'হোৱাইট হাউছ কৰেছপণ্ডে ডিনাৰ' চলি থকা সময়তে গুলীচালনা, ট্রাম্পক হত্যাৰ চেষ্টা, বিশ্বত চাঞ্চল্য

dainik janambhumi April 27, 2026

ডিজিটেল ডেস্ক: ৱাশ্বিংটনত শনিবাৰে নিশা ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পক আক্ৰমণৰ লক্ষ্যৰে চলোৱা গুলীবর্ষণৰ এক ঘটনাই বিশ্বজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাষ্ট্ৰপতি ট্রাম্প আৰু উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স উপস্থিত থকা বার্ষিক 'হোৱাইট হাউছ কৰেছপণ্ডেণ্টছ ডিনাৰ'ৰ সময়ত নিৰাপত্তা বেষ্টনী ভেদ কৰি বন্দুকবাৰী কোপারীয়ে ওলীচালনা কৰে পত্নী মেলানিয়া, উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সকে ধৰি দেশখনৰ শীৰ্ষস্থানীয় বিষয়াসকল উপস্থিত থকা হোটেলখনৰ 'বলৰূম'ত প্ৰৱেশৰ প্ৰচেষ্টা চলাইছিল। 

ৱাশ্বিংটন হিল্টন হোটেলত শনিবাৰে নিশা এই কাৰ্যসূচীৰ
আয়োজন কৰা হৈছিল। বাতৰি প্রতিষ্ঠান এ পিয়ে প্রকাশ
কৰা মতে, বন্দুকধাৰী আক্ৰমণকাৰীয়ে হোটেলখনৰ 'বলৰূম'ৰ সন্মুখত আচম্বিতে গুলীচালনা কৰে। সেই সময়ত তাত প্রায় ২৬০০ গৰাকী অতিথি উপস্থিত আছিল। বন্দুকধাৰীয়ে গুলীচালনা কৰাৰ সময়ত ৰাষ্ট্ৰপতি ট্রাম্প আৰু তেওৰ পত্নী মেলানিয়া, উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স মঞ্চত উপস্থিত আছিল। 

চি এন এনে প্রকাশ কৰা মতে, গুলীচালনাৰ ঘটনাটো ঘটাৰ লগে লগে 'ছিক্রেট ছার্ভিছে' ৰাষ্ট্ৰপতিট্রাম্পক তাৰ পৰা সুৰক্ষিতভাৱে আঁতৰাই নিয়ে। অৱশ্যে ছিক্রেট ছার্ভিচে তাত থকা আন বিশিষ্ট লোকসকলকো সুৰক্ষিত স্থানলৈ লৈ যায়। নৈশ ভোজৰ অনুষ্ঠান চলি থকাৰ সময়তে ছিক্রেট ছাৰ্ভিচৰ এজেন্টে বাহিৰত 'গুলীচালনা হৈছে' বুলি চিঞৰা শুনা গৈছিল। 

