ডিজিটেল ডেস্কঃ ১৮টা বৰ্ষৰ অন্তত: বিৰাট কোহলীৰ স্বপ্ন পূৰণ। ১৮ বছৰৰ প্ৰতীক্ষাৰ অন্তত RCB ৰ IPL খিতাপ জয়। ৰোমাঞ্চকৰ ফাইনেলত পঞ্জাৱ কিংছক ৬ৰাণত পৰাস্ত কৰিলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে। জয়ী হোৱাৰ পাছতে খেলপথাৰতে দুচকু সেমেকিল কিং কোহলীৰ।
এক দীৰ্ঘদিনীয়া সপোনৰ সফল সমাপ্তিত বিৰাট কোহলীৰ দুচকু হৈ পৰিল চলচলীয়া। ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হোৱাকৈ IPLৰ নতুন চেম্পিয়ন হ'ল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু।
১৮ বছৰৰ অপেক্ষাৰ অন্তত IPLৰ খিতাপ অৰ্জন কৰিলে কোহলী বাহিনীয়ে। ফাইনেলত পঞ্জাৱক ৬ ৰাণত পৰাস্ত কৰে আৰচিবিয়ে। অতি ৰোমাঞ্চকৰ হৈ পৰিছিল IPLৰ এই ফাইনেল মেচখন। RCBৰ বলিং বিক্ৰমত যেন তচনচ হৈ পৰিলে পঞ্জাবৰ বেটিং অৰ্ডাৰ। পঞ্জাব কিংছক ১৯১ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল RCBয়ে ।কিন্তু উক্ত লক্ষ্যত উপনীত হ'ব নোৱাৰিলে পঞ্জাব বাহিনী। তাৰ পিছতেই IPL ৰ ইতিহাসত লিপিবদ্ধ হ'ল RCB ৰ নাম।
আনহাতে IPLত RCB চেম্পিয়ন হোৱাৰ পাছতেই আৱেগিক হৈ পৰে কিং কোহলী। কোহলীৰ দুচকুৰে নিগৰি আহে আনন্দৰ চকুলো। যেন কোহলীৰ জীৱনৰ এয়া এক সৰ্বশ্ৰেষ্ঠ প্ৰাপ্তি। কোহলীয়ে আনন্দতে উচুপি উঠাত কিং কোহলীৰ অনুৰাগীসকলো হৈ পৰে আৱেগবিহ্বল। এই বিজয়ৰ পাছত পত্নী অনুষ্কা শৰ্মাই তেওঁক সাবটি ধৰে আৰু বিৰাটেও অনুষ্কাৰ দুবাহুৰ মাজত সোমাই উচুপি উঠে, এই দৃশ্য এতিয়া ছ'চিয়েল মিডিয়াত হৈ পৰিছে ভাইৰেল। এনেকুৱা জীৱনসংগী থাকিলে সকলোৱে কঠিন প্ৰত্যাহ্বান জয় কৰিব পাৰিব বুলি মন্তব্য কৰিছে বহুজনে।
উৎস প্ৰাগ নিউজ ডিজিটেল