মিত্র বাহিনীলৈ মার্কিন সামৰিক সাহায্য, মধ্য প্রাচ্যৰ ৰাষ্ট্ৰক ৯ বিলিয়ন ডলাৰৰ অস্ত্ৰ বিক্ৰী কৰিব আমেৰিকাই

dainik janambhumi May 03, 2026

ডিজিটেল ডেস্ক: মধ্য প্রাচ্যত পুনৰ যুদ্ধৰ দামামা বজাই ইৰানত ভয়াৱহ আক্ৰমণৰ বাবে সাজু হৈছে আমেৰিকাসহ মিত্র বাহিনী। ইৰানত আক্ৰমণৰ বাবে মিত্ৰ ৰাষ্ট্ৰসমূহক বৃহৎ পৰিমাণৰ অত্যাধুনিক অস্ত্রও যোগান ধৰিছে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে। 

ইজৰাইল, কাটাৰ, কুৱেইট আৰু সংযুক্ত আৰব আমীৰশ্বাহীক প্রায় ৯ বিলিয়ন ডলাৰৰ অস্ত্র বিক্ৰী কৰিব আমেৰিকাই। মার্কিন বিদেশ মন্ত্র্যালয়ে এই অনুমোদনৰ কথা প্রকাশ কৰিছে। 

উল্লেখযোগ্য যে আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধ-বিৰতি চলি আছে যদিও আলোচনা প্রক্রিয়া আগবঢ়া নাই। আলোচনাৰ বাবে ইৰানে দিয়া চৰ্তসমূহত মার্কিন ৰাষ্ট্ৰপতি ট্রাম্প সন্মত নোহোৱাত পুনৰ যুদ্ধ আৰম্ভ হোৱাৰ সম্ভাৱনাই দেখা দিছে। মিত্র ৰাষ্ট্ৰসমূহৰ সহযোগত যাতে ইৰানত ভয়ংকৰ আক্ৰমণ চলাব পাৰে তাৰ দেশসমূহত অত্যাধুনিক অস্ত্ৰ বিক্ৰী কৰিছে আমেৰিকাই। কাটাৰে অকলেই ক্ৰয় কৰিব অত্যাধুনিক মিছাইল প্ৰতিৰোধ ব্যবস্থা। 

ইফালে মধ্য প্রাচ্যৰ যুদ্ধৰ বাবে ইজৰাইলেও সহায় কৰিছে সংযুক্ত আৰব আমীৰশ্বাহীক (ইউ এ ই)। ইজৰাইলৰ পৰা 'আইৰন বীম' নামৰ লেজাৰযুক্ত এয়াৰ ডিফেন্স ছিষ্টেম লাভ কৰিব ইউ এ ইয়ে। দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা সহযোগিতা আৰু কৌশলগত অংশীদাৰিত্বৰ অংশ হিচাপেই এই 'আইৰন বীম' যোগান ধৰা হৈছে। হ্রস্ব দূৰত্বৰ ৰকেট আৰু ড্র'ন আক্রমণ প্রতিহত কৰাত এই আইৰন বীমে বিশেষ ভূমিকা ল'ব।

Share This