মহানগৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; ৩যুৱতীৰ নিহত, ৩যুৱক আহত

Nikimoni Kachari April 26, 2026

ডিজিটেল ডেস্ক: মহানগৰীত নিশা নামিল মৃত্যুৰ কালৰাত্ৰি। দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা গুৱাহাটীত।  তীব্ৰ বেগী বাহনৰ প্ৰচণ্ড খুন্দা ট্ৰাকত। JCBৰে মৃতদেহ উদ্ধাৰ কৰিব লগাকৈ ভয়ংকৰ আছিল এই দুৰ্ঘটনা। মুহূৰ্ততে শেষ তিনিগৰাকী যুৱতীৰ জীৱন। চিকিৎসালয়ত মৃত্যুৰে যুঁজ তিনি যুৱকৰ।

পুৱা প্ৰায় ৪ বাজি ৫ মিনিট। মঠঘৰীয়া গেট হস্পিতালৰ সন্মুখত ৰৈ আছিল এখন TATA 407 ট্ৰাক। চিমেণ্ট নমাই পথৰ দাঁতিতে ৰৈ থকা সেই ট্ৰাকখনেই হ’ল মৃত্যুৰ ফান্দ। গীতানগৰ দিশৰ পৰা আহি থকা এখন তীব্ৰ বেগী মাৰুতি বাহনে প্ৰচণ্ড জোৰত খুন্দিয়াই ট্ৰাকখনক। সেই খুন্দা ইমানেই প্ৰচণ্ড তথা ইমানেই ভয়ংকৰ আছিল যে ঘটনাস্থলীতেই মৃত্যু হয় তিনিগৰাকী যুৱতীৰ। JCB ব্যৱহাৰ কৰি গাড়ী ভাঙি উলিয়াব লগীয়া হৈছিল মৃতদেহ। 

মৃতদেহসমূহ লৈ যোৱা হয় GMCH মৰ্গলৈ। নিহত যুৱতীগৰাকী হ'ল গোৱালপাৰাৰ পূজা সাহা, চৰাইদেউৰ আকাংক্ষা শইকীয়া আৰু বৰপেটাৰ নেহা খান।

আশ্চৰ্যজনকভাৱে বাহনখনৰ চালকজন ঘটনাস্থলীৰ পৰা পলাই যায়। জানিব পৰা মতে Airbag খোল খোৱাৰ বাবে ৰক্ষা পৰে চালকজনৰ প্ৰাণ। আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তীব্ৰ অনুসন্ধান। চালকজনৰ নাম শ্বামিম আহমেদ বুলি জানিব পৰা গৈছে।

ইফালে একে নিশাই মহানগৰীৰ জুৰোডৰ উৰণসেতুত আন এক পথ দুৰ্ঘটনা।সংকটজনক অৱস্থাত চিকিৎসাধীন তিনিজন যুৱক। চিকিৎসালয়ত জীৱন-মৃত্যুৰ যুঁজ। এটা নিশাতে সংঘটিত দুটা ভয়ংকৰ দুৰ্ঘটনাত পুৱাই ৰাজ্যজুৰি চাঞ্চল্য.. পথ সুৰক্ষাৰ ওপৰত উঠিছে প্ৰশ্ন...

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This