ডিজিটেল ডেস্ক: কালিৰে পৰা গুৱাহাটীৰ মণিৰাম দেৱান ট্রেড চেণ্টাৰত অনুষ্ঠিত হৈছে পানী আৰু বর্জ্য পানী উদ্যোগক কেন্দ্ৰ কৰি আয়োজন কৰা অন্যতম বৃহৎ প্রদর্শনী 'ৱাটাৰ ইণ্ডিয়া এক্সপ'ৰ ৪৫ সংখ্যক সংস্কৰণ।
অহা ৪ জুনলৈকে তিনিদিনীয়াকৈ আয়োজিত এই এক্সপ'ত দেশৰ বিভিন্ন প্ৰান্তৰৰ পৰা জল উদ্যোগৰ সৈতে জড়িত অংশীদাৰ, প্ৰযুক্তি প্রতিষ্ঠান, উৎপাদক, নীতি-নিৰ্ধাৰক, পৰামৰ্শদাতা আৰু উদ্যোক্তাসকল একত্রিত হৈছে। এই এক্সপ' আয়োজনৰ মূল উদ্দেশ্য হৈছে জলখণ্ডৰ নতুন প্রযুক্তি, উদ্ভাৱন আৰু কাৰ্যকৰী সমাধানসমূহ দাঙি ধৰা। এই 'ৱাটাৰ ইণ্ডিয়া এক্সপ'ত বিভিন্ন উদ্যোগৰ লগতে গুৱাহাটীৰ টৰাছ ইণ্ডাষ্ট্ৰিজে (Taurus Industries) ও অংশগ্রহণ কৰিছে। এক্সপ' সন্দৰ্ভত টৰাছ ইণ্ডাষ্ট্ৰিজৰ স্বত্বাধিকাৰী অভিক শৰ্মাই সাংবাদিকৰ আগত কয়, 'এইটো এটা অত্যন্ত ভাল পদক্ষেপ।
প্ৰথমবাৰৰ বাবে গুৱাহাটীত ৱাটাৰ এক্সপ' হৈছে। আগতে দিল্লী, মুম্বাই, পুনে, বেংগালুৰু আদিত ৱাটাৰ এক্সপ' পাইছিলোঁ।' আনহাতে, প্রায় ৩৩ বছৰ ধৰি টৰাছ ইণ্ডাষ্ট্ৰিজে নর্থ-ইষ্টত পানীৰ ক্ষেত্ৰত দেখা পোৱা বিভিন্ন সমস্যা যেনে আইৰন, আছেনিক, ফ্ল'ৰাইড, টি ডি এছ, হার্ডনেছ আদি সমাধান কৰাৰ ক্ষেত্ৰত প্রতিষ্ঠানটোৱে কাম কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ ৰাজ্যখনৰ উজনি বা নামনি অঞ্চলত থকা টৰাছ ইণ্ডাষ্ট্ৰিজৰ ডিলাৰসমূহৰ জৰিয়তে একেলগে পানীৰ সমস্যাৰ ক্ষেত্ৰত উদ্যোগ গ্রহণ কৰি গ্ৰাহকক উন্নত প্ৰযুক্তিৰ ৱাটাৰ প্লান্ট যোগান ধৰি আহিছে বুলি জানিবলৈ দিয়ে।
'ৱাটাৰ ইণ্ডিয়া এক্সপ'ৰ উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে, এই এক্সপ'ত ১২০টাতকৈও অধিক প্ৰদৰ্শক আৰু ৫ হাজাৰৰো অধিক দর্শনার্থীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। প্রদর্শনীত পানী শোধন, ৰিভাৰ্ছ অছম'ছিছ, পুনৰাৱৰ্তন, ফিল্মেশ্যন, ডিছেলিনেশ্যন, পেকেজড্ খোৱাপানী, ইউ ভি বীজাণুমুক্তকৰণ, মেমব্রেন, ৰাসায়নিক উপাদান আৰু ঘৰুৱা জল শোধন ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন প্রযুক্তি তথা সামগ্রী প্রদর্শন কৰা হৈছে। এক্সপ' চলি থকাৰ সময়তে সামগ্ৰীৰ পোনপটীয়া প্রদর্শনী, উপস্থাপন আৰু নেটৱৰ্কিং সমাৱেশৰো আয়োজন কৰা হ'ব।