আমেৰিকাৰ দোকানবোৰৰ শ্ব’ কে’ছত টুথপে’ষ্ট, চকলেট তলা মাৰি থ’বলগীয়া অৱস্থা !

Jyoti Borah September 04, 2023

ডিজিটেল ডেস্কঃ আমেৰিকাত সাধাৰণ জনসাধাৰণে দৈনন্দিন ব্যৱহূত সামগ্ৰীৰ চৰা দামৰ লগত যুঁজ দি জীৱন-নিৰ্বাহ কৰি আছে৷ সেই সময়তে খুচুৰা ব্যৱসায়ীসকলে তেওঁলোকৰ দোকানত চোৰৰ উপদ্ৰৱত থৰ-কাছুটি হেৰুৱাইছে৷ এই পৰ্যায় পাইছেগৈ যে তেওঁলোকে দৈনন্দিন ব্যৱহৃত টুথপে’ষ্ট, চকলেট, ৱাশ্বিং পাউডাৰ, ডিঅ’ডৰেণ্ট আদি সামগ্ৰীবোৰ তেওঁলোকৰ দোকানত শ্ব’ কে’ছত তলা-চাবি মাৰি ৰাখিবলগীয়া হৈছে৷ 

চোৰৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ অগ্ৰণী খুচুৰা বিক্ৰী প্ৰতিষ্ঠান ৱালমাৰ্ট আৰু টাৰ্গেট, ড্ৰাগষ্ট’ৰ শৃংখল চি ভি এছ আৰু ৱালগ্ৰীনছ আৰু ঘৰুৱা সামগ্ৰীৰ প্ৰতিষ্ঠান হ’ম ডিপ’ আৰু ফুটৱে’ৰ বিক্ৰেতা ফুট লকাৰ আদি প্ৰতিষ্ঠানে এনেধৰণৰ ব্যৱস্থা হাতত লৈছে৷ খুচুৰা ব্যৱসায়ত চুৰি কাৰ্যকে ধৰি সংঘটিত হোৱা বিভিন্ন সংঘটিত অপৰাধৰ বাবে খুচুৰা বিক্ৰী প্ৰতিষ্ঠানসমূহৰ ব্যৱসায়ত বাৰুকৈয়ে প্ৰভাৱ পৰিছে৷ চলিত বৰ্ষৰ প্ৰথম পাঁচ মাহত প্ৰতিষ্ঠানসমূহত হিংসাত্মক ঘটনাৰ লগতে চুৰি, হিংসাৰ ভাবুকি আদি ১২০ শতাংশ বৃদ্ধি পায়৷

 নেশ্যনেল ৰিটেইল ফেডাৰেশ্যনৰ ২০২২ চনৰ খুচুৰা বিক্ৰী সুৰক্ষা সমীক্ষা অনুযায়ী ইয়াৰ ফলত গোটেই দেশজুৰি ২০২১ চনত খুচুৰা বিক্ৰেতাসকলৰ ৯৪.৫ বিলিয়ন ডলাৰ লোকচান হয়৷
 

Share This