ডিজিটেল ডেস্ক: জনতাৰ মূৰত মাধমাৰ শোধাই পুনৰ বাঢ়িল টোল মাচুল। নামনি অসমৰ তিনিখন টোল গে'টত কালি মাজ নিশাৰে পৰা টোল মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে।
উল্লেখযোগ্য যে যোৱা এক এপ্ৰিলত ৰাজ্যৰ সাতখন টোল গে'টত ১০ টকাৰ পৰা ৩০ টকালৈকে টোল মাচুল বৃদ্ধি কৰা হৈছিল। ইয়াৰ পাছত কালি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰ্যালয়ে চিৰাং জিলাৰ দাহালপাৰা, বজালী জিলাত থকা গলিয়া আৰু কোকৰাঝাৰ জিলাত থকা পাটগাঁও টোল গে'টত টোল মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়। চৰকাৰখনে এফালে হিতাধিকাৰীৰ নামত কোটি কোটি টকা ব্যয় কৰিছে আৰু আনফালে টোল মাচুল বৃদ্ধিৰে মাধমাৰ শোধাইছে বুলি অভিযোগ উত্থাপন হৈছে।
সকলোতকৈ ডাঙৰ কথা যে অসমৰ দৰে এখন উপভোক্তাৰ ৰাজ্যই প্রতিবিধ সামগ্ৰী আন ৰাজ্যৰ পৰা আমদানি কৰিবলগীয়া হয়। এনে পৰিস্থিতিত টোল মাচুল বৃদ্ধিৰ ফলত বিভিন্ন সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে।
মন কৰিবলগীয়া কথা যে ৰাইজৰ বিৰোধিতাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে অসমত এখনৰ পাছত এখন টোল গে'ট স্থাপন কৰি আছে। শেহতীয়াকৈ দুখন নতুন টোল গে'ট কার্যক্ষম হৈ উঠাৰ পাছত ৰাজ্যৰ মুঠ টোল গে'টৰ সংখ্যা ১২খনলৈ বৃদ্ধি পাইছে। আনহাতে, শেহতীয়াকৈ মুকলি হোৱা গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলংখনতো ৰাজ্য চৰকাৰে টোল গে'ট স্থাপনৰ চিন্তা-চৰ্চা কৰিছে। মুঠৰ ওপৰত টোল গে'ট আৰু টোল মাচুল বৃদ্ধিয়ে সাধাৰণ জনতাক ৰাম টাঙোন শোধাইছে।