অম্বুবাচীত তীর্থযাত্রীক টপচেম চিমেণ্টৰ খোৱাপানী বিতৰণ

dainik janambhumi June 30, 2026

ডিজিটেল ডেস্ক : সামূহিক কল্যাণ আৰু ৰাজহুৱা সেৱাৰ প্ৰতি নিৰন্তৰ প্রতিশ্রুতি প্রদর্শন কৰি টপচেম চিমেন্টে নীলাচল সেৱা সমিতি, গণেশ পথৰ সাৰ্বজনিক দুর্গাপূজা সমিতি আৰু ওদালবাক্ৰা যুৱ মঞ্চৰ সহযোগত অম্বুবাচী মেলাত অংশগ্ৰহণ কৰা তীর্থযাত্ৰীসকলৰ মাজত ১৫,০০০ বটল খোৱাপানী বিতৰণ কৰে। 

চাৰিদিনীয়া এই পদক্ষেপটো ২২ জুনৰ পৰা ২৫ জুনলৈ সর্ববৃহৎ বার্ষিক ধর্মীয় সমাৱেশৰ সময়ত সম্পন্ন কৰা হৈছিল। বিতৰণ অভিযানটোৰ লক্ষ্য আছিল উৎসৱৰ সময়ত পৱিত্ৰ কামাখ্যা মন্দিৰ দৰ্শন কৰা হাজাৰ হাজাৰ ভক্তক সকাহ আৰু সমর্থন প্রদান কৰা। টপচেম চিমেণ্ট আৰু অংশীদাৰ সংগঠনৰ প্ৰতিনিধিসকলে বিতৰণ অভিযানত সক্রিয়ভাৱে অংশগ্ৰহণ কৰি খোৱাপানীৰ বটলসমূহ বিতৰণ কৰে। এই সন্দৰ্ভত টপচেম চিমেণ্টৰ এজন মুখপাত্রই কয় যে অম্বুবাচী মেলা হৈছে এক গুৰুত্বপূৰ্ণ আধ্যাত্মিক অনুষ্ঠান, যি সমগ্ৰ দেশৰ পৰা বহুতো ভক্তক আকৰ্ষিত কৰে। এই বাৰ্ষিক সেৱা প্ৰচেষ্টাৰ জৰিয়তে তীৰ্থযাত্ৰীসকলৰ আৰাম আৰু কল্যাণৰ বাবে অৰিহণা যোগাবলৈ পাই আমি গৌৰৱান্বিত। সম্প্ৰদায়ৰ কল্যাণ আমাৰ মূল্যবোধৰ কেন্দ্ৰত আছে আৰু আমি সমাজক ইতিবাচকভাৱে প্ৰভাৱিত কৰা অৰ্থপূর্ণ কাৰণবোৰক সমৰ্থন কৰি যাম। 

উল্লেখযোগ্য যে এই প্রচেষ্টা সফলতাৰে সম্পাদন কৰাত মূল্যৱান সহযোগিতাৰ বাবে নীলাচল সেৱা সমিতি, গণেশ পথৰ সাৰ্বজনিক দুর্গাপূজা সমিতি আৰু ওদালবাক্ৰা যুৱ মঞ্চৰ প্ৰতি কোম্পানীটোৱে কৃতজ্ঞতা জ্ঞাপন কৰে।

Share This