মহম্মদ ইউনুছৰ চৰকাৰত পদত্যাগৰ জোৱাৰ

dainik janambhumi December 26, 2025

ডিজিটেল ডেস্ক : বাংলাদেশত ভাৰত আৰু হিন্দু-বিৰোধী হিংসাত্মক ঘটনা হৈ থকাৰ মাজতে দেশখনত ব্যাপক পৰিসৰত ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হৈছে। বাংলাদেশত বর্তমান শাসনত থকা অন্তৰ্ৱৰ্তী চৰকাৰত পদত্যাগৰ জোৱাৰ উঠিছে। বিশেষকৈ দেশখনত ইনকিলাব মঞ্চৰ ছাত্রনেতা ওছমান হাদীৰ মৃত্যুৰ পাছত অন্তৰ্ৱৰ্তী চৰকাৰখনৰ মুৰব্বী মহম্মদ ইউনুছৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বাংলাদেশৰ নাগৰিক। মহম্মদ ইউনুছৰ নেতৃত্বাধীন অন্তৰ্ৱৰ্তী চৰকাৰখনে বিশাল গণৰোষৰ সন্মুখীন হোৱাৰ পাছত চৰকাৰখনৰ এজন এজনকৈ উপদেষ্টাই পদত্যাগ কৰিবলৈ আৰম্ভ কৰিছে। বুধবাৰে দেশখনৰ গৃহ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ ৰাজ্যিক মন্ত্রী খোদা বক্স চৌধুৰীয়ে পদত্যাগ কৰে। দেশখনৰ ৰাষ্ট্ৰপতিয়েও তেওঁৰ পদত্যাগ-পত্র গ্রহণ কৰে। 

ইছলামিক ধর্মীয় মৌলবাদীৰ হেঁচাতেই এই পদত্যাগ হৈছে বুলি ধাৰণা কৰা হৈছে। ইছলামিক ধর্মীয় মৌলবাদীৰ অন্যতম জিহাদী ছাত্র নেতা হিচাপে পৰিচিত ওছমান হাদীৰ হত্যাৰ পাছত বিশেষকৈ মৌলবাদী ইছলামিক গোটবোৰ সক্ৰিয় হৈ উঠিছিল আৰু ২৪ ঘণ্টাৰ ভিতৰত ওছমানৰ হত্যাকাৰীক কৰায়ত্ত কৰিব নোৱাৰিলে দেশখনৰ গৃহ উপদেষ্টা লেঃ জেনেৰেল (অবঃ) মঃ জাহাংগীৰ আলম চৌধুৰীৰ পদত্যাগৰ দাবী তুলিছিল। গৃহ উপদেষ্টাজনে পদত্যাগ নকৰিলেও তেওঁৰ সহকাৰী উপদেষ্টাজনে পদত্যাগ কৰিবলৈ বাধ্য হ'ল। আনহাতে, বাংলাদেশত সাম্প্রতিক পৰিস্থিতিৰ বাবে দায়িত্ব স্বীকাৰ কৰি ইতিমধ্যে আন তিনিজন অন্তৰ্ৱৰ্তী চৰকাৰৰ উপদেষ্টাই পদত্যাগ কৰিছে। 

ছাত্রনেতা তথা উপদেষ্টা নাহিদ আলম, উপদেষ্টা আছিফ মহম্মদ শ্বোজিব ভূঞা, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ উপদেষ্টা মহফুজ আলমেও ইতিমধ্যে অন্তবর্তী চৰকাৰৰ পৰা পদত্যাগ কৰিছে। ইউনুছৰ অন্তৰ্ৱৰ্তী চৰকাৰক কেৱল ইছলামিক মৌলবাদীয়েই হেঁচা দিয়া নাই, পূৰ্বৰ শাসনত থকা বি এন পিয়েও মহম্মদ ইউনুছৰ পদত্যাগ দাবী কৰিছে। ৰাজনৈতিকভারে অভিজ্ঞ নোহোৱাৰ বাবেই মহম্মদ ইউনুছৰ অন্তৰ্ৱৰ্তী চৰকাৰৰ দিনত বাংলাদেশত হিংসাত্মক ঘটনা বৃদ্ধি হৈছে বুলি বি এন পিয়ে দাবী কৰিছে।

Share This