ডিজিটেল ডেস্ক : মধ্য প্রাচ্যৰ পৰিস্থিতি পুনৰ অগ্নিগর্ভ হৈ উঠিছে। প্রায় এমাহ বিৰতিৰ পাছত আমেৰিকা আৰু ইৰানৰ মাজত আক্রমণ-প্রত্যাক্রমণ আৰম্ভ হোৱাত বিশ্বজুৰি এক অনিশ্চয়তাই দেখা দিছে। মঙলবাৰে আমেৰিকাই হৰমুজ প্রণালীত ইৰানৰ ৬০টা লক্ষ্যত ক্ষেপণাস্ত্র আক্রমণ চলায়। এই লক্ষ্যসমূহৰ ভিতৰত ইৰানৰ এয়াৰ ডিফেন্স ব্যৱস্থা, ৰাডাৰ, সামুদ্রিক আন্তঃগাঁথনি, মাইন স্থাপনৰ ব্যৱস্থা আৰু যোগাযোগ ব্যৱস্থাও অন্যতম। মার্কিন সামৰিক বাহিনীয়ে ইৰানৰ যুদ্ধসজ্জাত গুৰুতৰ আঘাত হনাৰ লগতে প্রায় ১৮ নিযুত বেৰল তেল কঢ়িয়াই নিয়া ৪০খন জাহাজক সম্পূর্ণ নিৰাপত্তাৰ মাজেৰে হৰমুজ প্রণালী পাৰ কৰায়। মার্কিন সামৰিক বাহিনীৰ সূত্ৰই এই তথ্য প্রকাশ কৰিছে।
ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা যুদ্ধখনৰ মাজতে এই প্ৰথমবাৰৰ বাবে ৪০খন জাহাজ নিৰাপত্তাৰ মাজেৰে পাৰ কৰাই নিয়া হ'ল। মার্কিন সেনাই মঙলবাৰৰ ভয়াৱহ আক্ৰমণটোত যুঁজাৰু বিমান, নৌ জাহাজৰ জৰিয়তে আৰু মহাকাশ-ভিত্তিক সঁজুলিৰো ব্যৱহাৰ কৰে। বিশ্ব বাণিজ্যত হৰমুজ প্রণালীৰ গুৰুত্ব কিমান সেয়া মঙলবাৰৰ আক্রমণে পুনৰ প্ৰমাণ কৰিলে।
ইফালে, এই যুদ্ধৰ ক্ষেত্ৰত ইৰানো পিছপৰি থকা নাই। তথ্য অনুসৰি আমেৰিকাক সমুচিত প্ৰত্যুত্তৰ দিয়াৰ লক্ষ্যৰে ৰাছিয়াৰ সহযোগত ইৰানে অত্যাধুনিক ছুপাৰছনিক মিছাইল (ক্ষেপণাস্ত্ৰ) নিৰ্মাণ কৰি উলিয়াইছে। ভৱিষ্যতৰ যিকোনো আক্রমণত এই সমৰাষ্ট্ৰই আমেৰিকাৰ যুঁজাৰু জাহাজত আক্ৰমণ চলাব পাৰিব। ছুপাৰছনিক ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ বাবে বন্ধু ৰাষ্ট্ৰ ৰাছিয়াই ইৰানক প্ৰযুক্তিৰ পৰা বিশেষজ্ঞলৈ সকলো দিশৰ পৰা সহায় কৰিছে।