ইৰানৰ শাসনতন্ত্ৰ সলনি কৰিব নোৱাৰে আমেৰিকাই

dainik janambhumi March 13, 2026

ডিজিটেল ডেস্ক : আমেৰিকা আৰু ইজৰাইলে ইৰানৰ বিৰুদ্ধে আৰম্ভ কৰা যুদ্ধখনে পষেক গৰকিবৰ হ'ল যদিও ইৰানৰ শাসন ব্যৱস্থা সলনি কৰিব নোৱাৰিলে। ইৰানৰ সৰ্বোচ্চ নেতা খামেনেইক হত্যা কৰাৰ পাছতে দেশখনত আমেৰিকাই নিজৰ আঙুলিৰ ঠাৰত নচুৱাব পৰা এখন চৰকাৰ হোৱাটো বিচাৰিছিল। কিন্তু সেই লক্ষ্যত উপনীত হোৱাত চূড়ান্তভাৱে ব্যর্থ হৈছে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প। তদুপৰি অদূৰ ভৱিষ্যতেও ইৰানৰ শাসনতন্ত্র সলনি হোৱাৰ সম্ভাৱনা নাই। মার্কিন চোৰাংচোৱা সংস্থাই এই তথ্য প্রকাশ কৰিছে। 

চোৰাংচোৱাৰ তথ্য অনুসৰি ইৰানৰ বৰ্তমানৰ শাসন ব্যৱস্থাৰ গাঁথনি অতি গভীৰ আৰু শক্তিশালী। এই শাসন ব্যৱস্থাৰ শিপাডাল অতি গভীৰলৈ বিয়পি আছে আৰু ই আমেৰিকা-ইজৰাইলৰ আক্ৰমণত হঠাতে ভাগি পৰাৰ কোনো নাই। মার্কিন চোৰাংচোৱাৰ কেইবাটাও সূত্ৰৰ তথ্য অনুসৰি ইৰানৰ জনতাৰ ওপৰত দেশখনৰ শাসনতন্ত্ৰৰ সম্পূৰ্ণ নিয়ন্ত্রণ আছে আৰু এই শাসন ব্যৱস্থা ভাগি পৰিব পৰা কোনো সংকট সৃষ্টি হোৱা নাই। উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে ইজৰাইলৰ সহযোগত ছলে-বলে-কৌশলে ইৰানত নিজৰ অধিকাৰ সাব্যস্ত কৰিব বিচাৰিছে। দেশখনৰ ভূ-গর্ভস্থ খাৰুৱা তেলৰ ভাণ্ডাৰ আৰু অন্যান্য বিৰল খনিজ সম্পদৰ ওপৰত আছে ট্রাম্পৰ লোলুপ দৃষ্টি। যাৰ বাবে ইৰানৰ শাসন ব্যবস্থা সলনি কৰাটো আমেৰিকাৰ বাবে অতি প্রয়োজনীয়। আমেৰিকাই ক্ষেপণাস্ত্র আক্রমণ, ভাবুকিৰ উপৰি কুৰ্দিছ বিদ্রোহীকো ইৰানৰ বিৰুদ্ধে প্ৰৰোচিত কৰি আহিছে। কিন্তু তথাপি সফল হ'ব পৰা নাইডনাল্ড ট্রাম্প। 

শেহতীয়াকৈ ইৰানৰ সৰ্বোচ্চ নেতাৰ আসনত বহিল প্রয়াত আয়াতুল্লা আলী খামেনেইৰ পুত্র মোজতাবা খামেনেই। ইও মার্কিন মহলৰ এক বিফলতা বুলিয়ে ক'ব পাৰি। মার্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে ইৰানৰে যুদ্ধ শীঘ্ৰেই সমাপ্ত হ'ব বুলি কৰি অহা ঘোষণাৰ বিপৰীতে দেশখনৰ চোৰাংচোৱাৰ তথ্যই ওলোটা প্রতিচ্ছবিহে দাঙি ধৰিছে। চোৰাংচোৱাৰ তথ্যত প্রকাশ পাইছে যে সর্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইৰ মৃত্যু হ'ল যদিও দেশখনৰ বাকী সকলো নেতাই মুকলিভাৱেই শাসনতন্ত্র পৰিচালনা কৰি গৈছে। যাৰ বাবে ইৰানৰে যুদ্ধত শীঘ্রেই জয়লাভ বা সমাপ্তিৰ কোনো সম্ভাৱনা নাই।

Share This