ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশৰ নিকলগ নদীত গা ধুবলৈ গৈ সন্ধানহীন জোনাইৰ দুজন যুৱক। ইয়াৰে এজনক মৃত অৱস্থাত উদ্ধাৰ কৰে অৰুণাচল আৰক্ষীয়ে৷ উক্ত ঘটনাৰ বাবে সমগ্ৰ জোনাই অঞ্চলত এতিয়া শোকৰ ছাঁ পৰিছে৷
মৃত অৱস্থাত উদ্ধাৰ হোৱা যুৱকজন মূৰ্কংচেলেক গাঁৱৰ ৰাজ মিৰি জানিব পৰা গৈছে।আনহাতে বৰ্তমানো নিখোজ হৈ আছে কপলং মহমৰা গাঁৱৰ যুৱক ধনৰাজ দলে।
জানিব পৰা মতে, অত্যধিক গৰমৰ বাবে দেওবাৰে দুপৰীয়া তিনি বন্ধুৱে একেলগে অৰুণাচলৰ নিকলগ নদীত গা ধুবলৈ গৈছিল৷ কিন্তু নদীত গা ধুই থকা অৱস্থাত হঠাৎ সন্ধানহীন হয় দুয়োগৰাকী। ঘটনাৰ পিছতে লগত যোৱা বন্ধুজনে নদীৰ বুকুৰ বিভিন্ন ঠাইত অনুসন্ধান চলায় যদিও যুৱকজনৰ কোনো অনুসন্ধান পাবলৈ সক্ষম হোৱা নাছিল। ঘটনাৰ পিছতে অৰুণাচলৰ ৰুকচিন আৰক্ষী আৰু পৰিয়ালক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ নদীৰ বুকুত অনুসন্ধান চলায় এজনক মৃত অৱস্থাত উদ্ধাৰ কৰে যদিও বাতৰি লিখা পৰ্যন্ত
অৰুণাচল আৰক্ষী আৰু SDRF বাহিনীয়ে ধনৰাজ দলেৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।মৃত ছাত্ৰ দুজন জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰ আছিল বুলি জানিব পৰা গৈছে।