ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এখন বজাৰ লিষ্ট! কি আছে সেই লিষ্টখনত?

Kakali Deka September 06, 2023

ডিজিটেল ডেস্কঃ এখন সংসাৰত বজাৰৰ লিষ্টখনেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পতিয়ে বজাৰলৈ যাবলৈ ওলাওতে পত্নীয়ে হাতত তুলি দিয়ে বজাৰৰ লিষ্টখন। তাত লিখা থাকে ঘৰখনত কি বস্তু নাই বা গৰখনত কি কি বস্তুৰ প্ৰয়োজন। সেই লিষ্ট চায়েই পতিয়ে ঘৰলৈ ভৰ্তি কৰি লৈ আনে বজাৰৰ মোনা। 

বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে এখন ছবি, যিখন ছবি দেখাৰ পিছত আপুনিও হাঁহিব। আচলতে এই তালিকাত এগৰাকী পত্নীয়ে আনিবলগীয়া কিছুমান শাক-পাচলি আৰু গেলামালৰ সামগ্ৰীৰ পৰিমাণ আৰু সংখ্যাৰ বিষয়ে বিতংভাৱে লিখিছে। 

এই তালিকাখন চালে এনে লাগে যেন কোনোবাই স্কুলৰ পাঠ্যক্ৰমৰ বিশদ টোকা লিখিছে। পত্নীয়ে তালিকাত উল্লেখ কৰিছে, কি পৰিমাণ আৰু কি ৰং আৰু ডিজাইনৰ বস্তু আনিব লাগিব, যাতে তেওঁৰ স্বামীয়ে বজাৰ কৰাত কোনো সমস্যাৰ সন্মুখীন নহয় আৰু তেওঁ কেৱল বজাৰৰ পৰা সঠিক বস্তুহে ক্ৰয় কৰি ঘৰলৈ আনে। 

এই তালিকাখনে ছ’চিয়েল মিডিয়াৰ নেটিজেনসকলক বৰ আমোদ দিছে।

Share This