উল্লেখযোগ্য যে হোৱাইট হাউছ কৰেছপণ্ডেণ্টছ ডিনাৰত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতিৰ উপৰি এফ বি আইৰ সঞ্চালক কাশ পেটেল, বিত্ত সচিব স্কট বেছেন্ট, বিদেশ সচিব মার্কো ৰুবিঅ', প্রতিক্ষা সচিব পিট হেগছেথ, নেশ্যনেল ইন্টেলিজেন্সৰ সঞ্চালক তুলসী গাবার্ড, হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰ'লিন লেভিটো উপস্থিত আছিল। পাছত অৱশ্যে বন্দুকধাৰী আক্ৰমণকাৰীক কৰায়ত্ত কৰা হয়। এই ঘটনাৰ কেইবাটাও ভিডিঅ' প্রকাশ পাইছে। ইয়াত দেখা পোৱা মতে, হোটেলখনৰ বাহিৰত গুলীচালনা হোৱাৰ সময়ত নৈশভোজত উপস্থিত থকা অতি বিশিষ্ট ব্যক্তি তথা অতিথিসকলৰ মাজত হুৱা-দুৱা লাগে। সেই সময়ত ৰাষ্ট্ৰপতি ট্রাম্পক ছিক্রেট ছাৰ্ভিচৰ এজেন্টে টেবুলৰ তলত সুৰক্ষিত কৰি ৰখাৰ চেষ্টা কৰে। আন এটা ভিডিঅ'ত দেখা পোৱা মতে, হলটোৰ বাহিৰত গুলীচালনাৰ শব্দ শুনাৰ লগে লগে তাত উপস্থিত থকা লোকসকলক টেবুলৰ তলত লুকাবলৈ লোৱা দেখা পোৱা গৈছিল। সেই সময়তে নিৰাপত্তা বাহিনীৰ এজন লোক আহি ট্রাম্পক এই বিষয়ে অৱগত কৰে। ইয়াৰ পাছত ছিক্রেট ছার্ভিচৰ এজেন্ট আহি ট্রাম্পক ঘেৰি ধৰে আৰু হলটোৰ পাছফাললৈ লৈ যায়। সেইসময়ত ৰাষ্ট্ৰপতি ট্রাম্পক থৰক-বৰক খোজেৰে আগবঢ়া দেখা পোৱা যায়। পাছত তেওঁক তাৰ পৰা সুৰক্ষিতভাৱে বাহিৰলৈ নিয়া হয়। অৱশ্যে কেৱল ট্রাম্পেই নহয়, তাত উপস্থিত থকা আন লোকসকলকো টেবুলৰ তলত আশ্রয় লোৱা দেখা পোৱা যায়। হলটোত তাত উপস্থিত থকা অতিথিসকলৰ ৰুমাল সিঁচৰতি হৈ পৰি থকা ভিডিঅ'টোত দেখা পোৱা যায়। 

ইফালে হোটেলৰ কৰ্মচাৰী তথা ৱেইটাৰসকলক দৌৰি তাৰ পৰা পলোৱা দেখা পোৱা গৈছিল। নিৰাপত্তা বাহিনীয়ে হোটেলখন খালী কৰি দিয়ে। প্রত্যক্ষদর্শীৰ মতে বন্দুকধাৰীয়ে ৪-৫ ৰাউণ্ড গুলীচালনা কৰে। ইফালে আক্ৰমণটোৰ কিছুসময়ৰ পাছতে ৰাষ্ট্ৰপতি ট্রাম্পে তেওঁক আক্ৰমণৰ প্ৰচেষ্টা চলোৱা এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়ে। ইয়াৰ লগতে তেওঁক প্ৰাণৰক্ষা কৰাৰ কাৰণে ছিক্রেট ছাৰ্ভিচৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰে। এই ঘটনাৰ পাছতে ট্রাম্পে হোৱাইট হাউছত এখন সংবাদ মেলত লগতে কয় যে আক্রমণকাৰী কেইবাবিধো অস্ত্ৰৰে সজ্জিত হৈ আহিছিল আৰু তেওঁ নিৰাপত্তা বেষ্টনী ভেদ কৰি ভিতৰলৈ অহাৰ চেষ্টা কৰিছিল। ট্রাম্পে আমেৰিকাৰ জনসাধাৰণক শান্ত হৈ থকাৰ আহবান জনায় আৰু এই ঘটনাক তেওঁৰ নিৰাপত্তাত থকা ডাঙৰ সুৰুঙা বুলি কয়। সাংবাদ মেলত ট্রাম্পে কয় যে বন্দুকধাৰী আক্ৰমণকাৰীয়ে প্রথমে এটা নিৰাপত্তা তালাচী লোৱা স্থানত আক্রমণ কৰে। লগে লগে নিৰাপত্তা বাহিনীৰ লোকে তেওঁক কৰায়ত্ত কৰে। 

