যুদ্ধ-বিৰতিৰ মাজতে পুনৰ আক্ৰমণ-প্রত্যাক্ৰমণ, মার্কিন আক্রমণত ধ্বংস দুখন ইৰানী তেলৰ টেংকাৰ

dainik janambhumi May 10, 2026

ডিজিটেল ডেস্ক: যুদ্ধ-বিৰতিৰ মাজতে পুনৰ আক্রমণ-প্রত্যাক্রমণ আৰম্ভ হৈছে ইৰান আৰু আমেৰিকাৰ মাজত। আমেৰিকাৰ পেন্টাগনে প্রকাশ কৰা ভিডিঅ' ফুটেজত শেহতীয়া আক্ৰমণৰ তথ্য প্ৰকাশ পাইছে। 

ভিডিঅ' ফুটেজৰ লগতে পেন্টাগনৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি আমেৰিকাৰ অৱৰোধ অতিক্ৰম কৰাৰ চেষ্টা কৰাৰ সময়তে শুকুৰবাৰে মার্কিন সেনাই ইৰানৰ দুখন তেলৰ টেংকাৰত বোমা আক্রমণেৰে ধ্বংস কৰে। 

আমেৰিকাই অভিযোগ কৰে যে ইৰানে আগনিশা কৰা আক্ৰমণৰ প্ৰতিশোধ স্বৰূপেই মার্কিন সেনাই ইৰানৰ তেলৰ টেংকাৰত বোমা আক্ৰমণ কৰে। যুদ্ধ- বিৰতিৰে দুয়োখন দেশৰ মাজত আলোচনাৰ পৰিৱেশ গঢ়ি উঠাৰ সময়তে এই আক্রমণ-প্রত্যাক্রমণে পৰিস্থিতি পুনৰ অশান্ত কৰি তোলাৰ সম্ভাৱনা আছে।

Share This