ডিজিটেল ডেস্ক : ভাৰতৰ নিৰ্বাচন আয়োগে দিল্লী আৰু আন ছয়খন ৰাজ্যৰ খচৰা ভোটাৰ তালিকাত নাম অন্তর্ভুক্ত কৰাৰ বাবে আন এটা সুযোগ প্রদান কৰিছে। শুকুৰবাৰে নিৰ্বাচন আয়োগে এই বিষয়ত ঘোষণা কৰি কয় যে ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনী (এছ আই আৰ) প্ৰক্ৰিয়াৰ সময়ত সিসকল ভোটাৰৰ নাম ভুলবশতঃ বাদ পৰিছিল, তেওঁলোকৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
দিল্লীৰ উপৰি মহাৰাষ্ট্ৰ, হাৰিয়ানা, অন্ধ্রপ্রদেশ, ঝাৰখণ্ড, তেলেংগানা আৰু নগালেণ্ডৰ ভোটাৰসকলৰ বাবে এই সুযোগ প্রযোজ্য হ'ব। যিসকল ভোটাৰ অনুপস্থিত, স্থানান্তৰিত, মৃত আৰু নকল বা ডুপ্লিকেট অর্থাৎ চমুকৈ 'এ এছ ডি ডি' শ্রেণীত চিহ্নিত কৰা হৈছিল, তেওঁলোকক এই সুযোগ দিয়া হ'ব।
নির্বাচন আয়োগে সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিছে যাতে তেওঁলোকে এই শ্ৰেণীৰ ভোটাৰসকলক নতুনকৈ গণনা প্ৰ-পত্ৰ প্ৰদান কৰে। বুথ পৰ্যায়ৰ বিষয়াই (বি এল অ') ঘৰে ঘৰে গৈ বা হোৱাটছএপ, এছ এম এছ আৰু ই-মেইলৰ জৰিয়তে ভোটাৰসকলৰ সৈতে যোগাযোগ কৰিব।