MENU

আমেৰিকাৰ ভোটাৰে প্ৰমাণ দিব লাগিব নাগৰিকত্বৰ 

dainik janambhumi March 27, 2025

ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰ পতি ড'নাল্ড ট্রাম্পে মঙলবাৰে দেশখনৰ ভোটাৰ সন্দৰ্ভত এক কার্যবাহী আদেশত স্বাক্ষৰ কৰে। এতিয়াৰ পৰা দেশখনৰ ভোটাৰক তেওঁলোক যে আমেৰিকাৰ নাগৰিক সেয়া প্রমাণ কৰাৰ আৰু নিৰ্বাচনৰ দিনটোৰ পাছত লাভ কৰা মেইল ইন বেলট প্রদেশসমূহে গণনা কৰিব নোৱাৰিব। এই আদেশ অনুসৰি নিয়ম পালন নকৰা প্ৰদেশসমূহৰ পৰা চৰকাৰী পুঁজি কৰ্তন কৰা হ'ব। 

ৰাষ্ট্ৰপতি ট্রাম্পে লগতে আমেৰিকাৰ নিৰ্বাচন
ব্যৱস্থাৰ ওপৰত প্ৰশ্ন তোলে আৰু ২০২০ চনৰ নিৰ্বাচনত পৰাস্ত হোৱাৰ আঁৰত ব্যাপক অনিয়ম থকা বুলি অভিযোগ উত্থাপন কৰে। এই আদেশক আইনী প্রত্যাহবান জনোৱাৰ সম্ভাৱনা প্রকাশ পাইছে। লিছা গিলবার্ট নামৰ এজন স্বেচ্ছাসেবী সংগঠনৰ সদস্যই এই আদেশত প্রতিক্রিয়া ব্যক্ত কৰি কয় যে এয়া গণতন্ত্ৰৰ ওপৰত আক্রমণ আৰু এক স্বৈৰাচাৰী ক্ষমতাৰ খেল। 

ৰাষ্ট্ৰপতি ট্রাম্পে তেওঁৰ আদেশত দেশখনৰ নিৰ্বাচনী ব্যৱস্থাক সংস্কাৰ সাধন কৰিবলৈ ভাৰত আৰু ব্রাজিলৰ উদাহৰণ দিয়ে। আদেশটোত কোৱা হয় যে ভাৰত আৰু ব্রাজিলৰ ভোটাৰ চিনাক্তকৰণ কৰিবলৈ বায় 'মেট্রিক তথ্যকোষ সংযুক্ত কৰে। আদেশটোত বেলট পেপাৰ ৰাজহুৱাভাৱে গণনা কৰাৰ বাবে জাৰ্মানি আৰু কানাডাকো প্রশংসা কৰে ৰাষ্ট্ৰপতি ট্রাম্পে।

Share This