ডিজিটেল ডেস্ক : শিক্ষকসকলৰ দৰেই টিউটৰসকলেও সোমবাৰৰ পৰা শুকুৰবাৰলৈ প্ৰতি দিনে পুৱা ৯-১৫ বজাৰ পৰা বিয়লি ৩-৩০ বজালৈকে বিদ্যালয়ত উপস্থিত থাকিব লাগে। বিভিন্ন শ্ৰেণীত ঘণ্টাৰ পিছত ঘণ্টা বিৰামহীনভাৱে ছাত্র-ছাত্রীক পাঠদান কৰিব লাগে। আন শিক্ষকৰ দৰেই এই টিউটৰসকলেও পুৱা ৯-১৫ বজাত বিদ্যালয় চৌহদত উপস্থিত হৈ শিক্ষা সেতু অসম এপৰ জৰিয়তে ডিজিটেল উপস্থিতি আৰু বিয়লি ৩-৩০ বজাত বিদ্যালয় এৰাৰ সময়তো শিক্ষা সেতু এপত আউট টাইম দিব লাগে। একেই কাম, একেই পদবী অথচ শিক্ষকৰ দৰমহা ৩০-৩৬ হাজাৰ টকাৰ পৰা ৮০-৮৫ হাজাৰ টকা আৰু টিউটৰসকলৰ মজুৰি মাত্র ১০,৮০০ টকাৰ পৰা ১২ হাজাৰ টকা।
অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিয়ে জনতাক জুৰুলা কৰাৰ সময়ত এই মজুৰি লাভ কৰা টিউটৰসকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। চৰকাৰী চাকৰিয়াল হোৱা হেতুকে এই টিউটৰসকল চৰকাৰৰ সকলো হিতাধিকাৰী আঁচনিৰ পৰা বঞ্চিত। অথচ তেওঁলোকে জৰীপ, নির্বাচনী কর্তব্যও সমাপন কৰিব লাগে।
উল্লেখযোগ্য যে, ২০২৫ত ৰাজ্যখনত অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত নিৰ্বাচনৰ প্ৰতিখন নির্বাচনী প্ৰচাৰ সভাতেই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সদম্ভে ঘোষণা কৰিছিল এনেদৰে- 'এক অক্টোবৰৰ পৰা টিউটৰসকলৰো দৰমহা বঢ়াই দিম।' তেতিয়াৰ পৰাই ৰাজ্যৰ টিউটৰসকলে আশাৰে বাট চাই আছিল এইবাৰ নিশ্চিতভাৱে তেওঁলোকৰ দৰমহা বৃদ্ধি হ'ব বুলি। পঞ্চায়ত নির্বাচন অনুষ্ঠিত হৈ যোৱা এবছৰ পাৰ হ'ল। ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত পুনৰ বিজেপি চৰকাৰ শাসনলৈ আহিল। নতুন চৰকাৰৰ একাধিক কেবিনেট বৈঠক আৰু প্ৰথমখন বিধানসভাৰ অধিৱেশনো ইতিমধ্যে সম্পন্ন হৈ গ'ল। কিন্তু অতি দুর্ভাগ্যজনকভাৱে উপেক্ষিত হৈ ৰ'ল ১০,৮০০ টকাৰ মজুৰি পোৱা টিউটৰসকলৰ সমস্যাটো।
শাসক-বিৰোধীৰ কোনো এগৰাকী বিধায়কৰ মুখত বিধানসভাৰ ভিতৰে-বাহিৰে শুনা নগ'ল টিউটৰৰ সমস্যাটোৰ কথা। ফলত এতিয়া ৰাজ্যৰ টিউটৰসকলক চৰম হতাশা আৰু দুৰ্ভাৱনাই আগুৰি ধৰিছে। উল্লেখ্য যে, বিগত ২০২১ বৰ্ষৰ ৩০ জানুৱাৰীত ৰাজ্য চৰকাৰে বিভিন্ন প্রাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ত বছৰ বছৰ ধৰি কৰ্মৰত অৱস্থাত থকা ৪৫২১গৰাকী শিক্ষকক টিউটৰক নিযুক্তি দি তেওঁ লোকৰ সেৱা নিয়মীয়া কৰিছিল।
