ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে চূড়ান্ত অনুমোদন দিবলৈ বাকী আছে যদিও দেশখনৰ সামৰিক বাহিনীয়ে এই সপ্তাহৰ শেষলৈ ইৰানৰ বিৰুদ্ধে আক্রমণ আৰম্ভ কৰিবলৈ প্রস্তুতি চলাইছে। একে সময়তে আমেৰিকাই মধ্যপ্রাচ্যলৈ প্ৰেৰণ কৰিছে যুঁজাৰু বিমান আৰু সহায়কাৰী বিমান। এয়া হৈছে ২০০৩ চনত ইৰাক আক্ৰমণৰ পাছত অঞ্চলটোত আমেৰিকাই মোতায়েন কৰা বৃহত্তম বিমান শক্তি। চি এন এনক কেইবাটাও সূত্রই হোৱাইট হাউছৰ উদ্ধৃতিৰে জনাইছে যে মধ্যপ্রাচ্যত বিমান আৰু নৌ শক্তি মোতায়েনৰ পাছত এই সপ্তাহৰ শেষলৈ আমেৰিকাৰ সামৰিক বাহিনীয়ে ইৰান আক্ৰমণ কৰাৰ সম্ভাৱনা আছে।
অৱশ্যে ট্রাম্পে এতিয়াও চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰা নাই আৰু ব্যক্তিগতভাবে যুদ্ধৰ সপক্ষে-বিপক্ষে দিয়া যুক্তিবোৰ চাইছে তথা উপদেষ্টা আৰু মিত্র দেশবোৰৰ লগত আলোচনা কৰিছে। ইফালে পৰিস্থিতিৰ মূল্যায়ন কৰিবলৈ বুধবাৰে দেশখনৰ জ্যেষ্ঠ ৰাষ্ট্ৰীয় নিৰাপত্তা বিষয়াসকলে হোৱাইট হাউছৰ চিটুৱেশ্যন কমত মিলিত হয়। ইফালে এদিন আগতে জেনেভাত ইৰানৰ সৈতে হোৱা পৰোক্ষ আলোচনাৰ বিষয়ে বিশেষ প্রতিনিধি ষ্টীভ উইটকফ আৰু তেওঁৰ জোঁৱায়েক জাৰেড কুছনেৰে ট্রাম্পক বিস্তৃতভাৱে জনায়। ইৰানৰ সৈতে তিনিঘণ্টা জুৰি হোৱা আলোচনাই কোনো ফল নিদিলে। ইৰানৰ শীৰ্ষ আলোচনাকাৰীয়ে কয় যে 'নির্দেশনাৰ নীতি'ৰ বিষয়ত সম্মত হোৱা বুলি ক'লেও আমেৰিকাৰ বিষয়াসকলে কয় যে মূল বিষয়বোৰ সমাধান নোহোৱাকৈ থাকিল। ২০০৩ চনৰ ইৰাক আক্ৰমণৰ পাছত মধ্যপ্রাচ্যত আমেৰিকাই বৃহত্তম বিমান শক্তি মোতায়েন কৰাৰ সময়তে ট্রাম্পে এলানি সামৰিক বিকল্পৰ কথা প্ৰকাশ কৰিছে বুলি ইতিমধ্যে বাল ষ্ট্ৰীট জার্নেলে বাতৰি প্ৰকাশ কৰিছে। 'কমাণ্ড এণ্ড কন্ট্রল' বিমানৰ সৈতে এফ-৩৫ আৰু এফ-২২কে ধৰি উন্নত যুঁজাৰু বিমানবোৰ নির্দিষ্ট অবস্থানলৈ আগ বাঢ়িছে। ইফালে দ্বিতীয়খন বিমান পৰিৱহণকাৰী জাহাজা ইউ এছ এছ জেৰাল্ড ফ'র্ডো অঞ্চলটোৰ ফালে আগ বাঢ়িছে। অঞ্চলটোত আমেৰিকাৰ নৌ বাহিনীৰ শক্তিও বৃদ্ধি কৰা হৈছে।
মধ্যপ্রাচ্য আৰু পূব ভূমধ্যসাগৰীয় অঞ্চলত কাম চলাই থকা প্রথমখন বিমান পৰিবহণকাৰী জাহাজ ইউ এছ এছ আব্রাহাম লিংকনকে ধৰি উক্ত অঞ্চলত আমেৰিকাৰ ১৩খন যুদ্ধ জাহাজ মোতায়েন হৈ আছে। আমেৰিকাৰ বিষয়াসকলৰ মতে ট্রাম্পৰ আগত দাঙি ধৰা বিকল্পবোৰৰ ভিতৰত আছে ইৰানৰ পাৰমাণৱিক প্রতিষ্ঠানবোৰত সীমিত আক্ৰমণৰ পৰা চৰকাৰ ভঙাৰ উদ্দেশ্যেৰে ইৰানৰ কেইবাজনো নেতাক লক্ষ্য কৰি লোৱা বিস্তৃত আক্রমণ আছে।