ম্যানমাৰলৈ সাহায্যৰ বাবে বিশ্বক আহ্বান ৰাষ্ট্ৰসংঘৰ

dainik janambhumi April 06, 2025

ডিজিটেল ডেস্ক : বিগত সপ্তাহত ম্যানমাৰত সংঘটিত হোৱা ভয়ংকৰ ভূমিকম্পত শনিবাৰে নিহতৰ সংখ্যা ৩৩৫৪জনলৈ বৃদ্ধি পালে। ভূমিকম্পত বিধ্বস্ত ম্যানমাৰক সাহায্য আগবঢ়োৱাৰ বাবে ৰাষ্ট্ৰসংঘই বিশ্বৰ দেশসমূহক আহ্বান জনাইছে। আনহাতে, ইউ এছ এইডৰ বিষয়াসকলে কয় যে এটা মার্কিন সাহায্যকাৰী দল ভূমিকম্প- বিধ্বস্ত অঞ্চলটো গৈ পোৱাৰ পাছতেই তেওঁলোকে চাকৰি হেৰুওৱাৰ খবৰ লাভ কৰে। 

এই লৈ দেশখনত মার্কিন সাহায্যত বাধাই দেখা দিছে। ২৮ মাৰ্চত ম্যানমাৰত হোৱা ভূমিকম্পত ৪,৮৫০জন লোক আহত হৈছে আৰু। এতিয়াও ২২০জন লোক সন্ধানহীন হৈ আছে। 

ইফালে, ম্যানমাৰত হোৱা ভূমিকম্পত সৰ্বাধিক ক্ষতিগ্রস্ত হোৱা মাণ্ডালয়ত ৰাষ্ট্ৰসংঘৰ সাহায্য দলৰ মুৰব্বী টম ফ্লেটছাৰ উপস্থিত হৈ বিধ্বস্ত দেশখনৰ বাবে আন্তঃৰাষ্ট্ৰীয় সাহায্যৰ আহ্বান জনায়। ম্যানমাৰ চুবুৰীয়া দেশ চীন, ভাৰত আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহে দেশখনক সাহায্য সামগ্রী যোগান ধৰাৰ লগতে উদ্ধাৰকাৰী দলো প্রেৰণ কৰিছে।

Share This