ছিক্সাৰেৰে বৈভৱৰ বিশ্ব অভিলেখ, টি-২০ত ১০২টা ছয়

dainik janambhumi May 12, 2026

ডিজিটেল ডেস্ক: টি-২০ ক্রিকেটত বৈভৱ সূৰ্যবংশীৰ ছিক্সাৰৰ সংখ্যা ১০২। এইবাৰৰ আই পি এলত তেওঁ কোবাইছে ৪০ ছয়। আই পি এলৰ এটা ছিজনত সর্বাধিক ছিক্সাৰৰ ৰেকৰ্ড অভিষেক শৰ্মাৰ নামত আছে। তেওঁ ২০২৪ চনত ৪২ ছিক্সাৰ কোবাইছিল। 

শনিবাৰে আই পি এলত গুজৰাট টাইটানছৰ বিৰুদ্ধে ১৬ বলত ৩৬ ৰানৰ ইনিংছ খেলি বিশ্ব ৰেকৰ্ড প্রতিষ্ঠা কৰে কিশোৰ বেটাৰগৰাকীয়ে। তেওঁৰ দল ৰাজস্থান ৰয়েলছ পৰাজিত হ'লেও বৈভৱে ভংগ কৰে অষ্ট্ৰিয়াৰ কৰণবীৰ সিঙৰ ৰেকৰ্ড। গুজৰাটৰ মহম্মদ ছিৰাজৰ বলত নিজৰ প্ৰথমটো ছয় কোবাই টি-২০ ক্রিকেটত ১০০টা ছিক্সাৰৰ মাইলৰ খুঁটিত উপনীত হয় বৈভৱ। 

১৫ বছৰীয়া বৈভৱে এই অভিলেখ গঢ়িবলৈ খৰচ কৰে ৫১৪টা বল। ইমান কম বল খেলি বিশ্বৰ কোনো ক্রিকেটাৰে ২০ অ'ভাৰৰ ক্ৰিকেটত ছিক্সাৰৰ শতৰান কৰিব পৰা নাই। পূৰ্বৰ বিশ্ব ৰেকৰ্ডটো আছিল অষ্ট্ৰিয়াৰ কৰণবীৰৰ দখলত। তেওঁ টি-২০ ক্রিকেটত ১০০ ছয়ৰ ৰেকৰ্ড গঢ়িবলৈ খেলিছিল ৮১৩টা বল। অর্থাৎ ২৯৯টা বল কমকৈ খেলি কৰণবীৰৰ ৰেকৰ্ড ভাঙি দিয়ে বৈভৱে। টি-২০ ক্রিকেটত দ্রুততম ১০০ ছয় কোবোৱাৰ তালিকাত তৃতীয় স্থানলৈ অৱনমিত হয় কাইৰা পোনার্ড। তেওঁ ৮৪৩টা বলত ১০০ ছয় কৰাৰ ৰেকৰ্ড গঢ়িছিল। 

চতুৰ্থ স্থানত আছে ৰোমাৰিঅ' শ্বেকার্ড (৮৪৫ বল)। ইয়াৰ আগেয়ে সকলোৱে টি-২০ ক্রিকেটত ১০০ ছয় পূৰ কৰিবলৈ কমেও ৮০০ বল খেলিবলগীয়া হৈছিল। ইয়াৰ বিপৰীতে বৈভৱে ৫১৪টা বল খেলিয়েই বিশ্ব অভিলেখ গড়ে। টি-২০ ক্রিকেটত এতিয়া বৈভৱৰ ছিক্সাৰৰ সংখ্যা ১০২। এইবাৰৰ আই পি এলত তেওঁৰ বেটৰ পৰা আহিছে ৪০টা ছয়। আই পি এলত এটা ছিজনত সবাতোকৈ অধিক ছয় কোবোৱাৰ ৰেকৰ্ড অভিষেকৰ নামত আছে। তেওঁ ২০২৪ চনত ৪২টা ছয় মাৰিছিল। বৈভৱে সেই ৰেকৰ্ড এইবাৰৰ আই পি এলত ভংগ কৰিব পাৰে।

Share This