ইৰানৰ ক্ষেপণাস্ত্ৰ-ড্ৰ'নৰ শক্তিয়ে চিন্তাত পেলাইছে পেন্টাগনক, দীঘলীয়া হ'ব যুদ্ধ, উদ্বিগ্ন আমেৰিকা

dainik janambhumi March 06, 2026

ডিজিটেল ডেস্ক: ইৰানৰ সৈতে আমেৰিকা আৰু ইজৰাইলৰ যুদ্ধ ১০০ দিনতকৈ অধিক দীঘলীয়া হোৱাৰ আশংকা কৰা হৈছে। এই আশংকা প্ৰকাশ কৰিছে আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগ পেন্টাগনে। 

দীঘলীয়া যুদ্ধই পেলাব পৰা সামৰিক বাহিনী, কৌশলগত আৰু অৰ্থনৈতিৰ প্রভাৱক লৈ উদ্বিগ্ন হৈ পৰিছে আমেৰিকা। বি বি চি আৰু আন কেইটামান বাতৰি প্রতিষ্ঠানে পেণ্টাগনৰ সূত্ৰৰ উদ্ধৃতি দি এই কথা প্রকাশ কৰিছে। পেণ্টাগন বিশেষভাৱে চিন্তিত হৈ পৰিছে মধ্য প্রাচ্যৰ সুস্থিৰতা আৰু বিশ্বত তেলৰ যোগানক লৈ। আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ বিষয়াসকলে এই বুলি কয় যে যদি ইৰানৰ সৈতে প্রত্যক্ষ সামৰিক সংঘর্ষ হয়, তেতিয়া ইৰানৰ ক্ষমতালৈ চাই যুদ্ধ কম সময়ৰ ভিতৰত অন্ত পেলোৱাৰ আশা নাই। 

আনহাতে, এই যুদ্ধ হিজবুল্লাৰ দৰে ইৰান সমর্থিত গোটবোৰে অধিক ব্যাপক কৰি তোলাৰো আশংকা প্রকাশ কৰা হৈছে। পেণ্টগনৰ প্ৰধান চিন্তা হ'ল ইৰানৰ শক্তিশালী ক্ষেপণাস্ত্র আৰু ড্র'ন ক্ষমতাক লৈ। ইয়াৰ লগতে হৰমুজ প্রণালী ইৰানে দীঘলীয়া সময়ৰ বাবে বন্ধ কৰি ৰাখিলে সমগ্র বিশ্বতে খাৰুৱা তেলৰ তীব্র সংকটৰ আশংকাও কৰে পেণ্টাগনে। 

আনহাতে, ইৰানৰ পাৰমাণৱিক কাৰ্যসূচীয়েও আমেৰিকাৰ চিন্তা বৃদ্ধি কৰিছে। ইফালে, পলিটিকোৱে প্রকাশ কৰা এখন প্রতিবেদনত কোৱা হৈছে যে পেণ্টাগনে ইৰানৰ সৈতে এনেকুৱা এখন যুদ্ধৰ প্রস্তুতি চলাই আছে, যিখনে ১০০ দিন অতিক্রম কৰিব পাৰে আৰু ছেপ্টেম্বৰ পর্যন্ত যুদ্ধ চলি থাকিব পাৰে। এনে অৱস্থাত পেণ্টাগনৰ লগতে আমেৰিকাৰ চেণ্ট্ৰল কমাণ্ডো চিন্তিত হৈ পৰিছে। প্রতিবেদনখনত কোৱা হৈছে যে চেণ্ট্ৰল কমাণ্ডে এতিয়া পেণ্টাগনৰ পৰা অধিকসংখ্যক চোৰাংচোৱা বিষয়া বিচাৰিছে যাতে ইৰানৰ সৈতে সামৰিক অভিযানত দীঘলীয়া সময়ৰ বাবে সমর্থন লাভ কৰিব পাৰে। 

উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্রপতি ড'নাল্ড ট্রাম্পে ইৰানৰ সৈতে যুদ্ধ চাৰি সপ্তাহ চলিব বুলি পূর্বতে অনুমান কৰিছিল, কিন্তু এতিয়া পেণ্টাগন আৰু চেণ্ট্ৰল কমাণ্ডে যুদ্ধ অধিক দীঘলীয়া হ'ব বুলি ধৰি লৈছে আৰু তাৰবাবে প্রস্তুতি আৰম্ভ কৰিছে। 

উল্লেখযোগ্য যে সর্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইক হত্যা কৰাৰ পাছত ইৰানে যুদ্ধ বৰ বেছি দিন চলাই নিব নোৱাৰিব বুলি পূর্বতে অনুমান কৰা হৈছিল, কিন্তু খামেনেইৰ হত্যাৰ প্রতিশোধ লোৱাৰ বাবে ইৰানৰ ইছলামিক ৰিভলিউশ্যনেৰী গার্ড ক'ৰে (আই আৰ জি চি) দুগুণ পৰাক্ৰমেৰে আক্ৰমণ কৰি আছে আৰু আক্ৰমণৰ পৰিসৰ সমগ্র মধ্য প্রাচ্যলৈ সম্প্ৰসাৰিত কৰিছে। যুদ্ধ ইৰান আৰু আমেৰিকা ইজৰাইলৰ মাজত হৈছে যদিও যুদ্ধৰ দাবানলে দাহ কৰিছে সমগ্র মধ্য প্রাচ্য। ইৰানে মধ্য প্রাচ্যত থকা আমেৰিকাৰ সামৰিক ঘাটিৰ লগতে আন প্রতিষ্ঠানসমূহ তথা আমেৰিকাৰ মিত্র দেশবোৰত ক্ষেপণাস্ত্র আৰু ড্র'নেৰে অহৰহ আক্রমণ কৰি আছে। 

ইফালে, ইজৰাইলী সেনায়ো ইৰানত ব্যাপক হাৰত বোমাবর্ষণ কৰি ধ্বংসলীলা অব্যাহত বাখিছে। ইজৰাইলী প্রতিৰক্ষা বাহিনীয়ে প্রকাশ কৰা মতে, তেওঁলোকে ইৰানৰ বিভিন্ন স্থানত যোৱা শনিবাৰৰ পৰা বিগত পাঁচ দিনত পাঁচ হাজাৰতকৈ অধিক বোমা তথা গোলাবর্ষণ কৰিছে। ইফালে, ইজৰাইলী সেনাই লেবাননত প্রৱেশ কৰি স্থলভাগৰ পৰা অভিযান আৰম্ভ কৰিছে। লেবাননত থকা ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীয়ে এই কথা প্রকাশ কৰে।

Share This