ডিজিটেল ডেস্ক : চীনৰ পৰা ঘূৰি গৈয়ে ইৰানত পুনৰ ভয়াৱহ আক্ৰমণৰ পৰিকল্পনা কৰিছে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে। ইৰানৰ শেহতীয়া শান্তি প্রস্তাৱ প্রত্যাখ্যান কৰা ট্রাম্পে শত্রু ৰাষ্ট্ৰখনৰ ওচৰত পাৰমাণৱিক অস্ত্র থকাটো কোনোপধ্যে মানি লোৱা নহ'ব বুলি প্ৰকাশ কৰিছে। মার্কিন ৰাষ্ট্ৰপতিজনে কয় যে তেওঁৰ চীন ভ্ৰমণৰ সময়তে দুয়োখন দেশে সিদ্ধান্ত গ্রহণ কৰিছে যে ইৰানৰ হাতত পাৰমাণৱিক অস্ত্র থাকিব নোৱাৰিব আৰু লগতে দেশখনে হৰমুজ প্রণালী মুকলি কৰি দিবই লাগিব।
ট্রাম্পৰ এই ঘোষণাৰ পাছতে পেন্টাগনে ইৰান যুদ্ধৰ দ্বিতীয় পৰ্যায় আৰম্ভ কৰাৰ বাবে পূর্ণ প্রস্তুতি চলাইছে। ট্রাম্পৰ সেউজ সংকেত পালেই যুদ্ধ-বিৰতি চুক্তি ভংগ কৰি আমেৰিকাই মধ্য প্রাচ্যৰ ৰাষ্ট্ৰখনত ভয়াৱহ বিমান আক্রমণ আৰম্ভকৰিব। উল্লেখযোগ্য যে দীর্ঘদিনৰ পৰা বেইজিং-তেহৰানৰ মাজত কৌশলগত বন্ধুত্বমূলক সম্পর্ক আছে।
তদুপৰি, হৰমুজ প্রণালীৰে পেট্রলিয়ামজাত সামগ্ৰীৰ জাহাজ পৰিবহণৰ ক্ষেত্ৰত ইৰানৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। কিন্তু মার্কিন ৰাষ্ট্ৰপতিৰে বৈঠকত চীনা ৰাষ্ট্ৰপতি ঝি জিনপিঙে ট্রাম্পৰ কথাতে সমর্থন জনায়। যাৰ ফলত উৎসাহিত হৈ ড'নাল্ড ট্রাম্পে পুনৰ ইৰানত ভয়ংকৰ আঘাত হনাৰ পৰিকল্পনা কৰিছে।