ডিফুৰ দুই ছাত্ৰীক কামৰ প্ৰলোভন দি ফুচুলাই লৈ গৈছিল দিল্লীৰ ৩ যুৱকে; তিনিওকে আটক

Rashmi May 18, 2026

ডিজিটেল ডেস্ক: ডিফুৰ দুগৰাকীকৈ ছাত্ৰীক দিল্লীৰ তিনি যুৱকে কামৰ প্ৰলোভন দি ফুচুলাই লৈ গৈছিল দিল্লীলৈ। সৌভাগ্যক্ৰমে ডিফু আৰক্ষীৰ তৎপৰতাত ছাত্ৰী দুগৰাকীক ৰে’লৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় বঙাইগাঁও আৰক্ষীয়ে৷ লগতে আটক কৰে দিল্লীৰ তিনি যুৱকক৷

যোৱা নিশা উদ্ধাৰ কৰা ছাত্ৰী দুগৰাকীসহ আটকাধীন দিল্লীৰ তিনিযুৱকক বঙাইগাঁৱৰ পৰা লৈ অহা হয় ডিফু আৰক্ষী থানালৈ৷ আটকাধীন দিল্লীৰ যুৱক কেইগৰাকী হ’ল মেট্ৰ’ বিহাৰৰ ১৮ বছৰীয়া ৰমেন কুমাৰ , ১৯ বছৰীয়া ৰোহিত চন্দ আৰু দিল্লী মজনু কা টিলাৰ ১৮ বছৰীয়া ৰোশন কুমাৰ৷

ডিফু চৰকাৰী বালক বিদ্যালয়ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰী দুগৰাকীক দুদিন পূৰ্বে যুৱক কেইজনে দিল্লীত কাম দিয়াৰ প্ৰলোভনেৰে ফুচুলাই লৈ গৈছিল৷

দিল্লীৰ পৰা আহি ফেচবুকৰ জড়িয়তে চিনাকী হোৱা এগৰাকী যুৱকৰ ঘৰত আছিলহি তিনি যুৱক৷  কিশোৰী দুগৰাকীৰ লগতো ফেচবুক বন্ধু আছিল দিল্লীৰ যুৱক কেইগৰাকীৰ৷

উক্ত দিনা ছাত্ৰী দুগৰাকী বিদ্যালয়লৈ আহি ঘৰলৈ ঘূৰি নোযোৱাত অভিভাৱকে ডিফু থানাত দাখিল কৰিছিল এখন  এজাহাৰ৷ তাৰ পাছতেই ডিফু আৰক্ষীৰ তৎপৰতাত বঙাইগাঁও আৰক্ষীয়ে ছাত্ৰী দুগৰাকীক উদ্ধাৰ কৰে৷

লগতে ছাত্ৰী দুগৰাকীক দিল্লীলৈ লৈ যোৱা যুৱক তিনিগৰাকীকো আটক কৰে বঙাইগাঁও আৰক্ষীয়ে৷

অৱশ্যে আটকাধীন তিনি যুৱক নাৰী সৰবৰাহকাৰী চক্ৰৰে জড়িত হয় নে নহয় সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব৷




উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This