ডিজিটেল ডেস্ক : ক্ষমতাচ্যুত প্রধানমন্ত্রী শ্বেখ হাছিনাৰ বিচাৰৰ ৰায়ৰ দিন ঘোষণা কৰাৰ সময়তে বাংলাদেশ পুনৰ জ্বলি উঠিছে। যোৱা দুদিন ধৰি দেশখনত বোমা বিস্ফোরণ, বাছ-ৰে'ল আৰু চৰকাৰী প্রতিষ্ঠানসমূহত অগ্নিসংযোগৰ ঘটনাই দেশখন পুনৰ উত্তপ্ত কৰি তুলিছে। আন্তঃৰাষ্ট্রীয় অপৰাধ ন্যায়াধিকৰণে কালি গণহত্যা আৰু মানবতাৰ বিৰুদ্ধে অপৰাধৰ গোচৰত অভিযুক্ত শ্বেখ হাছিনাৰ বিচাৰৰ ৰায়ৰ দিন ঘোষণা কৰে।
অহা ১৭ নবেম্ববত শ্বেখ হাছিনাৰ বিচাৰব ৰায় দিয়া হ'ব। আনহাতে, শ্বেখ হাছিনাৰ বিচাৰৰ ৰায় ঘোষণাৰ পূর্বে দেশখনত আৱামী লীগৰ সমর্থকসকল পুনৰ সক্রিয় হৈ উঠিছে। বিশেষকৈ ঢাকা বিশ্ববিদ্যালয়ৰ পৰা সূত্রপাত হোৱা হিংসাত্মক আন্দোলনে দেশখন কঁপাই তুলিছে যোৱা দুদিন ধৰি। বুধবাৰে ঢাকাত প্রতিবাদকাৰীয়ে হিংসাত্মক প্রতিবাদৰ আশ্রয় লৈ কেইবাখনো বাছ জ্বলাই দিয়ে। আনহাতে, ৰাজধানী মহানগৰ ঢাকাৰ লগতে কেইবাখনো চহৰত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হয়।
অন্তৰ্ৱৰ্তী চৰকাৰৰ মুৰব্বী মঃ ইউনুছৰ বিৰুদ্ধে প্রতিবাদকাৰী সকলে তীব্র প্রতিবাদ সাব্যস্ত কৰে। আনহাতে, কালি আৱামী লীগে দেশজুৰি আহ্বান জনোৱা লকডাউনৰ ফলত সমগ্র দেশখনতে যাতায়াত আৰু পৰিবহণ ব্যবস্থা গুৰুতৰভাৱে ব্যাহত হয়। অন্তৰ্ৱৰ্তী চৰকাৰে ইতিমধ্যে ৩০জন আৱামী লীগৰ সমর্থকক গ্রেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে ঢাকাৰ লগতে দেশখনৰ বিভিন্ন ঠাইত হিংসাত্মক প্রতিবাদ অব্যাহত থকাৰ সময়তে ভাৰতত আশ্রয় লৈ থকা ক্ষমতাচাত প্রধানমন্ত্রী শ্বেখ হাছিনাই সাধাৰণ নির্বাচনৰ পূর্বে দেশখনত প্রৱেশ কৰাৰ কৌশল ৰচনা কৰিছে।