মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ ঘনিষ্ঠ সহযোগীৰ ইংগিত, ভাৰতীয় সামগ্ৰীত ২৫% শুল্ক হ্ৰাস কৰিব আমেৰিকাই

dainik janambhumi January 25, 2026

ডিজিটেল ডেস্ক: ভাৰত আৰু আমেৰিকাৰ মাজত চলি থকা বাণিজ্য চুক্তি আলোচনাৰ মাজতে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ এজন ঘনিষ্ঠ সহযোগীয়ে ভাৰতীয় সামগ্রীত শুল্ক হ্রাস কৰাৰ ইংগিত দিছে। 

আমেৰিকাৰ ট্ৰেজাৰী সচিব স্কট বেছান্তে এটা সাক্ষাৎকাৰৰ সময়ত দাবী কৰে যে ভাৰতে লক্ষণীয়ভাৱে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাটো হ্রাস কৰিছে। সেইবাবে ট্রাম্প প্রশাসনে ভাৰতীয় সামগ্ৰীত পূৰ্বতে আৰোপ কৰা ৫০% শুল্কৰ পৰা ২৫% হ্রাস কৰাৰ বিষয়টো বিবেচনা কৰি আছে। 

বেছান্তে কয় যে ৰাছিয়াৰ তেল ক্ৰয় কৰাৰ বাবেহে ভাৰতৰ বিৰুদ্ধে অতিৰিক্ত শুল্ক আৰোপ কৰা হৈছিল। কিন্তু এতিয়া ভাৰতৰ শোধনাগাৰবোৰে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাটো কমাই দিয়ে আৰু ৰাছিয়াৰ তেল খণ্ড বিধ্বস্ত হৈছে। শুকুৰবাৰে পলিটিক'ক দিয়া এটা সাক্ষাৎকাৰত বেছান্তে কয় যে এয়া আমেৰিকাৰ বাবে এটা সাফল্য। তেওঁ কয় যে ভাৰতীয় সামগ্ৰীত ২৫% শুল্ক হ্রাস কৰাৰ বিষয়টো ট্রাম্পৰ মার্কিন প্রশাসনে বিবেচনা কৰি আছে।

Share This