আজিৰ সম্পাদকীয়,যুদ্ধৰ আশংকা
Dainik Janambhumi
October 04, 2024
ডিজিটেল ডেস্কঃ সাধাৰণ মানুহে কেতিয়াও যুদ্ধ নিবিচাৰে, সাধাৰণ মানুহৰ সদায় কাম্য এখন শান্তিৰ পৃথিৱী৷ বহুতো কাৰকে বিশ্বৰ শান্তি হৰণ কৰিছে, সময়ে সময়ে ব্যাহত হৈ আহিছে মানুহৰ স্বাভাৱিক জীৱন যাত্ৰা৷ এই কাৰকবোৰ ভিন্ন চৰিত্ৰৰ৷ তিনি বছৰ পূৰ্বে সমগ্ৰ বিশ্বৰ জীৱন যাত্ৰা কিছুদিনলৈ স্তব্ধ কৰি পেলাইছিল অনাহূত অতিমাৰী ‘কভিড-১৯’-এ৷ বতৰৰ পৰিৱৰ্তনে প্ৰকৃতিৰ সন্তুলন নোহোৱা কৰি পেলোৱাৰ পৰিণতিত প্ৰাকৃতিক দুৰ্যোগ কিছুমানে ঠায়ে ঠায়ে মানুহক সন্মুখীন কৰাইছে অকল্পনীয় দুৰ্যোগৰ৷ ক’ৰবাত আকৌ মানুহৰ সুখ-শান্তিৰ শত্ৰু হৈ পৰিছে সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ, গোষ্ঠী- সাম্প্ৰদায়িক বিভেদৰ সংঘাত৷
এই প্ৰতিটো অবাঞ্ছিত দুৰ্যোগৰ সন্মুখীন হৈ বহু মানুহ গৃহহীন কিম্বা দেশান্তৰ হ’বলগা হৈছে৷ হ’লেও এইবোৰৰ মাজতো সামগ্ৰিকভাৱে বিশ্বৰ স্বাভাৱিক জীৱনযাত্ৰাত এটা সন্তুলন বৰ্তি আছে৷ দুৰ্দশাবোৰ অতিক্ৰম হোৱাৰ পাছত শান্তিৰ-প্ৰগতিৰ এক পৰিৱেশৰ আশাত বন্দী হৈ আছে প্ৰায়বোৰ মানুহ৷ নতুন প্ৰজন্মৰ কল্পনাত বিচৰণ কৰি আছে জীৱনক উপভোগ কৰাৰ অলেখ সপোন৷ এই মানৱ সমাজে যুদ্ধ নিবিচাৰে৷ কিন্তু যুদ্ধৰ এক দুস্ব›Ÿই মানৱ সমাজক খেদি ফুৰিছে সাম্প্ৰতিক বিশ্বৰ কিছুমান কৰ্ম-কাণ্ডৰ পৰিপ্ৰেক্ষিতত৷ এখন ডাঙৰ যুদ্ধৰ আশংকাই মানুহক খেদি ফুৰাৰ এই সমগ্ৰ পৰিৱেশ¸ সাধাৰণ মানুহৰ ইচ্ছাৰ বিৰুদ্ধে ৰচনা কৰিছে যুদ্ধবাজ নেতা কিছুমানে৷
উপেক্ষা কৰিব পৰা বিষয় কিছুমানক সংঘাতৰ ৰূপ দি এওঁলোকে এই সংঘাতৰ পৰিসৰ ক্ৰমান্বয়ে বঢ়াই নি এখন ডাঙৰ যুদ্ধৰ পৰিস্থিতিলৈ বিশ্বক আগবঢ়াই নি আছে এই নেতাসকলে৷ এই পৰিস্থিতিক শান্তিপ্ৰিয় মানুহে অসহায়ভাৱে চাই থাকিবলগীয়া হৈছে; উদ্বেগত দিন কটাবলগা হৈছে৷ এই পৰিস্থিতিয়ে তৃতীয় বিশ্ব যুদ্ধৰ ৰূপ ধাৰণ কৰেনে