰ কিছু ওচৰ চাপিব৷ ট্ৰাম্প-মোদীৰ বন্ধুত্বই দেশ দুখনৰ সম্পৰ্কক নতুন মাত্ৰা দিব বুলি ধাৰণা কৰিব পাৰি৷ ট্ৰাম্প যেনেকুৱা চৰিত্ৰৰে নহওক, পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পাছত তেওঁৰ এষাৰ কথাই বিশ্বক আকৰ্ষণ কৰিছে, সেয়া হ’ল বিশ্বত যুদ্ধ হ’বলৈ নিদিয়াৰ প্ৰতিশ্ৰুতি৷ ট্ৰাম্পৰ প্ৰভাৱত যদি চলি থকা যুদ্ধবোৰৰ অৱসান ঘটে আৰু নতুন যুদ্ধৰ সূচনা নহয়৷ তেনেহ’লে এয়া হ’ব বিশ্ববাসীৰ বাবে পৰম স্বস্তি৷

Share This