ডিজিটেল ডেস্ক: মণিপুৰৰ ট্রংলাবৈ গাঁৱত উগ্রপন্থীৰ আক্ৰমণত দুটা নিৰীহ শিশু নিহত হোৱা ঘটনাক লৈ পুনৰ উত্তপ্ত হৈ পৰিছে অশান্ত ৰাজ্যখন। পূব ইম্মল জিলাত বৃহৎ সংখ্যক জনতাই শুকুৰবাৰে নিশা ৰাজপথলৈ ওলাই আহি প্রতিবাদ সাব্যস্ত কৰে।
পূব ইম্ফলৰ খুৰাই লামলং বজাৰত নিশাৰ প্ৰতিবাদৰ সূচনা হয়। বৃহৎ সংখ্যক ৰাইজে সান্ধ্য আইন নেওচি ৰাজপথত সমৱেত হয়। ইয়াৰ পাছতেই উত্তেজনা বৃদ্ধি পায় আৰু নিৰাপত্তা বাহিনীয়ে প্রতিবাদী জনতাক ছত্রভংগ দিয়াবলৈ কন্দুৱা গেছ প্রয়োগ আৰু শূন্যলৈ গুলীচালনা কৰে। নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত কেইবাগৰাকী প্রতিবাদী আহত হয়।
উল্লেখযোগ্য যে যোৱা ৭ এপ্ৰিলত বিষুষ্ণপুৰ জিলাৰ মৈৰাং টুংলাবৈ গাঁৱত এজন লোকৰ ঘৰত কুকি-জো উগ্রপন্থীয়ে
বোমা আক্ৰমণ কৰি দুটা শিশুক হত্যা কৰাৰ পাছতেই জিলাখনকে ধৰি সমগ্র ইম্ফল উপত্যকাত উত্তেজনা অব্যাহত আছিল। আনহাতে, শনিবাৰে ৰাজ্যখনৰ উখৰুল জিলাত আন হিংসাত্মক ঘটনা সংঘটিত হয়।
সন্দেহযুক্ত কুকি উগ্রপন্থীয়ে টাংখুল নগা সম্প্ৰদায়ৰ লোকক গুলীয়াই হত্যা কৰে। ভুক্তভোগী লোক দুজন দুখন পৃথক বাহনেৰে গৈ থকা অৱস্থাতে শনিবাৰে পুৱা ২০২ নং ৰাষ্ট্ৰীয় ঘাইপথত (ইম্ফল-উখৰুল পথ) টি এম কাছম গাঁৱৰ সমীপত আক্রমণটো সংঘটিত হয়। ইয়াৰ পাছতে আঞ্চলটোত চি আৰ পি এফ আৰু মণিপুৰ আৰক্ষীয়ে নিৰাপত্তা বৃদ্ধি কৰে। ইফালে, শুকুৰবাৰে নিশা এখন টাংখুল নগা লোকৰ গাঁও, চিনাকেইমেইত গোলা-বাৰুদ নিক্ষেপ কৰা হয়। ইয়াক লৈও অঞ্চলটোত উত্তেজনা অব্যাহত আছে।