বা আঞ্চলিক পৰ্যায়ৰ যুদ্ধতে সীমিত হৈ ৰয় সেয়া অহিবলগীয়া দিনবোৰেহে নিৰ্ণয় কৰিব৷ সম্প্ৰতি মূলতঃ যি চাৰিটা বিষয়ক লৈ এই পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ বিষয়ে সচেতন মানুহে নজনাকৈ থকা নাই৷ ইজৰাইল-পেলেষ্টাইনৰ সংঘাত, সেই সংঘাতক কেন্দ্ৰ কৰি লেবানন-ইৰানলৈ সম্প্ৰসাৰণ হোৱা যুযুধান পৰিস্থিতি, ৰাছিয়া- ইউক্ৰেইনৰ যুদ্ধ আৰু আমেৰিকা-চীনৰ মাজৰ বৈৰিতা৷ এই সংঘাতবোৰৰ অন্তৰ্নিহিত কাৰণবোৰলৈ লক্ষ্য কৰিলে দেখা যায় যে এই সংঘাতবোৰৰ আঁৰত মানৱ কল্যাণৰ কোনো বিষয়েই জড়িত হৈ থকা নাই, প্ৰতিটো সংঘাতৰ আঁৰত আছে প্ৰভুত্ববাদৰ মানসিকতা৷
মধ্য প্ৰাচ্যৰ এক ক্ষুদ্ৰ ভূখণ্ডত গা-গা লগাই বসবাস কৰি থকা ইজৰাইলী আৰু পেলেষ্টাইনীসকলৰ সংঘাত পুৰণি হ’লেও দুয়ো পক্ষই আপোচ কৰি সংঘাতৰ প্ৰায় অৱসানেই ঘটাইছিল৷ শান্তি স্থাপনৰ ক্ষেত্ৰত লোৱা ভূমিকাৰ বাবে পেলেষ্টাইনী নেতা য়াছেৰ আৰাফট, ইজৰাইলী নেতা ছাইমন পেৰেজে শান্তিৰ নোবেল বঁটাও পাইছিল৷ কিন্তু বৰ্তমানৰ যুদ্ধবাজ ইজৰাইলী নেতা বেঞ্জামিন নেটান্যাহু আৰু উগ্ৰপন্থী গোট হামাছৰ নেতাৰ প্ৰভুত্ববাদী মানসিকতাৰ বাবে সেই ভূখণ্ড পুনৰ ৰূপান্তৰ হ’ল অগ্নিকুণ্ডলৈ৷ হাজাৰ হাজাৰ শিশু-মহিলাকে ধৰি অগণন নিৰীহ মানুহে কেনেকৈ তাত ইতৰ প্ৰাণীৰ দৰে প্ৰাণ হেৰুৱাব লগা হৈছে সেয়া সংবাদপত্ৰ বা অন্যান্য মাধ্যমৰ সংবাদত দৃষ্টি ৰখাসকলে গম পাইছেই৷ সেই সংঘাতৰে সম্প্ৰসাৰণ ঘটি এতিয়া লেবানন, ইৰান আৰু য়েমেনৰ লগত ইজৰাইলৰ সংঘাতে পূৰ্ণ পৰ্যায়ৰ যুদ্ধৰ ৰূপ ধাৰণ কৰাৰ আশংকা তীব্ৰ হৈ পৰিছে৷
এই দেশ তিনিখনে পৃষ্ঠপোষকতা আগবঢ়াই অহা হিজবুল্লা আৰু হুথী উগ্ৰপন্থীসকল ইতিমধ্যে ইজৰাইলৰ লগত যুদ্ধত প্ৰবৃত্ত হৈছেই৷ ইজৰাইলে ইৰানৰ মাটিত চলোৱা আক্ৰমণত হিজবুল্লাৰ মুৰব্বী নজৰুল্লাকে ধৰি জ্জজন কমাণ্ডাৰ নিহত হোৱাৰ পাছত ক্ষুব্ধ হৈ পৰা ইৰানে প্ৰতিশোধকল্পে প্ৰায় ২০০ বেলেষ্টিক ক্ষেপণাস্ত্ৰ ইজৰাইলৰ বিভিন্ন পক্ষলৈ নিক্ষেপ কৰি ইজৰাইলৰ যথেষ্ট ক্ষতিসাধন কৰা আৰু ইফালে লেবাননৰ হিজবুল্লাৰ সৈতে হোৱা ইজৰাইলী সৈন্যৰ স্থলযুদ্ধত বহুসংখ্যক ইজৰাইলী সৈন্য হতাহত হোৱাত পৰিস্থিতি অধিক ভয়ানক হৈ পৰিছে৷ এই যুদ্ধত ইজৰাইলক সহায় কৰি আছে আমেৰিকা আৰু একাংশ পশ্চিমীয়া দেশে, আনহাতে ইৰানৰ পক্ষত আছে ৰাছিয়া আৰু চীন৷ ইফালে, আমেৰিকাৰ প্ৰৰোচনাতে হোৱা ইউক্ৰেইন- ৰাছিয়াৰ যুদ্ধখনো এটা গুৰুতৰ অৱস্থাত উপনীত হৈছে৷ ইউক্ৰেইনে ৰাছিয়াৰ কিছু অঞ্চল দখল কৰাৰ বিপৰীতে ৰাছিয়ায়ো ইউক্ৰেইনৰ বিস্তৰ ক্ষতি কৰি আছে৷
এনে সময়তে চীন আৰু আমেৰিকাৰ সম্পৰ্কৰ দ্ৰুতগতিত অৱনতি ঘটিছে টাইৱানক নিজৰ অধীন কৰিবলৈ চীনে চলোৱা প্ৰচেষ্টাক কেন্দ্ৰ কৰি৷ টাইৱানক চীনে নিজৰ অংশ বুলি গণ্য কৰি অহাৰ বিপৰীতে আমেৰিকাই টাইৱানৰ সাৰ্বভৌমত্বক মৰ্যাদা প্ৰদান কৰি আহিছে৷ আমেৰিকাৰ সৈন্যৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় বাহিনীৰ কমাণ্ডাৰ এজনে প্ৰকাশ কৰা মতে, ২০২৭ চনৰ ভিতৰত টাইৱানক নিজৰ অধীন কৰাৰ লক্ষ্য স্থিৰ কৰিছে চীনে৷ আমেৰিকাই যিকোনো মূল্যৰ বিনিময়ত চীনৰ সেই চেষ্টা ব্যৰ্থ কৰিবলৈ যে চেষ্টা চলাব সেয়া ধুৰুপ৷ গতিকে এই বিষয়টোৱেও এখন বৃহৎ যুদ্ধৰ শংকা পদে পদে সৃষ্টি কৰি আছে৷ দেখা গৈছে যে শীতল যুদ্ধৰ সময়তকৈ পৰিস্থিতি এতিয়া অধিক ভয়াৱহ হৈ গৈ আছে৷ ৰাছিয়া-চীন-উত্তৰ কোৰিয়া- ইৰানৰ দৰে শক্তিবোৰ এটা মেৰুত অৱস্থান কৰাত বিশ্ববাসীৰ শংকা অধিক বৃদ্ধি পাইছে এইবাবেই যে বিশ্বৰ শক্তিধৰ ৰাষ্ট্ৰবিলাকৰ হাতত থকা ১৩ সহস্ৰাধিক পাৰমাণৱিক অস্ত্ৰৰ অধিকাংশই এই পক্ষটোৰ হাতত আছে৷ বহু বিশেষজ্ঞই কৈছে যে যদি কেনেবাকৈ তৃতীয় বিশ্ব যুদ্ধ হয়, তেনেহ’লে এয়া হ’ব পাৰমাণৱিক বিশ্ব যুদ্ধ৷ এনেকুৱা হ’লে পৃথিৱীবাসীৰ কি হ’ব সেয়া সহজেই অনুমেয়৷ সেই বাবেই শংকিত শান্তিপ্ৰিয় বিশ্ববাসী৷
Share This