ট্রাম্পৰ বাবেই গভীৰ হৈছে ৰুছ-ভাৰতৰ সম্পৰ্ক

dainik janambhumi December 08, 2025

ডিজিটেল ডেস্ক : মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ সম্পূর্ণ অক্ষমতাৰ বাবেই ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্ক দৃঢ় হৈছে। ৰাষ্ট্ৰপতি ট্রাম্পে ভাৰতৰ সৈতে সঠিক ধৰণেৰে কূটনৈতিক সম্পর্ক স্থাপনত ব্যর্থ হোৱাৰ বাবেই আজিৰ তাৰিখত ৰাছিয়া ভাৰতৰ অধিক কাষ চাপিবলৈ সক্ষম হ'ল। পেন্টাগনৰ প্ৰাক্তন বিষয়া মাইকেল কবিনে এই দাবী কৰে। ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ শেহতীয়া সফল ভাৰত ভ্ৰমণৰ পাছতে পেন্টাগনৰ প্রাক্তন বিষয়াজনে এইদৰে মন্তব্য কৰে। আনহাতে, নতুন দিল্লীলৈ অবিৰতভাৱে বাণিজ্য অব্যাহত বখাত ৰুছ ৰাষ্ট্ৰপতি পুটিন প্রতিশ্রুতিবদ্ধ হৈছে বুলিও তেওঁ কয়। 

কবিনে কয় যে ৰাষ্ট্ৰপতি ট্রাম্পৰ কাৰ্যই মার্কিন নাগৰিকক বিপাঙত পেলাইছে। ট্রাম্পৰ কাৰ্যপন্থাই ৱাশিংটন আৰু নতুন দিল্লীৰ সম্পৰ্ক অধিক অৱনতি কৰিছে বুলি কবিনে দাবী কৰে। পাকিস্তানৰ 'তোষামোদ অথবা উৎকোচৰ' বাবেই ট্রাম্পে এই কার্য কৰি আছে নেকি বুলি কবিনে প্রশ্ন কৰে। ড'নাল্ড ট্রাম্পৰ এই অভিপ্রায়ক লৈ এতিয়া প্রতিজন আমেৰিকাবাসীয়ে প্রশ্ন তুলিছে। সম্ভৱতঃ এয়া পাকিস্তানৰ তোষামোদৰে ফল। ইয়াতকৈ অধিক সম্ভাৱনা আছে যে তুৰস্ক আৰু কাটাৰৰ পৃষ্ঠপোষকতাত পাকিস্তানে ড'নাল্ড ট্রাম্পক উৎকোচ দি আছে, কবিনে কয়। সম্ভবতঃ এইটো ভয়ংকৰ উৎকোচেই আহি থকা দশকবোৰত আমেৰিকানসকলৰ বাবে দুর্যোগ কঢ়িয়াই আনিব। মার্কিন প্রতিৰক্ষা বিভাগৰ প্রাক্তন বিষয়াজনে কয় যে ৰাছিয়াৰ তেল ক্ৰয় নকৰিবলৈ ভাৰতক বক্তৃতাৰ ফুলজাৰি মাৰি থকা ৰাষ্ট্ৰপতি ট্রাম্পে 'ভণ্ডামি' প্রদর্শন কৰি নিজেই মস্কোৰ সৈতে ৱাশিংটনৰ বাণিজ্য অব্যাহত ৰাখিছে আৰু মস্কোৰ সন্দৰ্ভত নতুন দিল্লীৰ সম্পৰ্কৰ বিষয়ত সমালোচনা কৰি আছে। 

এ এন আইৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত কবিনে কয় যে আমেৰিকাবাসীয়ে ভালদৰে বুজি পাইছে যে ভাৰতৰ স্বাৰ্থৰ বাবে কিয় ভাৰতবাসীয়ে মোদীক প্রধানমন্ত্রী হিচাপে বাৰে বাৰে নিৰ্বাচিত কৰিছে। ভাৰত হৈছে বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ। সেইবাবে ভাৰত হৈছে বিশ্বৰ মুখ্য বজাৰ। আমেৰিকাই ৰাছিয়াৰ পৰা সামগ্রী ক্ৰয় কৰি আছে, কিন্তু ভাৰতক এনে নকৰিবলৈ ট্রাম্পে ভণ্ডামি প্রদর্শন কৰি আছে বুলি কবিনে কয়। ৰুছ ৰাষ্ট্ৰপতি পুটিনক ভাৰতত আড়ম্বৰপূৰ্ণ আদৰণি জনোৱাৰ বিষয়ত কবিনে কয় যে ভাৰত আৰু ৰাছিয়াৰ সম্পর্ক অধিক উন্নত হোৱাৰ বাবে ট্রাম্পেই দায়ী। ৰাষ্ট্ৰপতি ট্রাম্পক এই বিষয়ত শান্তিৰ নোবেল বঁটা দিব লাগে বুলি কবিনে কটাক্ষ কৰে।

Share This