ডিজিটেল ডেস্ক : শুকুৰবাৰে পিছ নিশা ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছৰ বাসিন্দাসকল কঁপি উঠে সঘনে হোৱা প্রচণ্ড বিস্ফোৰণ আৰু তলেদি উৰা হেলিকপ্টাৰৰ শব্দত। তাৰ কেইঘণ্টামানৰ পাছতে স্থানীয় সময়মতে পুৱা ৪-৩০ বজাত সামাজিক মাধ্যম ট্রুথ ছ'চিয়েলত প্রকাশ পায় আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ঘোষণা। দ্বিতীয়বাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পাছত বিশ্বৰ কেইবাখনো যুদ্ধ বন্ধ কৰোৱাৰ দাবী কৰা তথা নোবেল শান্তি বঁটাৰ বাবে উচ্চাকাংক্ষা থকা ড'নাল্ড ট্রাম্পে কয় যে আমেৰিকাই শনিবাৰে পুৱতি নিশা (শুকুৰবাৰে পিছ নিশা) ভেনিজুৱেলাত 'ব্যাপক আক্রমণ' চলায়।
ট্রাম্পে আৰু দাবী কৰে যে আমেৰিকাৰ সেনা বাহিনীয়ে আমেৰিকাৰ আইন বলৱৎকাৰী সংস্থাবোৰৰ সৈতে যুটীয়া অভিযানত ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাড়ুৰো আৰু তেওঁৰ পত্নীক আটক কৰি দেশখনৰ বাহিৰলৈ লৈ যায়। ভেনিজুৱেলাৰ ৰাজধানী মহানগৰত কেইবাটাও বিস্ফোৰণ সংঘটিত হোৱাৰ পাছত মাড়ুৰো চৰকাৰে আমেৰিকাই অসামৰিক আৰু সামৰিক স্থানত আমেৰিকাই আক্ৰমণ কৰা বুলি তৎক্ষণাৎ দোষাৰোপ কৰে। ভেনিজুৱেলাৰ চৰকাৰে ইয়াক 'সাম্রাজ্যবাদী আক্রমণ' বুলি অভিহিত কৰি নাগৰিকসকলক ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান জনায়।
ৰাষ্ট্ৰপতিজনে অভিযোগ কৰে যে দেশখনৰ তেলৰ বাবে আমেৰিকাই এই আক্ৰমণ কৰিছে। আনহাতে সংবাদ মাধ্যমৰ বাতৰি মতে পিছ নিশা ২ মান বজাত সংঘটিত আক্ৰমণৰ পাছতে ৰাষ্ট্ৰপতি মাড়ুৰোৱে ৰাষ্ট্ৰজুৰি জৰুৰী অৱস্থাৰ ঘোষণা কৰে তথা ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পৰিকল্পনা বলৱৎ কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে ভেনিজুৱেলাৰ চৰকাৰক আমেৰিকাই দীর্ঘদিনৰ পৰাই অবৈধ আখ্যা দি আহিছে। তদুপৰি ট্রাম্পে ভেনিজুৱেলাৰ পৰা ড্ৰাগছৰ বেহা, প্ৰব্ৰজন হোৱা বুলি ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দোহাই দি আহিছে।