অল ইণ্ডিয়া ট্রেন্সপ'র্টাৰ্ছ ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ নিৰ্দেশনা, ডিজেলত প্রতি টকা দাম বৃদ্ধিৰ লগে লগে ০.৬৫% বৃদ্ধি হ'ব পৰিবহণ ভাৰা

dainik janambhumi May 22, 2026

ডিজিটেল ডেস্ক: শেহতীয়াকৈ হোৱা পেট্রল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰভাৱ গেলামাল, অনলাইন ডেলিভেৰী, ঔষধ আৰু নিত্য ব্যৱহাৰ্য সামগ্রীত দেখিবলৈ পোৱা যাব। ভাৰতৰ সামগ্ৰী পৰিবহণ উদ্যোগে আনুষ্ঠানিকভাৱে ইন্ধনৰ দাম বৃদ্ধিৰ ব্যয়ক তেওঁলোকৰ ব্যৱসায়ৰ সৈতে জড়িত কৰিছে। অৰ্থাৎ ইন্ধনৰ দাম বৃদ্ধিৰ বাবে তেওঁলোকৰ ভাৰাও বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। 

সেয়ে, ডিজেলৰ দাম বৃদ্ধিৰ প্ৰভাৱ পেট্রল পাম্পৰ পৰা গৈ বৃহত্তৰ অৰ্থনীতিতো পৰিব। এই সপ্তাহত জাৰি কৰা জৰুৰী এখন জাননীত অল ইণ্ডিয়া ট্রেন্সপর্টাৰ্ছ ৱেলফেয়াৰ এছ'চিয়েশ্যন (এ আই টি ডব্লিউ এ)-এ সকীয়াই দি কৈছিল যে মধ্য প্রাচ্যত চলি থকা যুদ্ধ আৰু হৰমুজ প্রণালীত অৱৰোধৰ বাবে বৃদ্ধি পোৱা ডিজেলৰ দামৰ বাবে দেশজুৰি সামগ্ৰী পৰিবহণ 'আর্থিকভাৱে দীর্ঘদিনৰ বাবে চলাই থকা সম্ভৱ হৈ থকা নাই।' 

সেই সংস্থাটোৱে পৰিবহণকাৰীসকলক প্ৰতিবাৰ ডিজেলৰ দাম বৃদ্ধিৰ লগে লগে সামগ্রী পৰিবহণৰ ভাৰা বৃদ্ধি কৰিবলৈ অনুমতি দি দেশজুৰি ২০ মে'ৰ পৰা ফুৱেল এডজাষ্টমেন্ট ফেক্টৰ (এফ এ এফ) জাৰি কৰিছে। এই পদক্ষেপে - এফ এম চি জি (দৈনন্দিন ব্যৱহৃত পণ্য) কোম্পানী, মেনুফেকছাৰাৰ, ও খুচুৰা ব্যৱসায়ী, ই-বাণিজ্য কোম্পানী আৰু খাদ্য যোগানধাৰীৰ সামগ্ৰীৰ দামত প্ৰভাৱ পেলাব আৰু সেই দাম ভৰিব লাগিব গ্রাহকে। উক্ত জাননীখনত পৰিবহণকাৰী বা টেন্সপ'ৰ্টাৰে ইন্ধনৰ বৰ্ধিত দাম কিদৰে আদায় কৰিব তাৰ পৰিকল্পনা ব্যাখ্যা কৰা হৈছে। 

এ আই টি ডব্লিউ এৰ মতে, ট্ৰাকৰ খৰচৰ প্ৰায় ৬৫ শতাংশই হৈছে ডিজেলৰ খৰচ। সেয়ে, সংস্থাটোৱে ১৫ মে'ৰ বে'ছ ৰে'টৰ ওপৰত ডিজেলৰ দামত প্রতি ১ টকা বৃদ্ধিত সামগ্ৰীৰ ভাৰা স্বয়ংক্রিয়ভাৱে ০.৬৫ শতাংশ বৃদ্ধি পাব। ৭ সেইদৰে ডিজেলত ৫ টকা বৃদ্ধি পালে সামগ্ৰীৰ ভাৰা ৩.২৫ শতাংশ, ১০ টকা বৃদ্ধি পালে সামগ্ৰীৰ ভাৰা ৬.৫ শতাংশ আৰু ১৫ টকা বৃদ্ধি ন পালে সামগ্ৰীৰ ভাৰাত ১০ শতাংশ বৃদ্ধি পাব। 

জাননীখনত লগতে কোৱা হৈছে যে এই ভাৰা বৃদ্ধিৰ দ্বাৰা লাভ কৰিবলৈ বিচৰা হোৱা নাই, বর্ধিত ন ইন্ধনৰ দামহে আদায় কৰিবলৈ বিচৰা হৈছে। কিন্তু এই ভাৰা বৃদ্ধিয়ে গ্ৰাহকৰ দৈনন্দিন খৰচ বৃদ্ধি কৰাটো খাটাং। শাক-পাচলি, ফল-মূল, গাখীৰকে ধৰি দুগ্ধজাত সামগ্রী, এফ এম চি জি সামগ্রী, ঔষধ, নির্মাণ সামগ্রী, ইলেক্ট্রনিক্‌ছ আৰু ই - বাণিজ্যৰ ডেলিভাৰী এই সকলো দোকান আৰু গুদামলৈ ট্রাকেৰে লৈ যোৱা হয়। এবাৰ সামগ্ৰীৰ পৰিবহণৰ ভাৰা বৃদ্ধি পালে, কোম্পানীবোৰে সচৰাচৰ সেই হেঁচা যোগান শৃংখলৰ যোগেদি আদায় কৰে। ইয়াৰ অৰ্থ হৈছে গেলামালৰ দাম বাঢ়িব, খাদ্য সামগ্ৰীৰ যোগান বা ডেলিভাৰী আৰু ই-বাণিজ্যৰ সামগ্ৰীৰ দাম বৃদ্ধি ৭ পাব, এফ এম চি জি কোম্পানীবোৰ বিতৰণৰ ব্যয় বৃদ্ধি পাব, মেনুফেকছাৰাৰৰ বাবে কেঁচা সামগ্ৰীৰ পৰিবহণৰ ব্যয় বৃদ্ধি পাব।

Share This