পাৰমাণৱিক শক্তিসম্পন্ন ছাবমেৰিনসহ দুখন যুঁজাৰু জাহাজ নৌ সেনাত অন্তর্ভুক্তি

dainik janambhumi April 04, 2026

ডিজিটেল ডেস্ক : প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুকুৰবাৰে বিশাখা পট্টনমত ভাৰতৰ অত্যাধুনিক যুঁজাৰু জাহাজ, 'আই এন এছ তাৰাগিৰি' আনুষ্ঠানিকভাৱে নৌ সেনাত অন্তর্ভুক্ত কৰে। অনুষ্ঠানটোত প্রতিৰক্ষা বিভাগৰ মুৰব্বী (চি ডি এছ) জেনেৰেল অনিল চৌহান, নৌ-সেনাৰ মুৰব্বী এডমিৰেল দীনেশ কুমাৰ ত্রিপাঠীয়েও অংশগ্ৰহণ কৰে। ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত ভাৰতৰ সুৰক্ষা আৰু শক্তি বৃদ্ধিত নৌ সেনাত আই এন এছ তাৰাগিৰিৰ অন্তর্ভুক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিব। 

নতুন যুঁজাৰু জাহাজখনৰ অন্তর্ভুক্তিয়ে ভাৰতীয় নৌ-সেনাৰ যুদ্ধ প্রস্তুতিতো সহায় কৰিব। ইফালে, 'আই-এন-এছ তাৰাগিৰি'ৰ মুকলিৰ পাছতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰতৰ  পাৰমাণৱিক শক্তিসম্পন্ন বেলিষ্টিক মিছাইল ছাবমেৰিন আই এন এছ অৰিধমানো নৌ সেনাত অন্তর্ভুক্ত কৰে। এইখন হৈছে ভাৰতৰ তৃতীয়খন পাৰমাণৱিক শক্তিসম্পন্ন বেলিস্টিক মিছাইল ছাবমেৰিন। 

ইয়াৰ পূৰ্বৰ এই সুবিধাযুক্ত ছাবমেৰিন দুখন হৈছে আই এন এছ অৰিহাণ্ট আৰু আই এন এছ আৰিঘাট। ছাবমেৰিনখন মুকলিৰ পাছতে ৰাজনাথ সিঙে 'এক্স'ত উল্লেখ কৰে যে অৰিধমান কেৱল শব্দ নহয়, ই এটা শক্তি।

Share This