এশ ঘণ্টাত আমেৰিকাৰ ব্যয় ৩৭০ কোটি ডলাৰ

dainik janambhumi March 07, 2026

ডিজিটেল ডেস্ক : ভেনিজুবেলাৰ দৰে সহজতে ইৰানকো বশ কৰিব পাৰিব বুলি ভাবি মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইৰানৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিছিল। এই ভয়ংকৰ যুদ্ধই সপ্তম দিন অতিক্রম কৰিলে। ইৰানৰ বিৰুদ্ধে আমেৰিকাই চলোৱা 'অপাৰেশ্যন এপিক ফিউৰী'ৰ বিষয় লৈ মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প আৰু প্রতিক্ষা সচিব পীট হেগছেমে ইংগিত দিছে যে এই যুদ্ধ কেইবা সপ্তাহ ধৰি চলিব। আনহাতে, মার্কিন কংগ্ৰেছৰ সদস্য, সংবাদ মাধ্যম আৰু আমেৰিকাবাসীয়ে প্রশ্ন উত্থাপন কৰি আছে যে এই যুদ্ধত আমেৰিকাৰ কিমান খৰচ হৈছে। 

এই ব্যয়ৰ পৰিমাণৰ তথ্য আমেৰিকাৰ বাবে অতিকৈ উদ্বেগজনক। ইৰানৰ সৈতে যুদ্ধত প্রথম ১০০ ঘণ্টাত আমেৰিকাৰ ৩.৭ বিলিয়ন ডলাৰ (৩৭০ কোটি ডলাৰ) ব্যয় হৈছে। আনহাতে, এই ভংয়কৰ যুদ্ধত আমেৰিকাৰ প্ৰতিদিনে ৮৯১.৪ মিলিয়ন ডলাৰ খৰচ হৈ আছে। উল্লেখযোগ্য যে ইৰানৰ সন্তীয়া ড্র'ন আৰু মিছাইলক প্রতিহত কৰিবলৈ মার্কিন ব্যয়বহুল এয়াৰ ডিফেন্স ছিষ্টেম ব্যৱহাৰ কৰিব লগা হৈছে। যাৰ ফলত আমেৰিকাৰ যুদ্ধ ব্যয় অধিক বৃদ্ধি পাইছে। তদুপৰি ভৱিষ্যতে আৰু কেনেদৰে আমেৰিকাই ইৰানৰ প্ৰত্যাক্ৰমণ প্ৰতিৰোধ কৰিব, সেয়াই লক্ষণীয় হৈ পৰিছে। আমেৰিকাৰ এই যুদ্ধ ব্যয়ৰ হিচাপ ভাগ ভাগকৈ মূল্যায়ন কৰিলে দেখা যায় যে প্রথম ১০০ ঘণ্টাত সামৰিক অভিযানত আমেৰিকাৰ ব্যয় হৈছে ১৯৬ মিলিয়ন ডলাৰ। ইয়াৰে ১৭৮ মিলিয়ন ডলাৰ পূৰ্বেই বাজেটত ধাৰ্য কৰা আছিল। 

অস্ত্র-শস্ত্র স্থানান্তৰকৰণত প্রায় ৩.১ মিলিয়ন ডলাৰ খৰচ হৈছে আমেৰিকাৰ। এই ব্যয় কিন্তু বাজেটত পূৰ্ব নিধাৰিত নাছিল। তদুপৰি যুদ্ধৰ সময়ত হোৱা ক্ষতি আৰু ব্যয়ো বাজেটত পূর্বে নির্ধাৰণ কৰা নাছিল আমেৰিকাই। এই বাজেট বহির্ভূত ব্যয়ৰ বাবে দেশখনৰ প্ৰতিৰক্ষা বিভাগে অতিৰিক্ত খৰচৰ বোজা বহন কৰিব লাগিব। আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে ইৰানৰ বিৰুদ্ধে যুদ্ধ ব্যয়ক লৈ প্ৰকাশ কৰা শেহতীয়া তথ্যই আমেৰিকাৰ ভৱিষ্যৎ অর্থনীতিলৈ গুৰুতৰ প্ৰভাৱ আনিব যে সেয়া নিশ্চিত।

Share This