ক্ৰমাৎ নিম্নগামী হৈছে মহাবাহুৰ জলস্তৰ 

Dainik Janambhumi November 10, 2026

ডিজিটেল ডেস্ক : 'মহাবাহু ব্রহ্মপুত্র, মহামিলনৰ তীৰ্থ...' এই মহামিলনৰ তীৰ্থ, অসমৰ নৈপৰীয়া সভ্যতালৈ ক্রমান্বয়ে যেন অশনি সংকেত নামি আহিছে। ক্রমাৎ নিম্নগামী হৈছে বুঢ়ালুইতৰ জলস্তৰ। ব্ৰহ্মপুত্ৰৰ বুকুৰ বালিচৰত ঘনে ঘনে লাগি ধৰিছে ইংলেণ্ড, ফ্রান্স, ছুইজাৰলেণ্ড আদি দেশৰ বিদেশী পৰ্যটকৰ জাহাজ। ক্রমান্বয়ে যেন জীপাল পথাৰৰ জীপ কমি আহিছে নৈপৰীয়া ঠাইসমূহত। ইয়াৰ লগে লগে কৃষিজীৱী জনতা, পর্যটনক্ষেত্র সকলোতে লাগিছে হাহাকাৰ। কিয় হঠাৎ জলস্তৰ কমিছে ব্ৰহ্মপুত্ৰৰ? কিয় নদী পর্যটনলৈ অশনি সংকেত নামি আহিছে? এই লৈ উত্থাপন হৈছে বহু প্ৰশ্নৰ। নদীপথেৰে অসমলৈ ফুৰিবলৈ অহা ইংলেণ্ডৰ ডেনিয়েল নামৰ পৰ্যটকগৰাকীয়ে ব্ৰহ্মপুত্ৰৰ বুকুতে লাগি ৰোৱা পৰ্যটকৰ জাহাজখনৰ পৰাই প্রশ্ন কৰিছে- 'নদীখন শুকাই গ'লে কাষৰ ধুনীয়া গাঁওবোৰৰ কি হ'ব? এনেদৰে নদীখন নোহোৱা হ'লে এটা সভ্যতাৰ শেষ নহ'বনে?' এয়া যেন নৈৰ পাৰৰ খাটি খোৱা মানুহৰো চিন্তা। এই সময়তে পুনৰ চৰ্চালৈ আহিছে ৰঙা চীনে ব্ৰহ্মপুত্ৰৰ পানী নিজ দেশলৈ বোৱাই নিয়াৰ প্ৰচেষ্টাৰ প্ৰসংগ। চীনত গোপনে নদীবান্ধ নিৰ্মাণৰ প্ৰসংগ। বিগত দুটা বৰ্ষৰ পৰা খৰালি কালৰ এই সময়ছোৱাত হঠাতে হ্রাস পাবলৈ ধৰিছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। তৰাং হৈ প্রয়োজনতকৈ অধিক বালিচৰ পৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত। ব্ৰহ্মপুত্ৰৰ বালিত লাগি ধৰে ইখনৰ পাছত সিখনকৈ সৰু-বৰ জাহাজ। এই সময়ত ব্ৰহ্মপুত্ৰৰ জলন্তৰ কমাক লৈ বিভিন্ন পক্ষই ভিন্ন মত দাঙি ধৰিছে। 

ব্ৰহ্মপুত্ৰৰ পানী হঠাৎ কমি যোৱাত পৰিৱেশৰ ওপৰত যথেষ্ট প্রভাৱ পৰাৰ লগতে নদীপথৰ যাতায়াত ব্যৱস্থাত অসুবিধা আহি পৰিছে। ব্ৰহ্মপুত্ৰৰ বুকুৰ বালিত জাহাজ লাগি ধৰাত সংকটৰ সন্মুখীন হৈছে নদী পর্যটন। নদী পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা ব্ৰহ্মপুত্ৰৰ বুকুৱেদি জাহাজেৰে বহু দেশী-বিদেশী পর্যটক আহে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে উজনি অসমৰ পৰ্যটন স্থলীসমূহ দৰ্শন কৰিবলৈ। কলিয়াবৰৰ ঐতিহাসিক শিলঘাট জাহাজ ঘাটত বাহৰ পাতি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু কলিয়াবৰৰ বিভিন্ন স্থান ভ্রমণ কৰিবলৈ অহা পর্যটক কঢ়িয়াই অনা জাহাজ পানীৰ গভীৰতা কমাৰ বাবেই এতিয়া কাষ চপাব নোৱাৰা এক পৰিস্থিতিৰ সৃষ্টি হৈছে। ফলত মাজ ব্ৰহ্মপুত্ৰৰ পৰা সৰু মটৰ বোটেৰে পাৰলৈ অনা-নিয়া কৰিব লগা হৈছে পর্যটকসকলক। কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ভূপেন শর্মাই এই প্রসংগত কয়, কলিয়াবৰৰ শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ জলভাগত যথেষ্ট পৰিমাণে শিহু থকাৰ লগতে আন আন জলচৰ জীৱ প্ৰচুৰ পৰিমাণে আছে। এতিয়া ব্ৰহ্মপুত্ৰৰ এনে তৰাং অৱস্থাই এইসমূহ জীৱকুলৰ প্ৰাণৰ প্ৰতি শংকা কঢ়িয়াই আনিছে। এই দিশত চৰকাৰে শীঘ্ৰেই ব্যৱস্থা গ্রহণ কৰা উচিত।' 

উল্লেখযোগ্য যে মহাবাহু ব্ৰহ্মপুত্ৰ হৈছে ভাৰত তথা অসমৰ এক প্রধান নদী। নদীখন লুইত, বুঢ়ালুইত, বৰলুইত, চিৰিলুইত, লৌহিত্য আদি বহু নামেৰে পৰিচিত। অসমৰ কৃষ্টি-সংস্কৃতি- সভ্যতাৰ সৈতে ব্ৰহ্মহ্মপুত্র নদ অংগাংগীভাৱে জড়িত। সাধাৰণতে এখন ঠাইৰ সভ্যতা সদায় নদীকেন্দ্রিক। এতিয়া অসমীয়াৰ প্ৰাণৰ ব্ৰহ্মপুত্ৰ, কৃষ্টি-সংস্কৃতিৰ আধাৰ ব্ৰহ্মপুত্ৰৰ এনে জলস্তৰ হ্ৰাসৰ বাতৰিয়ে এতিয়া নৈপৰীয়া জনসাধাৰণক শংকিত কৰি তুলিছে।

Share This