মধ্যপ্রাচ্যত পুনৰ যুদ্ধৰ বিভীষিকাৰ আশংকা, আমেৰিকা-ইৰানৰ ইছলামাবাদৰ শান্তি আলোচনাক লৈ অনিশ্চয়তা

dainik janambhumi April 22, 2026

ডিজিটেল ডেস্ক: আমেৰিকা আৰু ইৰানৰ যুদ্ধ-বিৰতিৰ অন্ত পৰিবলৈ মাত্র কেইঘণ্টামান বাকী থকা অৱস্থাত দুয়োপক্ষৰ মাজত ইছলামাবাদত হ'বলগীয়া শান্তি আলোচনাক লৈ অনিশ্চয়তা অব্যাহত আছে। ইয়াৰ লগতে মধ্য প্রাচ্যত পুনৰ গোলা-বাৰুদৰ শব্দত পুনৰ বিভীষিকাৰ সৃষ্টি হোৱাৰ আশংকা বৃদ্ধি পাইছে। 

পাকিস্তানে আলোচনাৰ বাবে ব্যাপক প্রস্তুতি চলোৱাৰ পাছতো দুয়োপক্ষৰ কোনো এজন প্রতিনিধি এই বাতৰি লিখা পৰলৈকে ৰাজধানী ইছলামাবাদত উপস্থিত হোৱা নাই। একাংশ সংবাদ মাধ্যমত প্রকাশ পোৱা মতে আলোচনাৰ বাবে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স ইতিমধ্যে ইছলামাবাদত উপস্থিত হৈছে, কিন্তু এই বাতৰি এই পর্যন্ত নিশ্চিত কৰা নাই। 

ইফালে বাতৰি প্ৰতিষ্ঠান এ পিয়ে এটা বাতৰিত কয় যে ইছলামাবাদত দ্বিতীয় লানি আলোচনাত দুয়োপক্ষই অংশগ্রহণ কৰিব। দুজন উচ্চ পৰ্যায়ৰ বিষয়াৰ উদ্ধৃতি দি বাতৰি প্ৰতিষ্ঠানটোৱে এই বাতৰি প্ৰকাশ কৰে। বিষয়া দুজনে বাতৰি প্ৰতিষ্ঠানটোক জনোৱা মতে, পাকিস্তানৰ নেতৃত্বৰ মধ্যস্থতাকাৰীসকলে এই তথ্য লাভ কৰিছে যে আলোচনাৰ বাবে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি ভেন্স আৰু ইৰানৰ সংসদৰ অধ্যক্ষ মহম্মদ বাগেৰ খালিবাফ আজি পুৱাৰ ভাগত ইছলামাবাদত উপস্থিত হয়। 

উল্লেখযোগ্য যে দুয়োপক্ষৰ মাজৰ যুদ্ধ-বিৰতিৰ ম্যাদ কাইলৈ অন্ত পৰিব। ইয়াৰ মাজতে পাকিস্তানে দিয়া এটা প্রস্তাবে আলোচনাক লৈ আন এক ৰহস্যৰ সৃষ্টি কৰে। পাকিস্তানে দুয়োপক্ষকে যুদ্ধ-বিৰতিৰ ম্যাদ আৰু ১৪ দিন বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়ে। পাকিস্তানৰ বিদেশ মন্ত্রী ইশ্বাক ডাৰে আমেৰিকা আৰু ইৰানক এইবুলি অনুৰোধ জনাই যে তেওঁলোকে যুদ্ধ-বিৰতি আৰু ১৪ দিন বৃদ্ধি কৰাৰ কথা বিবেচনা কৰিব লাগে আৰু কূটনীতি তথা আলোচনাৰ আন এক সুযোগ দিব পাৰে। ইয়াৰ মাজতে পাকিস্তানৰ তথ্য মন্ত্ৰী আটাউল্লা তৰাৰে কয় যে ইছলামাবাদত হ'বলগীয়া আলোচনাত ইৰানে অংশগ্ৰহণ কৰাটো নিশ্চিত কৰাৰ চেষ্টা কৰি থকা হৈছে। তেওঁ কয় যে মধ্যস্থতাকাৰী হিচাপে পাকিস্তানে ইৰানৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে আৰু কূটনীতিৰ দিশত আগবাঢ়ি যোৱাৰ আশা কৰি থকা হৈছে। ইয়াৰ আগতে আমেৰিকাৰ ৱে'বছাইট এক্সিঅ'ছে এটা বাতৰিত প্ৰকাশ কৰে যে উপ-ৰাষ্ট্ৰপতি ভেন্স আলোচনাত অংশগ্ৰহণ কৰাৰ কাৰণে কালি আমেৰিকাৰ পাৰ পাকিস্তান অভিমুখে ৰাওনা হয়। ইয়াৰ বিপৰীতে ইৰানে কয় যে তেওঁলোকৰ কোনো প্রতিনিধি আলোচনাত অংশগ্রহণ কৰাৰ কাৰণে ইছলামাবাদলৈ যোৱা নাই। 

ইৰানৰ চৰকাৰী বাতৰি প্ৰতিষ্ঠানৰ মতে দেশখনৰ কোনো চৰকাৰী বা বেচৰকাৰী প্রতিনিধি ইছলামাবাদলৈ যোৱা নাই। ইৰানে এই কথা স্পষ্ট কৰি দিয়ে যে ভাবুকি দি থকা পৰিস্থিতিত তেওঁলোকে আলোচনা নকৰে। আমেৰিকাই নিজৰ স্থিতি সলনি কৰিলেহে তেওঁলোক আলোচনাত বহিব বুলি ইৰানে কয়। ইফালে ৱাশ্বিংটনত মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে আমেৰিকাই অচিৰেই ইৰানৰ সৈতে এখন গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰিব। বৰ্তমানৰ পৰিস্থিতিত আলোচনাত বহাৰ বাবে ইৰানৰ হাতত আন কোনো বিকল্প নাই বুলি তেওঁ কয়। তেওঁ লগতে এইবুলিও সতৰ্ক কৰি দিয়ে যে যদি চুক্তি নহয় তেতিয়া আমেৰিকাৰ সেনা ইৰানত আক্ৰমণৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ আছে, মাত্র নির্দেশ দিলেই হ'ল। ট্রাম্পে লগতে এই কথাও স্পষ্ট কৰি দিয়ে যে যুদ্ধ-বিৰতিৰ ম্যাদ অধিক বৃদ্ধি কৰা নহ'ব। যুদ্ধ-বিৰতিৰ সময়ত আমেৰিকাই নিজৰ সামৰিক শক্তি বৃদ্ধি কৰা বুলি উল্লেখ কৰি ট্রাম্পে কয়, 'আমাৰ হাতত পর্যাপ্ত পৰিমাণে গোলা-বাৰুদ আছে। আমি বর্তমানে ব্যৱহাৰ কৰিব পৰাকৈ ইয়াক সাজু কৰি ৰাখিছোঁ।'

Share This