ডিজিটেল ডেস্ক : অভিনেতা-ৰাজনীতিক বিজয়ৰ টি ভি কে দলে তামিলনাডুৰ বিধানসভাৰ নিৰ্বাচনত ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ সময়তে আন এটা খবৰেও বিশেষ চর্চা লাভ কৰিছে। ৰাজ্যখনৰ এইবাৰৰ নিৰ্বাচনত অভিনেতা বিজয়ৰ দীর্ঘকালৰ গাড়ীচালক তথা ব্যক্তিগত সহায়ক ৰাজেন্দ্ৰনৰ পুত্ৰইও জয়লাভ কৰিছে।
টি ভি কেৰ হৈ ভিৰুগামবাক্কাম সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা আৰ সবৰীনাথনে ৭৬,০৯২টা ভোেটৰে জয়লাভ কৰে। তেওঁৰ নিকটতম প্রতিদ্বন্দ্বী ডি এম কেৰ প্ৰভাকৰ ৰাজা এ এম ভিক ২৭,০৮৬টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। উল্লেখযোগ্য যে ৩০ বছৰীয়া সবৰীনাথনৰ পিতৃয়ে বিজয়ে ছবিজগতত প্ৰৱেশ কৰাৰ সময়ৰে পৰা গাড়ীচালক হিচাপে আছিল।
বর্তমান তেওঁ গাড়ীচালক পদত নাই যদিও তেওঁৰ পুত্ৰ সবৰীনাথন টি ভি কেৰ সৈতে জড়িত হৈ পৰে। ভিৰুগামবাক্কাম সমষ্টিৰ প্রার্থী হিচাপে এখন সভাত দলৰ সভাপতি বিজয়ে সবৰীনাথনৰ নাম ঘোষণা কৰাৰ দিনটোত প্রার্থীগৰাকী আৱেগিক হৈ কান্দোনত ভাগি পৰিছিল। এই ভিডিঅ'টোৱে সামাজিক মাধ্যমত বিশেষ চর্চা লাভ কৰে।