কেনে যাব আজিৰ দিনটো আপোনাৰ? জানক ৰাশিফল

Kakali Deka October 13, 2023

ডিজিটেল ডেস্কঃ মেষ : ৰাশিৰ আদ্যাক্ষৰ অ, ল । শুভ কাৰক গ্ৰহ মঙল, ৰবি । শুভ সংখ্যা ১, ৯। শুভ ৰং নীলা। আপোনাৰ পৰিকল্পিত কামবিলাকত বাস্তৱ ৰূপত অভাৱনীয়ভাৱে সহায়-সাৰথি পাব। শৰীৰ প্ৰায় ভালেই। বিদ্যাৰ্থীৰ বাবে উন্নত দিন। মাতৃৰ স্বাস্থ্যও কিছু উন্নত ।

বৃষ : ৰাশিৰ আদ্যাক্ষৰ ই, উ, ব। শুভ কাৰক গ্ৰহ শুক্র, চন্দ্ৰ । শুভ সংখ্যা ২, ৬। শুভ ৰং ৰূপালী। স্বাস্থ্য প্রায় ভালেই। পুৰণা ৰোগাগ্ৰস্তয়ো সকাহ পাব। ব্যৱসায়ত উন্নতি। হঠাৎ কোনো শুভ সংযোগ লাভ ৷ খৰচৰ নতুন বাট ওলাব ।

মিথুন : ৰাশিৰ আদ্যাক্ষৰ ক, ছ, ঘ। শুভ কাৰক গ্ৰহ বুধ, ৰবি। শুভ সংখ্যা ১, ৫। শুভ ৰং হালধীয়া। কামবিলাক আন্তৰিকতাৰে আগুৱাই নিলেও আশা কৰা মতে স্বীকৃতি নাপাই মন বেয়া লাগি থাকিব। ধর্মীয় কৰ্মত ব্যস্ত থাকিব লগা হ'ব । বিদ্যাৰ্থীৰ একাগ্ৰতা বৃদ্ধি

কর্কট : ৰাশিৰ আদ্যাক্ষৰ ড, হ। শুভ কাৰক গ্ৰহ চন্দ্ৰ, বৃহস্পতি। শুভ সংখ্যা ২, ৩। শুভ ৰং বগা ৷ ভাতৃৰ উন্নতি আৰু ভাতৃসম ব্যক্তিৰ পৰা যথেষ্ট সহায়-সহযোগ পাব। সকলোৰে লগত সমভাব ৰক্ষা কৰি, ভাল ধৰণেই দিনটো পাৰ হ'ব ।

সিংহ ঃ ৰাশিৰ আদ্যাক্ষৰ ম, ট। শুভ কাৰক গ্ৰহ ৰবি, মঙল ৷ শুভ সংখ্যা ১, ৯। শুভ ৰং নীলা। ঘৰুৱা সমস্যা সমাধানৰ পথত। কলা-সংস্কৃতিৰ প্ৰতি ৰাপ বাঢ়িব। পাৰিবাৰিক জীৱন শুভাশুভ মিশ্রিত। স্বাস্থ্যও কিছু উন্নত পাব।

কন্যা : ৰাশিৰ আদ্যাক্ষৰ প, ঠ। শুভ কাৰক গ্ৰহ বুধ, শনি । শুভ সংখ্যা ৫, ৭। শুভ ৰং মাখন । দিনটো ভালেই যাব । কৰ্মত দক্ষতা প্রকাশ। কিন্তু আর্থিক সমস্যাই মাজে মাজে আমনি দিব। সামাজিক কামত ব্যস্ততা বাঢ়িব।

তুলা : ৰাশিৰ আদ্যাক্ষৰ ৰ, ত। শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং নীলা। ৰাজহুৱা কামৰ মাজেদি সুখ্যাতি লাভ। শিল্পী, সাহিত্যিকৰ বাবে শুভ। আপোনাৰ গাত থকা মৌলিক প্ৰতিভাৰ স্ফুৰণ ঘটিব। প্ৰেম-প্ৰীতিত মধ্যম।

বৃশ্চিক: মৌলিক প্ৰতিভাৰ স্ফুৰণ ঘটিব। প্রেম-প্রীতিত মধ্যম। বৃশ্চিক : ৰাশিৰ আদ্যাক্ষৰ ন, য। শুভ কাৰক গ্রহ মঙল, ৰবি । শুভ সংখ্যা ১, ৯। শুভ ৰং কফি । ঘৰুৱা পৰিৱেশ গতানুগতিক। বিদ্যাৰ্থীৰ বহুমুখী প্রতিভা। ব্যৱসায়ত শুভ আৰু ব্যৱসায় প্ৰসাৰৰ নতুন পথ ওলাব। ঘৰ বিভীষণৰ পৰা সতর্ক থাকক ।

ধনু ঃ ৰাশিৰ আদ্যাক্ষৰ ধ, ফ, ভ। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং হালধীয়া। স্বাস্থ্য আন দিনাতকৈ উন্নত। কৰ্মত প্ৰেৰণা পাব। ধৰ্মীয় কৰ্ম তথা কলা-সংস্কৃতিৰ প্রতি মনোযোগ বাঢ়িব। খৰচৰ মাত্ৰা বৃদ্ধি পালেও সেইমতে কিছু আমদানিও হ'ব।

মকৰ : ৰাশিৰ আদ্যাক্ষৰ খ, জ। শুভ কাৰক গ্ৰহ মঙল, শনি । শুভ সংখ্যা ৭, ৯। শুভ ৰং জেতুকাবুলীয়া। বেলি আগুৱাই যোৱাৰ লগে লগে ক্ৰমে মনটোও ফৰকাল পাব। প্ৰেম-প্ৰীতিত শুভ। চাকৰি প্ৰাৰ্থীয়ে কৰ্মসংস্থাপনৰ সু-খবৰ পাব ।

কুম্ভ : ৰাশিৰ আদ্যাক্ষৰ গ, শ, স। শুভ কাৰক গ্রহ শনি, শুক্র। শুভ সংখ্যা ৬, ৭। শুভ ৰং মাখন। কোনো সিদ্ধান্ত লওঁতে নিজৰ মতত দৃঢ় থাকক। শাৰীৰিক ক্ষেত্ৰত প্ৰায় ভালেই। ব্যৱসায়ত নতুন সমস্যাই দেখা দিলেও আর্থিক দিশত শুভ মীন : ৰাশিৰ আদ্যাক্ষৰ দ, চ । শুভ কাৰক গ্ৰহ শুক্র, বৃহস্পতি । শুভ সংখ্যা ৩, ৬। শুভ ৰং মুগা । ইষ্ট-কুটুম্ব তথা শুভাকাংক্ষীৰ আগমন হ'ব। পাৰিবাৰিক জীৱন গতানুগতিক। বিয়া-বাৰুৰ যোগাযোগত শুভ। কর্মদক্ষতা প্রকাশ পাব ।

Share This