MENU

এপ্ৰিলৰ পৰা ১৫% পৰ্যন্ত বৃদ্ধি পাব টোল মাচুল

Dainik janambhumi February 22, 2025

ডিজিটেল ডেস্ক: অহা এপ্রিল মাহৰ পৰা পুনৰ বৃদ্ধি পাব টোল মাচুল। ৰাইজৰ মূৰত মাধমাৰ শোধাই টোল মাচুল বৃদ্ধিৰ বাবে সাজু হৈছে কেন্দ্রীয় চৰকাৰ। ইতিমধ্যে কেন্দ্রীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্র্যালয়ে এই সন্দৰ্ভত প্রয়োজনীয় টোকা প্রস্তুত কৰিছে। সেই অনুসৰি পাঁচৰ পৰা পোন্ধৰ শতাংশ পর্যন্ত টোল মাচুল বৃদ্ধি কৰাৰ প্রস্তাৱ দিয়া হৈছে। 

উল্লেখযোগ্য যে বিগত বৰ্ষত তিনি জুনৰ পৰা ৰাজ্যত টোল মাচুল বৃদ্ধি কৰা হৈছিল। অৱশ্যে, এই মাচুল এক এপ্ৰিলৰ পৰা বৃদ্ধি কৰাৰ কথা আছিল যদিও লোক সভাৰ নিৰ্বাচনত ইয়াৰ বেয়া প্ৰভাৱ পৰিব বুলি শংকা কৰিয়েই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে নিৰ্বাচনৰ পাছত তিনি জুনৰ পৰা টোল মাচুল বৃদ্ধি কৰে। কিন্তু এইবাৰ চৰকাৰখনে এক এপ্ৰিলৰ পৰা টোল মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। ইফালে, ৰাজ্যখনত স্থাপন কৰিব লগীয়া প্ৰস্তাৱিত টোলগে'টসমূহ মুকলি কৰাৰ বাবেও যো-জা চলাইছে কেন্দ্ৰীয় চৰকাৰে। জানিব পৰা মতে অচিৰেই কলিয়াবৰ আৰু তেজপুৰৰ মাজত চুলুঙত, দেৰগাঁৱৰ সমীপৰ ৰঙামাটিত আৰু বিশ্বনাথ চাৰিআলিৰ সমীপৰ মোনাবাৰীত টোলগে'ট মুকলি কৰা হ'ব। ইতিমধ্যে এই তিনিওখন টোলগে'টৰে নিৰ্মাণ সম্পূর্ণ হোৱাৰ পাছত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে শীঘ্ৰে কাৰ্যকৰী কৰাৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে। 

প্রণিধানযোগ্য যে ৰাজ্যখনত থকা ৰাষ্ট্ৰীয় ঘাই পথসমূহৰ অৱস্থা বিভিন্ন স্থানত শোচনীয় হৈ পৰিছে। বিশেষকৈ উজনিৰ ফ'ৰলেনযুক্ত পথৰ কাম আজিলৈকে সম্পূর্ণ নোহোৱাত ডিব্ৰুগড় আৰু যোৰহাটৰ মাজৰ পথছোৱাৰ কিছু কিছু অংশ যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছে। এজাক বৰষুণ দিলেই উক্ত পথছোৱাৰে যাতায়াত কৰাটো বিপজ্জনক হৈ পৰে। কিন্তু ইয়াৰ পাছতো কেন্দ্ৰীয় চৰকাৰে টোল মাচুলৰ নামত ৰাইজক কেঁকোৰা চেপা দিবলৈ এৰা নাই। খোদ কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য মতেই বিগত ৫ বছৰত ৰাজ্যৰ ৯খন টোলগে'টৰ পৰা সংগ্ৰহ কৰা ধনৰ পৰিমাণ হৈছে ১,৪৫৮.০৬ কোটি টকা। তথ্য অনুসৰি ২০১৯-২০ বৰ্ষৰ পৰা ২০২৩-২৪ বর্ষত অসমৰ ৯খন টোলগে'ট ক্রমে- পাটগাঁও, দাহালপাৰা, গলিয়া, মদনপুৰ, নাজিৰাখাট, ৰহা, মিকিৰআতি হাতগাঁও, মান্দেৰদিচা আৰু বালাচাৰাৰ পৰা সৰ্বমুঠ ১,৪৫৮.০৬ কোটি টকা টোল মাচুল সংগ্ৰহ কৰা হৈছে। ইয়াৰ ভিতৰত মদনপুৰ টোলগে'টত ২০২০-২১ বৰ্ষৰ পৰা ৪ বছৰৰ ভিতৰত সৰ্বাধিক ৩৭৭.১৫ কোটি টকা টোল মাচুল সংগ্রহ হৈছে। আনহাতে, বিগত ৪ বছৰত গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰৰ নাজিৰাখাটত অৱস্থিত টোলগে'টৰ পৰা ২৭৭.৬৯ কোটি টকা কেন্দ্রই সংগ্ৰহ কৰিছে। একেদৰে বিগত ৫ বছৰত দাহালপাৰা টোলগে'টৰ পৰা ২২৮.২৩ কোটি টকা, পাটগাঁও টোলগে'টৰ পৰা ২১৩.২৫ কোটি টকা, নগাঁৱৰ ৰহা টোলগে'টত বিগত ৪ বছৰত ১৭৪.৭৫ কোটি টকা, মিকিৰআতি টোলগে'টত ৮৯.৩০ কোটি টকা, গলিয়া টোলগে'টত ৮৪.১৪ কোটি টকা, মান্দেৰদিচা টোলগে'টত ১১.৫০ কোটি টকা আৰু বালাচেৰা টোলগে'টৰ জৰিয়তে কেন্দ্ৰই ২.০১ কোটি টকা টোল কৰ সংগ্ৰহ কৰিছে। সকলোতকৈ ডাঙৰ কথা যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনত পদূলিয়ে পদূলিয়ে টোলগে'ট স্থাপনৰ পৰিকল্পনা কৰিছে। যদিহে এই পৰিকল্পনা বাস্তৱায়িত হয় তেনেহ'লে ৬০ কিল'মিটাৰৰ অন্তৰে অন্তৰে টোলগে'ট স্থাপন কৰিব চৰকাৰখনে। তথ্য অনুসৰি আজিৰ তাৰিখত ৰাজ্যখনত দহখন টোলগেট আছে। ইয়াৰে ভিতৰত একেবাৰে শেহতীয়াকৈ যোৱা ডিচেম্বৰ মাহত গোসাইগাঁৱৰ তেলী পাৰাত স্থাপন কৰা হৈছে এখন নতুন টোলগে'ট। আনহাতে ৰাজ্যখনত শীঘ্ৰেই তিনিখন নতুন টোলগে'ট মুকলি কৰিলে টোলগেটৰ সংখ্যা তেৰখনলৈ বৃদ্ধি পাব। মুঠতে ৰাজ্যখনত সৰ্বমুঠ ২৭খনলৈ টোলগে'ট বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে গেৰুৱা দলৰ চৰকাৰখনৰ। এক কথাত অসমৰ ৰাজপথ ভৰি পৰিব টোলগে'টেৰে। ইফালে টোল মাচুলে কেঁকোৰা চেপা দিয়াৰ ফলত যাতায়াত ব্যৱস্থা অতি ব্যয়বহুল হোৱাৰ লগতে ৰাজ্যখনত সা-সামগ্ৰীৰ দামো বৃদ্ধি পাব।

Share This