ডিজিটেল ডেস্ক : অহা বছৰৰ টি-২০ বিশ্ব কাপৰ ফাইনেল অনুষ্ঠিত হ'ব আহমেদাবাদত। সেই অনুসৰি বি চি চি আয়ে মেগা ইভেন্টখনৰ বাবে ৫টা ভ্যেনুৰ নাম তালিকাভুক্ত কৰিছে। ভ্যেনুকেইটা হৈছে আহমেদাবাদ, দিল্লী, কলকাতা, চেন্নাই আৰু মুম্বাই।
উল্লেখযোগ্য যে এক লাখৰ অধিক আসনবিশিষ্ট বিশ্বৰ সৰ্ববৃহৎ ক্রিকেট ষ্টেডিয়াম আহমেদাবাদতে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ ২০২৩ চনৰ এদিনীয়া বিশ্ব কাপৰ ফাইনেল খেলখন অনুষ্ঠিত হৈছিল। ইফালে, আই চি চি চিয়ে ফেব্ৰুৱাৰী-মাৰ্চত হ'বলগীয়া বিশ্ব কাপৰ সম্পূৰ্ণ সূচীখন অহা সপ্তাহত ঘোষণা কৰিব।
আনহাতে, প্রতিযোগিতাখনৰ সহঃ আয়োজকৰ দায়িত্বত থকিব শ্রীলংকা। পাকিস্তানৰ বাবে নিৰপেক্ষ ভ্যেনু হ'ব শ্রীলংকা। শ্রীলংকাত কলম্বোসহ তিনিটা ভ্যেনুত হ'ব খেল। দেশৰ মাটিত হ'বলগীয়া বিশ্ব কাপত ভাৰতে ডিফেণ্ডিং চেম্পিয়ন হিচাপে অৱতীৰ্ণ হ'ব। যোৱা বছৰৰ জুনত বাৰবাডোজত অনুষ্ঠিত বিশ্ব কাপত খিতাপ জয় কৰিছিল ভাৰতে। উল্লেখযোগ্য যে পাকিস্তান ফাইনেলত উপনীত হ'লে শ্রীলংকাত হ'ব খিতাপৰ যুঁজ।