ডিজিটেল ডেস্ক : চীনক ছুপাৰ পাৱাৰ হোৱাত ইন্ধন যোগাই চীনৰ চৰকাৰী বেংকবোৰৰ পৰা ঋণ নল'বলৈ আমেৰিকাই বহু বছৰ ধৰি আন দেশক সকীয়নি দি আহিছে। কিন্তু এখন নতুন প্রতিবেদনে হাস্যকৰভাৱে এক বিপৰীত অৱস্থাৰ কথা প্রকাশ কৰিছে। চীনৰ পৰা ঋণ লাভ কৰা দেশৰ ভিতৰত এতিয়ালৈকে সর্বাধিক ঋণ লাভ কৰিছে আমেৰিকাই। ইয়াৰ উপৰি উক্ত ঋণৰ সুৰক্ষা আৰু প্ৰযুক্তিগত দিশত প্ৰভাৱৰ কথা সম্পূর্ণভাৱে এতিয়াও জানিব পৰা হোৱা নাই। চীনৰ চৰকাৰী ঋণদাতা বা বেংকে প্রায় ২৫ বছৰত আমেৰিকাৰ ব্যৱসায়লৈ দিছে ২০০ বিলিয়ন ডলাৰ।
এই ধনৰ গৰিষ্ঠ অংশ লাভ কৰা হৈছে আমেৰিকাৰ চৰকাৰী খণ্ডত, প্রায় ২,৫০০ প্রকল্প আৰু অন্য কাৰ্যকলাপৰ বাবে। অৱশ্যে এই ঋণৰ বহু অংশ গোপনে ৰখা হৈছিল, কাৰণ এই ধন শ্বেল কোম্পানীৰ যোগেদি প্রথমে গৈছিল কেমেন আইলেণ্ড, বার্মুডা, ডেলাৱে'ৰ আৰু অন্য ঠাইলৈ। সেয়ে উক্ত ঋণৰ মূল আন্ধাৰত থকাত সহায় হৈছিল। আমেৰিকাৰ ভার্জিনিয়াৰ উইলিয়াম এণ্ড মেৰী মহাবিদ্যালয়ৰ এক গৱেষণা কেন্দ্র এইডডাটাৰ প্ৰতিবেদনত এই কথা প্রকাশ পাইছে। ইয়াতকৈ চিন্তনীয় কথা হৈছে, এই ঋণৰ বেছিভাগ হৈছে চীনা কোম্পানীক আমেৰিকাৰ ব্যৱসায়ত শ্বেয়াৰ বা অংশ ক্ৰয় কৰিবলৈ দিয়া। এই কোম্পানীসমূহৰ বহুতেই গুৰুত্বপূৰ্ণ প্রযুক্তি আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ সৈতে জড়িত। ইয়াৰ ভিতৰত এটা ৰব'টিক নির্মাণ কোম্পানী, এটা ছেমিকণ্ডাক্টৰ কোম্পানী আৰু এটা বায়'টেক কোম্পানীও আছে। প্রথমতে ভবাতকৈ অধিক বিস্তৃত আৰু জটিল ঋণৰ নেটৱৰ্কৰ কথা প্ৰতিবেদনত প্রকাশ পাইছে।
প্রতিবেদন মতে, বিত্তীয় দায়বদ্ধতাৰ জাল উন্নয়নশীল দেশ চেৰাই ইউ কে (ব্রিটেইন), জার্মানি, অষ্ট্ৰেলিয়া, নেদাৰলেণ্ড আৰু আমেৰিকাৰ আন মিত্র দেশলৈকে বিয়পি পৰিছে। মন কৰিবলগীয়া যে এই ঋণ দিয়া বেংকবোৰ হৈছে চীনৰ কেন্দ্ৰীয় চৰকাৰ আৰু কমিউনিষ্ট পার্টিৰ কেন্দ্ৰীয় বিত্তীয় আয়োগৰ দ্বাৰা নিয়ন্ত্রিত আৰু তেওঁলোকক চীনৰ ৰণকৌশলগত লক্ষ্য আগবঢ়াই নিবলৈ নির্দেশ দিয়া হয়। এইডডাটাৰ প্ৰতিবেদন মতে, চীনে ২০০০ চনৰ পৰা ২০২৩ চনলৈ বিশ্বত ২.২ ট্রিলিয়ন ধন ঋণ দিছে।