মছজিদৰ লাউডস্পীকাৰৰ শব্দক লৈ বংগত হিংসাত্মক ঘটনা, আচানচোলত শিলগুটি নিক্ষেপ, থানাত আক্রমণ

dainik janambhumi May 17, 2026

ডিজিটেল ডেস্ক : পশ্চিম বংগৰ আচানচোলত এটা মছজিদৰ লাউডস্পীকাৰৰ তীব্ৰ শব্দক লৈ শুকুৰবাৰে নিশা হিংসাত্মক ঘটনাৰ সূত্রপাত হয়। উন্মত্তজনতাই শিলগুটি নিক্ষেপ কৰাৰ লগতে এখন আৰক্ষী থানাও লণ্ডভণ্ড কৰে। 

স্থানীয় লোকে প্ৰকাশ কৰাৰ মতে, আচানচোলৰ জাহাংগিৰী মহিলা আৰক্ষী থানাৰ তৰফৰ পৰা স্থানীয় এটা মছজিদৰ কর্তৃপক্ষক লাউডস্পীকাৰৰ শব্দ হ্রাস কৰিবলৈ আহ্বান জনোৱা হৈছিল। এটা অভিযোগৰ ভিত্তিত আৰক্ষী থানাখনে এই ব্যৱস্থা লৈছিল। ইয়াৰ পাছতেই স্থানীয় ক্ষোভিত জনতাই আৰক্ষী থানাখনৰ বাহিৰত প্ৰতিবাদ কৰাৰ বাবে সমৱেত হয়। 

প্রতিবাদে ক্ৰমাৎ হিংসাত্মক ৰূপ লয় আৰু উন্মত্ত জনতাই আৰক্ষী থানাখনত লাঠী আৰু শিলগুটি নিক্ষেপ কৰি লণ্ডভণ্ড কৰে। থানাৰ বাহিৰত ৰাখি থোৱা বহুতো যান-বাহনৰো ক্ষতিসাধন কৰে। এই হিংসাত্মক প্রতিবাদৰ পাছতে আৰক্ষীয়ে প্ৰতিবাদকাৰীক ছত্রভংগ দিয়াবলৈ লাঠীচালনা আৰু কন্দুৱা গেছ প্রয়োগ কৰে। চৰকাৰী বিষয়াসকলে প্রকাশ কৰা মতে, বর্তমান অঞ্চলটোৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে।

Share This