ডিজিটেল ডেস্ক: ভাৰতে কালি ১৯ বছৰ অনূর্ধ্বৰ বিশ্ব কাপৰ গ্ৰুপ-এৰ এখন মেচত বাংলাদেশক ১৮ ৰানত পৰাজিত কৰে। বৰ্ষা বিঘ্নিত মেচখনত ভাৰতে প্রথমে বেটিং কৰি বৈভৱ সূৰ্যবংশীৰ ৬৭টা বলত ৭২ ৰান আৰু অভিজ্ঞান কুণ্ডুৰ ৮০ ৰানৰ সহায়ত ৪৮.৪ অভাৰত সকলো উইকেট হেৰুৱাই ২৩৮ ৰান কৰে।
বৰষুণৰ বাবে পলমকৈ খেল আৰম্ভ হয়। পাছত বাংলাদেশৰ ইনিংছত বতৰে পুনৰ বাধাৰ সৃষ্টি কৰাত ডার্ক-লুইচ প্রণালীত বাংলাদেশৰ সন্মুখত জয়ৰ বাবে ২৯ অভাৰত ১৬৫ ৰানৰ লক্ষ্য বান্ধি দিয়া হয়। বাংলাদেশে ২৮.৩ অ'ভাৰত সকলো উইকেট হেৰুৱাই ১৪৬ ৰানহে সংগ্ৰহ কৰে। ভাৰতৰ বিহান মালহোত্রাই চাৰিটা উইকেট লয়।
উল্লেখযোগ্য যে ভাৰতৰ অধিনায়ক আয়ুস মাহাত্রেই কালি টছৰ সময়ত বাংলাদেশৰ সহঃ অধিনায়ক জৱাদ আৱাবৰ সৈতে কৰমৰ্দন নকৰিলে।