ইৰানৰ আক্ৰমণত হেৰুৱাইছে থৰকাছুটি, যুদ্ধ-বিৰতি বিচাৰে ট্ৰাম্পে

dainik janambhumi March 23, 2026

ডিজিটেল ডেস্ক: আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে যুদ্ধত ইৰানী ড্ৰ'ন আৰু ক্ষেপণাস্ত্ৰ আক্ৰমণত থৰকাছুটি হেৰুৱাই পেলোৱা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে অৱশেষত যুদ্ধ-বিৰতি বিচৰা বুলি জনা গৈছে। 

এক্সিয়জ নিউজে এই বাতৰি দি কয় যে ৰাষ্ট্ৰপতি ট্রাম্পে ইৰানৰ নেতৃত্বৰ সৈতে যুদ্ধ-বিৰতিৰ আলোচনা কৰিবলৈ বিচাৰিছে। অৱশ্যে ইৰানে যুদ্ধ-বিৰতিৰ আলোচনাৰ বাবে কেইটামান চৰ্ত আৰোপ কৰিছে। ইৰানে এইবুলি চৰ্ত আৰোপ কৰে যে আলোচনাৰ আগতে ইৰানত কৰা আক্ৰমণ বন্ধ কৰিব লাগিব, দেশখনত যুদ্ধৰ ক্ষতিপূৰণ দিব লাগিব আৰু ভৱিষ্যতে দেশখনত আক্রমণ নকৰাৰ নিশ্চয়তা দিব লাগিব। আনহাতে, ট্রাম্পে স্পষ্ট কৰি দিয়ে যে ইৰানৰ সকলো দাবী মানি ল'বলৈ তেওঁ প্রস্তুত নহয়। বিশেষকৈ ইৰানক ক্ষতিপূৰণ দিয়াৰ চৰ্ত তেওঁ মানি নলয়। 

উল্লেখযোগ্য যে আমেৰিকাই ইৰানৰ ক্ষেপণাস্ত্ৰ কাৰ্যসূচী কিছুদিনৰ বাবে বন্ধ ৰখা, ইউৰেনিয়ামৰ সমৃদ্ধকৰণ বন্ধ কৰা আৰু পাৰমাণৱিক কেন্দ্ৰসমূহ বন্ধ ৰখাটো বিচাৰিছে। ইয়াৰ লগতে ইৰানে হিজবুল্লা আৰু হামাছক সহায় কৰাটোও বন্ধ ৰাখিব লাগিব বুলি আমেৰিকাই কয়। 

এক্সিয়জ নিউজে লগতে প্রকাশ কৰে যে ৰাষ্ট্ৰপতি ট্রাম্পৰ উপদেষ্টা জেৰেড কুছনাৰ আৰু ষ্টিভ বিটকাফে ইৰানৰ সৈতে যুদ্ধ-বিৰতিৰ আলোচনাৰ বাবে চেষ্টা কৰি আছে। উল্লেখযোগ্য যে বর্তমান আমেৰিকা আৰু ইৰানৰ মাজত প্রত্যক্ষ আলোচনা নহয়, কিন্তু ইজিপ্ত, কাটাৰ আৰু ব্রিটেইনৰ দৰে দেশৰ মধ্যস্থতাত যুদ্ধ-বিৰতি কৰিবলৈ বিচাৰিছে।

Share This