ডিজিটেল ডেস্ক: মধ্যপ্রাচ্যত চলি থকা যুদ্ধত ইৰানে আমেৰিকাৰ ইটোৰ পাছত সিটো সামৰিক ঘাটিত আক্রমণ আৰু মধ্য প্রাচ্যত কোটি টকীয়া এয়াৰ ডিফেন্স তথা ৰাডাৰ আৰু যোগাযোগ ব্যৱস্থা বিধ্বস্ত কৰাৰ সময়তে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইৰানৰ মহাবিনাশৰ প্ৰস্তুতি চলাইছে।
পূৰ্বে ধাৰণা কৰাতকৈ ইৰানৰ প্ৰশাসন অধিক শক্তিশালী আৰু বিধ্বংসী হোৱাৰ পৰিপ্ৰেক্ষিতত আমেৰিকাই মধ্য প্রাচ্যৰ যুদ্ধত নিজৰ বায়ু সেনাৰ আটাইতকৈ শক্তিশালী বাহিনীকেইটাক একেলগে আক্রমণত নমোৱাৰ সিদ্ধান্ত লৈছে। আমেৰিকাই প্ৰথমবাৰৰ বাবে নিজৰ তিনিখন দীর্ঘ দূৰত্বৰ আটাইতকৈ শক্তিশালী বোমাৰু বিমান ক্রমে বি-২ স্পিৰিট, বি-১ লান্সাৰ আৰু বি-৫২ ষ্ট্ৰেট'ফট্ৰেছ যুদ্ধত মোতায়েন কৰে। বিশেষজ্ঞসকলৰ মতে, আমেৰিকাই নিজৰ আটাইতকৈ শক্তিশালী তিনিওখন বোমাৰু বিমান মোতায়েন কৰি ইৰানৰ বিৰুদ্ধে যুদ্ধক নিৰ্ণায়ক পৰ্যায়লৈ নিয়াৰ প্রস্তুতি চলাইছে। তিনিওখন বোমাৰু বিমান একেসময়তে আক্রমণত নমাই আমেৰিকাই এক শক্তিশালী ভূ-ৰাজনৈতিক বার্তা দিবলৈ বিচাৰিছে। ইয়াৰ যোগেদি মার্কিন সেনাই দীর্ঘ দূৰত্বৰ পৰা প্ৰচণ্ড আক্ৰমণ কৰা, ইৰানৰ আণ্ডাৰগ্ৰাউণ্ড ঘাটিসমূহ বিধ্বস্ত কৰা আৰু আকাশমাৰ্গত নিয়ন্ত্রণ নিজৰ হাতত ৰখাটো নিশ্চিত কৰিবলৈ বিচাৰিছে। ইয়াৰ লগতে বিভিন্ন পৰ্যায়ত ষ্টিলথ আক্ৰমণ, ছুপাৰছনিক আক্রমণ আৰু প্ৰচণ্ড বোমা বর্ষণ একেলগে কৰা দিশত আগবাঢ়িছে।
বি-২ স্পিৰিট হ'ল আমেৰিকাৰ অত্যাধুনিক তথা অতি উন্নতমানৰ ষ্টিলথ বোমাৰু বিমান। এই বিমানখনে ৰাডাৰ প্ৰণালীত ধৰা নপৰাকৈ শত্ৰুৰ অতি গোপন লক্ষ্য স্থানত আঘাত হানিব পাৰে। ইয়াৰ জৰিয়তে ইৰানৰ আণ্ডাৰগ্ৰাউণ্ড পাৰমাণৱিক কেন্দ্ৰ আৰু সামৰিক স্থানসমূহত আক্ৰমণ কৰি বিধ্বস্ত কৰিব। আনহাতে, বি-১ বি লান্সাৰ হ'ল এখন ছুপাৰছনিক বোমাৰু বিমান আৰু ই অতি দ্রুতগতিত দীর্ঘ দূৰত্বৰ লক্ষ্য স্থানত পৰম্পৰাগত অস্ত্ৰৰে আক্ৰমণ কৰিব পাৰে। এই বিমানৰ পৰা প্ৰচণ্ডভাৱে ক্ষেপণাস্ত্র নিক্ষেপ কৰাৰ লগতে বোমা বৰ্ষণ কৰিব পাৰি।
বি-৫২ ষ্ট্ৰেট'ফৰ্ট্ৰেছ আমেৰিকাৰ বায়ু সেনাৰ শক্তিৰ প্রতীক। এই বিমানে দীর্ঘ দূৰত্বৰ লক্ষ্য স্থানত ক্রুজ ক্ষেপণাস্ত্ৰ আৰু প্রচণ্ডভাৱে বোমা বৰ্ষণ কৰিব পাৰে। প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মতে, এই তিনিওখন বিমান একেলগে মেতায়েন কৰাৰ অৰ্থ হ'ল ইৰানত মহাবিনাশ সৃষ্টি কৰা। ইয়াৰ জৰিয়তে ইৰানৰ এয়াৰ ডিফেন্স, ক্ষেপণাস্ত্ৰৰ ভাণ্ডাৰ, কমাণ্ড চেণ্টাৰ আৰু পাৰমাণৱিক আন্তঃগাঁথনি একেসময়তে বিধ্বস্ত কৰিবলৈ পৰিকল্পনা কৰিছে মার্কিন সেনাই।
ইৰানে আক্ৰমণ অব্যাহত ৰাখিলে আমেৰিকাই এই তিনিওখন বিমানেৰে দেশখনত মহা বিনাশৰ সৃষ্টি কৰিব। আমেৰিকাৰ আটাইতকৈ শক্তিশালী তথা অতি উন্নত এই বিমান তিনিখনৰ মোকাবিলা কৰিবলৈ ইৰানৰ বাবে অতি প্রত্যাহ্বানমূলক হ'ব বুলি কোৱা হৈছে। ই বিশ্বৰ আন শক্তিশালী দেশবোৰৰ বাবেও ৰাষ্ট্ৰপতি ট্রাম্পৰ এক শক্তিশালী বার্তা ৰূপে পৰিগণিত হৈছে। ৰাষ্ট্ৰপতিজনে ইৰানৰ বিৰুদ্ধে আমেৰিকাৰ সম্পূৰ্ণ সামৰিক শক্তি ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে। ই আমেৰিকাৰ বাবে এক শক্তি প্রদর্শনো হ'ব। ইয়াৰ পাছত অঞ্চলটোত উত্তেজনা অধিক বৃদ্ধি পোৱাৰ হাস আশংকা কৰা হৈছে।