ট্রাম্প-নেটান্যাহুৰ উত্তপ্ত টেলিফ'নিক বার্তালাপত স্পষ্ট হ'ল মত বিভাজন

dainik janambhumi May 22, 2026

ডিজিটেল ডেস্ক : ইৰান যুদ্ধক লৈ নিজৰ মাজতে বিবাদত লিপ্ত হৈছে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহু। মধ্য প্রাচ্যৰ যুদ্ধখন কিদৰে আগবঢ়াই নিব পাৰি সেই সন্দৰ্ভত একমত নহয় দুই শীর্ষ নেতা। মঙলবাৰে নেটান্যাহু আৰু ট্রাম্পৰ মাজত ইৰান যুদ্ধক লৈ প্রায় ১ ঘণ্টাজোৰা বাৰ্তালাপ হয় আৰু এই বার্তালাপ অতি উত্তপ্ত হৈ পৰে। 

বাৰ্তালাপৰ পাছতে ইৰান যুদ্ধক লৈ দুই মিত্ৰ ৰাষ্ট্ৰৰ বিভাজনো স্পষ্ট হৈ পৰিছে। টেলিফ'নিক বার্তালাপত নেটান্যাহুৱে ইৰানত পুনৰ বিমান আক্ৰমণ আৰম্ভ কৰাৰ বিষয়ত মত প্ৰকাশ কৰাৰ বিপৰীতে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে উপ-সাগৰীয় ৰাষ্ট্ৰখনত পুনৰ সামৰিক আক্ৰমণ আৰম্ভ কৰাতকৈ কূটনৈতিক আলোচনা চলোৱা বিষয়টোকহে অগ্রাধিকাৰ দিয়ে। 

ইজৰাইলী প্ৰধানমন্ত্ৰীজনে ইৰানৰে শান্তি আলোচনা চলাই যোৱা বিষয়টোত গভীৰ সংশয় প্ৰকাশ কৰাৰ লগতে তেহৰানৰ সামৰিক শক্তি হ্রাস কৰাৰ বাবে আৰু কৌশলগত আন্তঃগাঁথনি দুৰ্বল কৰাৰ বাবে পুনৰ দেশখনত আক্রমণ চলাব বিচাৰিছে। 

কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পে নেটান্যাহুৰ এই প্ৰস্তাৱত সন্মতি নিদি প্রথমে ইৰানৰে শান্তি আলোচনাৰহে পোষকতা কৰে। অর্থাৎ ঐক্যবদ্ধভাৱে ইৰানত আক্ৰমণ চলালেও শেহতীয়াকৈ যুদ্ধখনক লৈ দুই মেৰুত অৱস্থান কৰিছে ট্রাম্প আৰু নেটান্যাহুৱে।

Share This