আৰ পি জি নিক্ষেপ, দুয়োেপক্ষৰ গুলীয়াগুলী, আৰক্ষীৰ শিবিৰত আলফা (স্বাঃ)ৰ আক্ৰমণ

dainik janambhumi March 23, 2026

ডিজিটেল ডেস্ক: ৰাজ্যত নির্বাচনক লৈ উখল-মাখল পৰিৱেশ বিৰাজ কৰি থকাৰ মাজতে কালি পুৱতি নিশা অসম-অৰুণাচল সীমান্তৱর্তী জাগুনৰ ১০ মাইলস্থিত অসম আৰক্ষীৰ কামাণ্ডোৰ শিবিৰ ৰক্তাক্ত কৰি তোলে আলফা স্বাধীনে।

পুৱতি নিশা প্রায় ২ বজাত নিষিদ্ধ ঘোষিত সংগঠনটোৰ‌ অতর্কিত আৰ পি জিৰ আক্ৰমণত প্রচণ্ড শব্দৰে গৰজি উঠে শিবিৰটো। সেই সময়ত নিদ্রাত থকা আৰক্ষী বেটেলিয়ানৰ জোৱানৰ শুৱনি কোঠাত এটাৰ পাছত আনটো বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণৰ পাছতে শিবিৰটোত হুৱাদুৱা লাগে। ৰকেটৰ বিস্ফোৰণত শিবিৰটো প্রায় ধ্বংস হোৱাৰ লগতে চাৰিজন বেটেলিয়ান কামাণ্ডো গুৰুতৰভাৱে আহত হয়। শিবিৰৰ ভিতৰত তেজে তুমৰলি হৈ পৰে কামাণ্ডোকেইজন। 

আলফা স্বাধীনৰ এই অতর্কিত আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ যাওঁতে আন কামাণ্ডোসকলে পুনৰ গুলীৰ মুখামুখি হ'বলগীয়া হয়। কেৱল ৰকেট নিক্ষেপ কৰাতে ক্ষান্ত নাথাকি উপর্যুপৰি গুলীবর্ষণ কৰিবলৈ লয় আলফা স্বাধীনৰ ৭জনীয়া দলটোৱে। অত্যাধুনিক মাৰণাস্ত্ৰৰে সুসজ্জিত হৈ অহা দলটোৱে শিবিৰলৈ লক্ষ্য কৰি প্রায় আধা ঘণ্টা সময় গুলীচালনা কৰে। শিবিৰৰ পৰা তেওঁলোকক গুলীৰে প্ৰত্যুত্তৰ দিয়াৰ পাছত আলফাৰ দলটো ম্যানমাৰ দিশে আঁতৰি যায়। এই ভয়ংকৰ আক্ৰমণত আহত হোৱা ৪ গৰাকী কামাণ্ডোক ততাতৈয়াকৈ চিকিৎসাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হয় যদিও পাছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰে। আহতসকলৰ ভিতৰত আছে ক্ৰমে ডিব্ৰুগড়ৰ ৰবি গড, গোৱালপাৰাৰ জিমবুচ মাৰাক, যোৰহাটৰ দেৱাশিস বৰা আৰু চিত্ৰৰঞ্জন মিলি। পূর্ব পৰিকল্পিত এই আক্রমণত আলফাই ৫টা ৰকেট নিক্ষেপ কৰিছিল। তাৰে ৪টা শিবিৰৰ ভিতৰত বিস্ফোৰিত হয়। ইয়াৰে এটা বিস্ফোৰণ নোহোৱাকৈ থাকে। অসম আৰক্ষীক টার্গেট কৰি লৈ আলফা স্বাধীনে তেওঁলোকৰ ম্যানমাৰ শিবিৰৰ ড্ৰ'ন আক্ৰমণৰ পোতক তোলা বুলি জানিব পৰা গৈছে। 

উল্লেখযোগ্য যে বিস্ফোৰণৰ শব্দত সমগ্র অঞ্চলটো কঁপি উঠিছিল। এক সূত্ৰ পৰা জানিব পৰা মতে, আলফাৰ এই কুটাঘাতৰ পৰিকল্পনা ভালেমান দিনৰ আগৰে পৰা কৰা হৈছিল। ম্যানমাৰ শিবিৰৰ পৰা ৫টা ৰকেট অনাৰ লগতে অত্যাধুনিক মাৰণাস্ত্ৰৰে সুজ্জিত ৭জনীয়া দলটো অৰুণাচল পাৰ হৈ সীমান্তৱৰ্তী অসমত থকা শিবিৰত আক্ৰমণৰ বাবে যথেষ্ট সময়ৰ প্ৰয়োজন হৈছিল। সূত্ৰটোৰ মতে, ৭জনীয়া দলটো যোৱা কিছুদিন ধৰি অৰুণাচলৰ অৰণ্যত বাহৰ পাতি আছিল। 

নিৰ্বাচনৰ সময়ত কেউদিশে নিৰাপত্তা বাহিনীয়ে চোকা নজৰ ৰাখি থকাৰ মাজতো উগ্রপন্থী গোটটোৱে কালি নিজৰ শক্তি প্ৰদৰ্শন কৰে। এই ঘটনাৰ পাছতে তিনিচুকীয়া জিলা আৰক্ষী প্রশাসন সস্ত্ৰম হৈ পৰিছে। আৰক্ষীয়ে আসাম ৰাইফলচৰ সৈতে পুৱাৰে পৰা যুটীয়া অভিযানত নামি পৰিছে। অসম-অৰুণাচল সীমাৰ প্ৰায় সকলোতে অভিযান চলোৱা বুলি জানিব পৰা গৈছে। আনহাতে, এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰি আজিৰ কুটাঘাতটো আলফা স্বাধীনে অপাৰেশ্যন বুজনিৰ অধীনত হোৱা বুলি প্রকাশ কৰিছে। আনহাতে, এই ঘটনাৰ বুজ ল'বলৈ আজি নিশা ডিব্ৰুগড়ত উপস্থিতি হয় অসম আৰক্ষীৰ সঞ্চালক প্রধান হৰমীত সিং ।

Share This