অস্বাভাৱিকভাৱে শুকাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ

Kakali Deka October 24, 2025

ডিজিটেল ডেস্কঃ ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ গৈ আছে মহাবাহু ব্ৰহ্মপুত্র নদী। কাতি মাহৰ আৰম্ভণিতে অস্বাভাৱিকভাৱে শুকাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। 

যাৰ বাবে গুৱাহাটী-উত্তৰ গুৱাহাটী মধ্যমখণ্ড ফেৰী ঘাট অন্য ঠাইলৈ স্থানান্তৰ কৰা হয়। নদীৰ গভীৰতা পূৰ্বৰ তুলনাত যথেষ্ট কমি যোৱাৰ ফলত স্থানান্তৰ কৰিব লগা হৈছে ফেৰী ঘাট। পূর্বে অক্টোবৰ মাহত নদীৰ গভীৰতা ৪০ মিটাৰ পৰ্যন্ত থাকে যদিও বৰ্তমান নদীৰ গভীৰতা ১৩-১৫ মিটাৰ মানহে আছে। যদি এনেদৰে নদীৰ জলপৃষ্ঠ হ্রাস পায় তেন্তে অতি শীঘ্ৰে বন্ধ হ'ব গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা।

Share This