ৰয়টাৰে প্ৰকাশ কৰা মতে, বন্দুকধাৰীয়ে শ্বটগানেৰে ছিক্রেট ছাৰ্ভিচৰ এজেণ্টক গুলীয়ায়। অৱশ্যে তেওঁ আঘাত নাপালে। ট্রাম্পে জনোৱা মতে, এই বিষয়াজন সম্পূর্ণরূপে সুৰক্ষিত হৈ আছে। ট্রাম্পে প্রকাশ কৰা মতে প্ৰাৰম্ভিক তদন্তৰ পৰা জানিব পৰা মতে, আক্রমণকাৰী কেলিফর্নিয়াৰ আৰু তেওঁ অকলে আহিছিল। ট্রাম্পে লগতে এই বুলিও কয় যে সন্ত্ৰাসৰ ওচৰত তেওঁ সেও নামানে আৰু হোৱাইট হাউছ কৰেছপণ্ডেছ ডিনাৰ বাতিল কৰা হোৱা নাই, স্থগিতহে ৰখা হৈছে। আমেৰিকাৰ সংবাদ মাধ্যমৰ মতে, আক্রমণকাৰীক ৩১ বছৰীয়া কল টমাছ এলন বুলি চিনাক্ত কৰা হৈছে আৰু তেওঁ কেলিফর্নিয়াৰ টৰেন্সৰ বাসিন্দা তেওঁ অংশকালীন শিক্ষক আৰু ভিডিঅ' গেম ডেভেলপাৰ তেওঁক ২০২৪ চনৰ ডিচেম্বৰত 'টিচাৰ অব দ্য মান্থ' বাছনি কৰা হৈছিল। ২০১৭ চনত ক্লেফর্নিয়া ইঞ্জিনীয়াৰিং ইনষ্টিটিউটৰ পৰা স্নাতক আৰু যোৱা বছৰ কেলিফর্নিয়া ষ্টে ইউনিভাৰ্ছিটিৰ পৰা কম্পিউটাৰ ছায়েন্সত মাষ্টাৰ ডিগ্রী লৈছিল। তেওঁ এই হোটেলখনতে আছিল। এই ঘটনাৰ প্ৰকাশ কৰা ফটোত দেখা পোৱা মতে, আক্রমণকাৰীক অর্ধনগ্ন অৱস্থাত পেট পেলাই তললৈ মূৰ কৰি থকা অৱস্থাত আছিল আৰু তেওঁৰ হাত বন্ধা অৱস্থাত আছিল। তেওঁৰ পৰা এটা শ্বটগান, এটা হেণ্ডগান আৰু কেইবাখনো ছুৰী উদ্ধাৰ কৰা হৈছে। অৱশ্যে এই ঘটনাৰ সৈতে ইৰান যুদ্ধৰ কোনো সম্পর্ক নাই বুলি ট্রাম্পে কয়। অৱশ্যে তেওঁ লগতে কয় যে এই ঘটনাত তেওঁ ইৰানৰ বিৰুদ্ধে চলি থকা যুদ্ধত জয়ী হোৱাৰ উদ্দেশ্যৰ পৰা তেওঁ পিছ হুঁহকি নাযায় সংবাদ মাধ্যমত প্রকাশ পোৱা বাতৰি মতে, যিখন টেবুলত ৰাষ্ট্ৰপতি ট্রাম্প বহিছিল, ঠিক তাৰ কাষতে গুলীচালনাৰ ঘটনাটো ঘটে। 

উল্লেখযোগ্য যে আজিৰ পৰা ৪৫ বছৰৰ আগতে ১৯৮১ চনৰ ৩০ মাৰ্চত একেখন হোটেলতে তেতিয়াৰ ৰাষ্ট্ৰপতি ৰোনাল্ড ৰিগানক আক্ৰমণ কৰা হৈছিল উল্লেখযোগ্য যে ইয়াকে ধৰি ট্রাম্পক এতিয়ালৈকে তৃতীয়বাৰ আক্ৰমণৰ প্ৰচেষ্টা চলোৱা হয়। ইয়াৰে প্ৰথমটো ঘটনা ২০১৬ চনত লাছ ভেগাছত আৰু দ্বিতীয়টো ঘটনা ২০২৪ চনত পেনছিলভিনিয়াত ঘটিছিল।

Share This