হালধীৰো আছে এটা সুকীয়া স্থান, জানো আহক ইয়াৰে সবিশেষ 

Kakali Deka November 13, 2023

ডিজিটেল ডেস্ক : অসমীয়া সমাজত হালধিৰ আছে সুকীয়া স্থানা প্রাচীন কালৰে পৰা বৰ্তমানলৈকে হালধিক বিভিন্ন ধৰণৰ ৰোগ নিৰাময়ৰ প্ৰতিৰোধকৰূপে ব্যৱহাৰ হৈ আহিছে।

হালধি হ'ল এবিধ তৃণ জাতীয় বনৌষধি গুণেৰে পৰিপুষ্ট মছলাজাতীয় উদ্ভিদ। আয়ুর্বেদ শাস্ত্ৰত হালধিক সবাতোকৈ স্বাস্থ্যকৰ মছলা বুলি কোৱা হয়। বিভিন্ন ধৰণৰ ৰোগৰ নিৰাময়ৰ প্ৰতিৰোধকৰূপে হালধি বহুলভাৱে ব্যৱহাৰ কৰা হয়। ঔষধি গুণৰ লগতে ৰান্ধনি ঘৰত হালধি এক অন্যতম মছলা। সৌন্দয্য চৰ্চাতো হালধিৰ ব্যৱহাৰ উল্লেখনীয়। ইয়াৰ উপৰি হালধি ভাৰতীয় সংস্কৃতিৰ অব্বিচ্ছেদ্য অংগ। বিশ্বত বছৰি ৮ লাখ টন হালধি উৎপাদন কৰা হয়। ইয়াৰে ৭৫% ভাৰতত উৎপাদন কৰা হয়।

অসমীয়া সংস্কৃতিত হালধিৰ বিশেষ গুৰুত্ব আছে। ব'হাগ বিহুত গা ধুবলৈ কেঁচা হালধিৰ সৈতে মাটিমাহৰ প্রলেপ বনাই সানি ব্যৱহাৰ কৰা হয়। বিবাহৰ পূৰ্বে কেঁচা হালধি সানি দৰা-কইনাক গা ধুওৱা হয়।

কোনো পদাৰ্থৰ খাৰুৱা গুণ বা অম্লতা চিনাক্ত কৰিবলৈ হালধি নিমিত কাগজ ব্যৱহাৰ হৈছিল। এচিড মাধ্যমত

আনে কাকত হালধীয়া পৰে আৰু খাৰুৱা মাধ্যমত এনে কাকত ৰঙা বৰণৰ হয়।

ঔষধি গুণেৰে পৰিপুষ্ট হোৱাৰ উপৰি হালধি ৰান্ধনি ঘৰৰ অন্যতম মছলা। ব্যঞ্জন তৈয়াৰ কৰিবলৈ প্ৰতিদিনে হালধি ব্যৱহাৰ কৰা হয়। ই ব্যঞ্জনত ৰং কঢ়িয়াই অনাৰ উপৰি ব্যঞ্জনত সুকীয়া সোৱাদ আনে। আনফালে, সৌন্দয্য চর্চা ক্ষেত্রতো হালধি বিশেষ গুৰুত্ব আছে। মুখমণ্ডলৰ উজ্জ্বলতা বঢ়াবলৈ, শালমইনা, ৰ'দে পোৰা আদিৰ বাবে হালধি ব্যৱহাৰ কৰা হয়।

হালধিৰ উপকাৰিতা-

১. হালধি হৃদৰোগৰ বাবে উপকাৰী। কেঁচা হালধিৰ নিয়মীয়াকৈ সেৱন কৰিলে দেহত বৃদ্ধি পোৱা কলেষ্টেৰল পৰিমাণ হ্ৰাস কৰাত যথেষ্ট সহায় কৰে। যাৰ ফলত হৃদৰোগৰ পৰা ৰক্ষা পাব পাৰি।

২. শৰীৰৰ যিকোনো ধৰণৰ কটা- ছিঙা বা ঘাঁহ আদি হ'লে তাত কেঁচা হালধি পিচি প্ৰলেপ লগালে উপকাৰ হয়।

৩. শৰীৰৰ গাঁঠিৰ বিষত হালধিৰ উপকাৰিতা দেখা যায়। হালধিয়ে গাঁঠি জোৰাৰ বিষ নিৰাময় কৰে।

৪. হালধিয়ে খাদ্যৰ পাচন প্রক্রিয়াত যথেষ্ট সহায় কৰে আৰু হজম শক্তি বঢ়াই।
৫. হালধি ছালৰ সংক্ৰমণ (skim infections) ৰোধ কৰে। শালমন, কলাদাগ, ৰ'দে পোৰা আদিত হালধিৰ

ব্যৱহাৰ কৰে।

৬. হালধি মুখৰ উজ্জ্বলতাৰ বাবেও উপকাৰী।

৭. হালধি সংক্ৰমণ ৰোধক বিনিয়েল, এন্টিভাইৰেল গুণযুক্ত।

৮. হালধি চকুৰ ৰোগৰ বাবে উপকাৰী। কেটেৰেক্ট ইউডিআইটিচৰ দৰে চকুৰ ৰোগসমূহ নিৰাময় কৰে। ৯. লিভাৰৰ ৰোগ, আভোক জণ্ডিছ, চিৰচিচ আদি ৰোগৰ বাবে হালধি উপকাৰী।

১০. পুৱা সময়ত হালধি গাখীৰ খালে শৰীৰ এলাৰ্জিসমূহ নাইকিয়া হয়।

Share This