অসম শিক্ষা (শিক্ষকৰ সেৱাৰ প্ৰাদেশিকীকৰণ আৰু শিক্ষানুষ্ঠানৰ পুনৰ সংগঠন) অধিনিয়ম ২০১৭ অনুসৰি তেওঁলোকৰ নিযুক্তি দিয়া হৈছিল। টিউটৰ হিচাপে চাকৰি নিয়মীয়া কৰা এইসকল শিক্ষকক ১৯৯১-১৯৯৯ চনৰ ভিতৰত শিক্ষা বিভাগেই নিযুক্তি দিছিল। কিন্তু পৰৱৰ্তীকালত ইলিগেল-ইৰেগুলাৰ শিক্ষক হিচাপে ওলমি ৰৈছিল এই শিক্ষকসকল। সুদীর্ঘ বছৰৰ আন্দোলন-দাবীৰ পৰিপ্ৰেক্ষিতত তেতিয়াৰ শিক্ষামন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পদক্ষেপত এই শিক্ষকসকলৰ যিসকলৰ বৃত্তিগত অর্হতা আছে, তেওঁলোকক শিক্ষক হিচাপে আৰু বাকীসকলক টিউটৰ হিচাপে চাকৰি নিয়মীয়া কৰি নিযুক্তি দিয়া হয়।
টিউটৰসকলৰ মাহিলি পাৰিতোষিক নির্ধাৰণ কৰা হয় মাত্র ১০,৮০০ টকা। অৱশ্যে এই টিউটৰসকলৰ বহুতৰে ইতিমধ্যে মৃত্যু হৈছে আৰু আন বহুতেই ইতিমধ্যেই অৱসৰ গ্ৰহণ কৰিছে। এইসকল টিউটৰক এক'মডেটেড টিউটৰ বুলিও কোৱা হয়। আনহাতে, একেটা বর্ষতে (২০২১) জানুৱাৰী মাহত ৰাজ্য চৰকাৰে ২০১৭ চনৰ প্ৰাদেশিকীকৰণ আইন অনুসৰি সেৱা প্ৰাদেশিকীকৰণ কৰি ৰাজ্যৰ হেজাৰ হেজাৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানত কৰ্মৰত ৯৮৯৫ গৰাকী শিক্ষককো টিউটৰ হিচাপে চাকৰি নিয়মীয়া কৰিছিল। এওঁলোকৰ মাজত একাংশ এল পি, এম ই, হাইস্কুল, উচ্চতৰ মাধ্যমিক বিদ্যালয় আনকি কনিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষকো আছিল। তেওঁলোকৰো পাৰিতোষিক ১০,৮০০ টকাৰ পৰা ১৬ হাজাৰ টকাৰ ভিতৰত আছিল। যি সমূহ ভেঞ্চাৰ শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষকক টিউটৰ হিচাপে তেওঁলোকৰ সেৱা নিয়মীয়াকৰণ কৰা হৈছিল, পৰৱৰ্তী সময়ত তেওঁলোকৰ তীব্র আন্দোলনৰ পৰিপ্ৰেক্ষিতত দুমাহ পূর্বে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে এক নির্দেশ যোগে প্রাদেশীকৃত (প্রভিঞ্চিয়েলাইড) টিউটৰসকলৰ মাহিলি পাৰিতোষিক মাত্ৰ বাৰশ টকা বৃদ্ধি কৰে। কিন্তু দুর্ভাগ্যজনকভাৱে সামান্য পাৰিতোষিক বৃদ্ধিৰ পৰাও বঞ্চিত হ'ব লগীয়া হয় ২০২১ চনৰ ৩০ জানুৱাৰীত নিযুক্তি দিয়া ৪৫২১গৰাকী এক 'মডেটেড টিউটৰ। জানিব পৰা মতে, ৰাজ্যখনৰ কেইবা হেজাৰ টিউটৰে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰাৰ লগতে আন একাংশৰ মৃত্যুও হৈছে।
টিউটৰ সংগঠনসমূহৰ পৰা জানিব পৰা মতে, আগন্তুক ২০২৭-২০২৮ বর্ষত এই টিউটৰসকলৰ অধিকাংশই অৱসৰ গ্ৰহণ কৰিব। বিগত বৰ্ষত অসম চৰকাৰে ৰাজ্যৰ টিউটৰসকলৰ মজুৰি প্ৰতি বছৰে ছয় শতাংশতকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল যদিও দুটা বিত্তীয় বর্ষ উকলি যোৱাৰ পাছতো চৰকাৰৰ সেই সিদ্ধান্ত কাৰ্যকৰী নহ'ল। চৰকাৰৰ সদিচ্ছাৰ ওপৰতে ওলমি ৰৈছে ৰাজ্যৰ হেজাৰ হেজাৰ দুৰ্ভগীয়া টিউটৰৰ ভৱিষ্যৎ।