ডিজিটেল ডেস্ক : ৰাজ্যৰ শিক্ষক সমাজৰ বিভিন্ন সমস্যাৰাজিৰ সমাধানৰ ক্ষেত্ৰত সততে মাত মাতি অহা অসম হাইস্কুল শিক্ষক সংস্থাৰ এটা প্রতিনিধি দলৰ সৈতে কালি অসম চৰকাৰৰ শিক্ষা বিভাগৰ মাধ্যমিক শিক্ষা সঞ্চালকে আলোচনাত মিলিত হয়।
কালি আবেলি ৪ বজাৰ পৰা মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাইৰ কাৰ্যালয়ত, হাইস্কুল শিক্ষক সংস্থাৰ সভাপতি সুনন্দ কলিতা, উপ-সভাপতি নন্দেশ্বৰ বৰুৱা, সম্পাদক ৰমেন দুৱৰা, পত্রিকা সম্পাদক ৰণজিৎ শইকীয়া, সহকাৰী সম্পাদক ক্রমে ৰাকেশ শৰ্মা, প্রসন্ন বৰুৱা, সত্য তালুকদাৰ, চাণক্য দাস, কার্যালয় সম্পাদক মন্টু তালুকদাৰে অংশগ্ৰহণ কৰা আলোচনাত ২০১৩ চনত প্রাদেশিকীকৰণ হোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খালী হৈ থকা প্রধান শিক্ষকৰ পদসমূহ পূৰণৰ ব্যৱস্থা আৰু উচ্চ/উচ্চতৰ মাধ্যমিক বিদ্যালয় উন্নীতকৰণ কৰা, বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদসমূহ অধ্যক্ষ পদত উন্নীত কৰা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে বুলি সঞ্চালিকাগৰাকীয়ে জানিবলৈ দিয়ে।
আনহাতে, ২০০৫ চনৰ পূৰ্বে নিযুক্তি লাভ কৰা শিক্ষক-কর্মচাৰীসকলক অসম সেৱা বিধি ১৯৬৯ৰ অধীনত পুৰণি পেঞ্চন আঁচনিত অন্তর্ভুক্ত কৰা, একত্রীকৃত বিদ্যালয়ৰ GT/PGT শিক্ষকসকলৰ পদ পদোন্নতি কৰা, বর্তমানেও স্থায়ী প্রধান শিক্ষক নিযুক্তি নোহোৱা জিলাসমূহত পুনৰ প্ৰধান শিক্ষক নিযুক্তি দিয়া আদি বিষয়সমূহ চৰকাৰৰ বিবেচনাধীন হৈ থকা বুলি জনোৱাৰ লগতে সকলো বিদ্যালয়ৰ বিদ্যুৎ বিল লাঘৱ কৰিবলৈ বিভাগীয় আঁচনি গ্রহণ কৰা, শিক্ষা সেতু বদলি ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক উপস্থিতি ওপৰত নিৰ্ভৰ কৰি মধ্যাহ্ন ভোজনৰ পুঁজি যোগান ধৰা, নিয়মীয়াকৈ শিক্ষার্থীক বিনামূলীয়াকৈ পাঠ্যপুথি শিক্ষাবৰ্ষৰ আৰম্ভণিতে প্ৰদান কৰা, মাধ্যমিক পৰ্যায়ৰ যিসমূহ বিদ্যালয়ৰ দুৰ্বল আন্তঃগাঁথনি আছে তাক উন্নয়ন কৰা সন্দৰ্ভত আলোচনা কৰা হয়।